গ্ৰামোন্নয়ণ মন্ত্ৰালয়
ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে বিকশিত ভাৰত—গেৰেণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) (ভিবি—জি ৰাম জি) বিধেয়ক, ২০২৫ত
এই আইনখনে বিধিগত নিয়োগ নিশ্চয়তা ১২৫ দিনলৈ বৃদ্ধি কৰিব
ভৱিষ্যতৰ নেতৃত্ব দিব পঞ্চায়তে –গাঁওসভা আৰু পঞ্চায়তৰ থাকিব পৰিকল্পনা প্ৰস্তুতৰ ক্ষমতা
বিকশিত ভাৰত-জি ৰাম জি -বিকশিত ভাৰত@২০৪৭ ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে
प्रविष्टि तिथि:
21 DEC 2025 4:30PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গ্ৰাম্য নিয়োগ নীতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা বিকশিত ভাৰত—গেৰেণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) (ভিবি—জি ৰাম জি) বিধেয়ক , ২০২৫ত অনুমোদন জনাইছে।
এই আইনখনে গ্ৰাম্য পৰিয়ালসমূহৰ বাবে প্ৰতি বিত্তীয় বৰ্ষত বিধিগত মজুৰিসহ নিয়োগৰ নিশ্চয়তা ১২৫ দিনলৈ বৃদ্ধি কৰিব। আইনখনে সবলীকৰণ, সৰ্বাংগীন বিকাশ, উন্নয়নমূলক পদক্ষেপসমূহৰ অভিসৰণ আদি দিশসমূহক আগবঢ়াই নিব বিচাৰিছে। যাৰ ফলত এখন সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু স্বাৱলম্বী গ্ৰাম্য ভাৰতৰ ভেটি শক্তিশালী কৰি তুলিব পৰা যাব।
ইয়াৰ পূৰ্বে সংসদে ভাৰতৰ গ্ৰাম্য নিয়োগ আৰু উন্নয়নৰ কাঠামোত নিৰ্ণায়ক সংস্কাৰ সাধনৰ লক্ষ্যৰে উত্থাপন কৰা বিকশিত ভাৰত—গেৰেণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) (ভিবি—জি ৰাম জি) বিধেয়ক , ২০২৫ গৃহীত কৰিছিল।
এই আইনখনে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজিএনৰেগা), ২০০৫ৰ ঠাইত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰিব পৰাকৈ আধুনিক বিধিগত কাঠামোৰ সৃষ্টি কৰিছে । আইন খন বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীৰ সৈতেও ৰজিতা খুৱাই প্ৰস্তুত কৰা হৈছে।
সৱলীকৰণ, বৃদ্ধি, অভিসৰণ আৰু পৰিপূৰকতাৰ নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত এই আইনখনে গ্ৰাম্য নিয়োগক এক স্বতন্ত্ৰ কল্যাণমূলক হস্তক্ষেপৰ পৰা উন্নয়নৰ এক সংহত আহিলালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। ই গ্ৰাম্য পৰিয়ালসমূহৰ আয়ৰ সুৰক্ষা নিশ্চিত কৰিব, শাসন ব্যৱস্থা আৰু জবাবদিহিতাক আধুনিকী দৃষ্টিভংগীৰে চোৱাৰ অৱকাশ দিব আৰু বিধিগত মজুৰিসহ নিয়োগক স্থায়ী তথা উৎপাদনশীল গ্ৰাম্য সম্পত্তি সৃষ্টিৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলত এক সমৃদ্ধিশালী আৰু স্থিতিস্থাপক গ্ৰাম্য ভাৰতৰ ভেঁটি স্থাপন কৰা সম্ভৱ হৈ উঠিব।
আইনখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ এনেধৰণৰ-
বৰ্ধিত বিধিগত নিয়োগ নিশ্চয়তা
· এই আইনখনে যিবোৰ পৰিয়ালত প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই হাতেৰে কৰা অদক্ষ (unskilled) কাম কৰিব বিচাৰে , সেইবোৰ পৰিয়ালক প্ৰতিটো বিত্তীয় বৰ্ষত কমেও ১২৫ দিনৰ বিধিগত মজুৰিসহ নিয়োগৰ নিশ্চয়তা প্ৰদান কৰিব (ধাৰা ৫(১))।
· পূৰ্বৰ ১০০ দিনৰ কামৰ লাভৰ সুবিধাৰ সলনি কৰ্মদিনৰ এনে বৃদ্ধিয়ে গ্ৰাম্য পৰিয়ালসমূহৰ বাবে জীৱিকাৰ সুৰক্ষা, কামৰ নিশ্চিতি আৰু আয়ৰ স্থিৰতাক যথেষ্ট শক্তিশালী কৰিব। ইয়াৰ উপৰি এই আইনখনে ৰাষ্ট্ৰীয় উন্নয়নত অধিক ফলপ্ৰসূ তথা অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাবলৈ সক্ষম হ'ব।
কৃষি আৰু গ্ৰাম্য শ্ৰমিকৰ বাবে সুষম ব্যৱস্থা
· বীজ সিঁচা আৰু শস্য চপোৱাৰ সময়ত কৃষি শ্ৰমিকৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ এই আইনখনে ৰাজ্যসমূহক বিত্তীয় বৰ্ষত ষাঠি দিনলৈকে মুঠ কৰ্ম বিৰতিৰ সময়সীমা সন্দৰ্ভত জাননী জাৰি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে(ধাৰা ৬)।
· সম্পূৰ্ণ ১২৫ দিনৰ নিয়োগৰ নিশ্চয়তা অক্ষত থাকিব, বাকী সময়ছোