গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান কৃষক নেতা ভাৰতৰত্ন চৌধুৰী চৰণ সিং জীলৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
চৌধুৰী চৰণ সিঙৰ জীৱন কৃষি ব্যৱস্থাৰ উত্থান, কৃষক কল্যাণ আৰু সমাজ সেৱাৰ বাবে উৎসর্গীকৃত আছিল
তেওঁ সাহসৰে কৃষক আৰু কৃষিক প্ৰশাসন ব্যৱস্থাৰ কেন্দ্ৰত ৰাখিছিল আৰু জৰুৰীকালীন অৱস্থা তথা স্বৈৰতান্ত্ৰিক শাসন উৎখাত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল
प्रविष्टि तिथि:
23 DEC 2025 11:27AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান কৃষক নেতা আৰু ভাৰতৰত্ন চৌধুৰী চৰণ সিঙক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
'এক্স'ত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান কৃষক নেতা ভাৰতৰত্ন চৌধুৰী চৰণ সিং জীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে চৌধুৰী চৰণ সিঙৰ জীৱন কৃষি ব্যৱস্থাৰ উত্থান, কৃষক কল্যাণ আৰু সমাজ সেৱাৰ বাবে উৎসর্গীকৃত আছিল। শ্ৰী শ্বাহে কয় যে তেওঁ সাহসৰে কৃষক আৰু কৃষিক শাসনৰ কেন্দ্ৰত ৰাখিছিল আৰু জৰুৰীকালীন অৱস্থা তথা একনায়কত্ববাদী শাসন উৎখাত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
***
RK / RR / PS/DD
(रिलीज़ आईडी: 2207766)
आगंतुक पटल : 4