গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ ৰোজগাৰ সহায়কসকলৰ সৈতে মত বিনিময়

প্ৰশাসনিক ব্যয় ৬শতাংশৰ পৰা ৯শতাংশলৈ বৃদ্ধি কৰাৰ বাবে ৰোজগাৰ সহায়কসকলৰ কেন্দ্ৰক ধন্যবাদ

"নিযুক্তি সহায়কসকলৰ প্ৰশাসনিক ব্যয় ৬শতাংশৰ পৰা ৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে; এতিয়া দৰমহা পৰিশোধত কোনো অসুবিধা নহ’ব": শ্ৰী শিৱৰাজ সিং চৌহান

"কৰ্মচাৰীসকলক দৰমহা পৰিশোধত পলম হোৱাটো এটা ডাঙৰ উদ্বিগ্নতাৰ বিষয় আছিল; এতিয়া দৰমহা প্ৰথমে পৰিশোধ কৰা হ’ব, তাৰ পাছত অন্যান্য অত্যাৱশ্যকীয় ব্যয়ৰ ব্যৱস্থা কৰা হ’ব": শ্ৰী শিৱৰাজ সিং চৌহান

১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ নিয়োগৰ আইনী নিশ্চিতি; গাঁৱে স্বয়ং উন্নয়নৰ সিদ্ধান্ত ল'ব": শ্ৰী শিৱৰাজ সিং চৌহান

"ৱিবি-জি ৰেম জি আঁচনি অধিক ব্যৱহাৰিক আৰু ফলপ্ৰসূ কৰা হৈছে; প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে উন্নয়নমূলক কাম-কাজ বাস্তৱত দৃশ্যমান হ’ব লাগিব": শ্ৰী শিৱৰাজ সিং চৌহান

प्रविष्टि तिथि: 22 DEC 2025 6:42PM by PIB Guwahati

বিভিন্ন ৰাজ্যৰ ৰোজগাৰ সহায়কসকলে সোমবাৰে ভূপালত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি প্ৰশাসনিক ব্যয় ৬শতাংশৰ পৰা ৯শতাংশলৈ বৃদ্ধি কৰাৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। নিযুক্তি সহায়ক, পঞ্চায়ত সচিব আৰু কাৰিকৰী কৰ্মচাৰীসকলক সময়মতে দৰমহা প্ৰদানত পলম হোৱাটো এক উদ্বিগ্নতাৰ বিষয় আছিল বুলি উল্লেখ কৰি শ্ৰী শিৱৰাজ সিং চৌহানে এই সন্দৰ্ভত কয় যে ইয়াৰ সমাধানৰ বাবে প্ৰশাসনিক ব্যয় বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

পূৰ্বতে প্ৰশাসনিক ব্যয় ৬ শতাংশ আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে  এই ব্যয় সদ্যহতে এয়া ডেৰ গুণ বৃদ্ধি কৰি ৯ শতাংশলৈ উন্নীত কৰা হৈছে। এই পদক্ষেপৰ প্ৰত্যক্ষ লাভ প্ৰসংগত তেওঁ প্ৰকাশ কৰে যে মুঠ প্ৰস্তাৱিত বাজেট ১,৫১,২৮২ কোটি টকাৰ ভিতৰত, কৰ্মচাৰীসকলৰ দৰমহা আৰু প্ৰশাসনিক প্ৰয়োজনীয়তাৰ বাবে ১৩,০০০ কোটি টকাতকৈও অধিক ধাৰ্য কৰা হ’ব। এই পৰিমাণ কৰ্মচাৰীসকলৰ দৰমহা পৰিশোধৰ বাবে পৰ্যাপ্ত হ’ব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে প্ৰশাসনিক ব্যয়ত কোনো ধৰণৰ অপচয় নোহোৱাটো নিশ্চিত কৰা হ’ব। জীপ, বাহন বা আন অপ্ৰয়োজনীয় শিতানত ব্যয় প্ৰতিৰোধ কৰিবলৈ কঠোৰভাৱে নিৰীক্ষণ কৰা হ’ব বুলি শ্ৰী শিৱৰাজ সিঙে প্ৰকাশ কৰে। ৰোজগাৰ সহায়কসকলে পাৰিতোষিক লাভ কৰাত বিলম্ব হোৱাৰ লগতে কিছু ক্ষেত্ৰত দৰমহা নোপোৱাকৈ থকাৰ দৰে সমস্যাসমূহৰ বিষয়ে সদৰি কৰাৰ পাছত নীতি-নিয়মসমূহ সংশোধন কৰি দৰমহা প্ৰথমে পৰিশোধ কৰাৰ পাছতহে অন্যান্য অত্যাৱশ্যকীয় ব্যয় কৰাটো নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। এই উদ্দেশ্যে ৰাজ্যসমূহৰ সৈতে সমন্বয়ৰে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

 

