গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এছিয়ান যুৱ পেৰা গেমছ, ২০২৫-ত ৩৬ টা সোণ, ২৮ টা ৰূপ আৰু ৩৮ টা ব্ৰঞ্জৰ পদক লাভৰ বাবে ভাৰতীয় যুৱ পেৰা-এথলীটসকলক অভিনন্দন জনায়

খেলুৱৈসকলৰ এই উল্লেখযোগ্য কৃতিত্বই তেওঁলোকৰ নিষ্ঠা, স্থিতিস্থাপকতা আৰু অটল মনোভাৱকে প্ৰতিফলিত কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ক্ৰীড়া প্ৰতিভা আৰু বিশ্ব-মানৰ আন্তঃগাঁথনিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ক্ষীপ্ৰতাৰে আত্মপ্ৰকাশ কৰিছে

মই পেৰা-এথলীটসকলৰ আগন্তুক সকলো প্ৰচেষ্টাত সফলতা কামনা কৰিলো

प्रविष्टि तिथि: 19 DEC 2025 8:33PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এছিয়ান যুৱ পেৰা গেমছ, ২০২৫-ত ৩৬ টা সোণ, ২৮ টা ৰূপ আৰু ৩৮ টা ব্ৰঞ্জৰ পদক লাভৰ বাবে ভাৰতীয় যুৱ পেৰা-এথলীটসকলক অভিনন্দন জনায়।

এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “#AsianYouthParaGames2025-ত ভাৰতীয় যুৱক-যুৱতীসকল জিলিকি উঠিছে! ৩৬ টা সোণ, ২৮ টা ৰূপ আৰু ৩৮ টা ব্ৰঞ্জকে ধৰি ১০২ টা পদক লাভৰ বাবে আমাৰ যুৱ পেৰা-এথলীটসকলক আন্তৰিক অভিনন্দন জনালো। এই উল্লেখযোগ্য কৃতিত্বই তেওঁলোকৰ নিষ্ঠা, স্থিতিস্থাপকতা আৰু অটল মনোভাৱকে প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ক্ৰীড়া প্ৰতিভা আৰু বিশ্ব-মানৰ আন্তঃগাঁথনিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ক্ষীপ্ৰতাৰে আত্মপ্ৰকাশ কৰিছে। মই তেওঁলোকৰ আগন্তুক সকলো প্ৰচেষ্টাত সফলতা কামনা কৰিলো।”

****

RR/PR/PS/SB
 


(रिलीज़ आईडी: 2207311) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Telugu , Kannada , Malayalam