এম জি এনৰেগাৰ বিপৰীতে এতিয়া ১০০দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ নিয়োগৰ আইনী নিশ্চিতিৰ ব্যৱস্থা কৰা হৈছে বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে সদৰি কৰে। ইয়াৰ সমান্তৰালকৈ কৃষিৰ ক্ষেত্ৰত অতি ব্যস্ততাপূৰ্ণ এই সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি, কৃষকসকলে কৃষি কাৰ্যৰ বাবে শ্ৰমিকৰ অভাৱৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক শস্য সিঁচা তথা চপোৱাৰ সময়ত ৬০ দিনলৈকে শ্ৰমিকসকলক কৃষি কৰ্মত নিয়োজিত কৰাৰ অনুমতি প্ৰদান কৰি জাননী জাৰি কৰাৰ কৰ্তৃত্ব দিয়া হৈছে। পুৰণি ত্ৰুটিসমূহ আঁতৰ কৰি ৱিবি-জি ৰাম জি আঁচনিখন অধিক ব্যৱহাৰিক তথা কাৰ্যকৰী কৰাৰ প্ৰয়াস কৰা হৈছে বুলি শ্ৰী শিৱৰাজ সিং চৌহানে উল্লেখ কৰে। তেওঁ কয়, যে প্ৰশাসনিক ব্যয় বৃদ্ধি কৰি তৃণমূল পৰ্যায়ত কাম কৰা কৰ্মীসকলৰ অসুবিধা হ্ৰাস কৰিবলৈ এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বাৰ্তাই সৰ্বস্তৰৰ কৰ্মীক নিশ্চিতভাৱে স্পৰ্শ কৰা উচিত বুলি ব্যক্ত কৰি শ্ৰী শিৱৰাজ সিঙে নিযুক্তি সহায়কসকলৰ পৰামৰ্শসমূহ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰাৰ পাছত সমগ্ৰ ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে পঞ্চায়ত পৰ্যায়ত কাম কৰা কৰ্মচাৰীসকলে সূচলতাৰে কাম কৰাটো নিশ্চিত কৰাৰ প্ৰয়াস অব্যাহত থাকিব বুলি আশ্বাস দিয়ে।

 

 

 

'বিকশিত ভাৰত-জি ৰাম জি' আঁচনিক ঐতিহাসিক আখ্যা দি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখনে এতিয়া এখন বিধেয়কৰ পৰিসৰ অতিক্ৰম কৰি ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছত আইনত পৰিণত হৈছে। কিছুসংখ্যক লোকে এই আঁচনিখনৰ বিষয়ে বিভ্রান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে বুলি উল্লেখ কৰি শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে  এই সন্দৰ্ভত সত্যটো বুজি পোৱা তথা প্ৰতিখন গাঁৱত সঠিক তথ্য বিয়পি পৰা নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। এম জি এনৰেগাৰ অধীনত পূৰ্বতে ১০০ দিনৰ নিযুক্তিৰ নিশ্চিতি আছিল বুলি সোঁৱৰাই শ্ৰী শিৱৰাজ সিং চৌহানে কয়, যে এই সুবিধা 'বিকশিত ভাৰত ৰোজগাৰ যোজনা' ৰ অধীনত ১২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। এয়া কেৱল দিনৰ সংখ্যা বৃদ্ধি নহয় বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে এই পদক্ষেপৰ জৰিয়তে নিযুক্তিৰ নিশ্চিতি অধিক শক্তিশালী কৰাৰ প্ৰয়াস চলোৱা হৈছে। যদি কোনো কাৰণত নিয়োগৰ সুবিধা প্ৰদান কৰা নহয়, তেন্তে নিবনুৱা ভাত্তাৰ ব্যৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে দৰমহা পৰিশোধৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যদি ১৫ দিনৰ ভিতৰত মজুৰি পৰিশোধ কৰা নহয় তথা ধনৰ পৰিমাণ আদায় দিবলৈ বাকী থাকে, তেন্তে শ্ৰমিকসকলক অতিৰিক্ত ক্ষতিপূৰণ দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। মাহ-মাহ ধৰি মজুৰী আদায় স্থগিত ৰখাটো আৰু গ্ৰহণযোগ্য নহ'ব বুলিও তেওঁ কয়। তেওঁ সময়মতে মজুৰি পৰিশোধ নিশ্চিত কৰা হৈছে বুলি সদৰি কৰে। বৰ্তমানৰ মজুৰিৰ হাৰ অব্যাহত থাকিব বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতি বছৰে মজুৰি বৃদ্ধি পাব।

 

এই আঁচনিৰ অধীনত চাৰি প্ৰকাৰৰ কাম কাজ সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ ভিতৰত প্ৰথমটো শিতানত পুখুৰী, চেক বান্ধ আৰু অন্যান্য উৎস সমূহকে ধৰি পানী সংৰক্ষণ আৰু এই সম্পৰ্কীয় কাম-কাজ অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয় শিতানত বিদ্যালয়, চিকিৎসালয়, অঙ্গনৱাদী কেন্দ্ৰ, পথ, নলা-নৰ্দমা আৰু এই ধৰণৰ অন্যান্য সুবিধাৰ দৰে গাঁৱৰ মৌলিক আন্তঃগাঁথনিৰ কাম-কাজ অন্তৰ্ভুক্ত কৰা হৈছে। জীৱিকা অভিযানৰ সৈতে জড়িত মহিলা তথা এফ পি অ’সমূহৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিও ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব। তৃতীয় শিতানৰ কাম-কাজসমূহ হ’ব নিযুক্তি সম্প্ৰসাৰণত সহায় কৰা জীৱিকা-ভিত্তিক কাৰ্যকলাপ। আনহাতে চতুৰ্থটো শিতানত সুৰক্ষা দেৱাল, নিষ্কাশন ব্যৱস্থা তথা নদী আৰু নৈৰ সৈতে সংযুক্ত গাঁথনিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা সম্পৰ্কীয় কাম-কাজসমূহ অন্তৰ্ভুক্ত কৰা হ’ব।

শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে উন্নয়নমূলক কাম-কাজসমূহ বাস্তৱত দৃশ্যমান হোৱাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী। বিকশিত গ্ৰাম পঞ্চায়ত যোজনাৰ অধীনত সকলো পৰিকল্পনা সামূহিক আলোচনাৰ জৰিয়তে প্ৰস্তুত কৰা হ’ব তথা গাওঁসমূহে স্বয়ং উন্নয়নৰ গতিপথ নিৰ্ণয় কৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001Y9LI.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image002RJCO.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image003P76U.jpg

 

***

PK/KC/MK/DD


(रिलीज़ आईडी: 2207692) आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , Nepali , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam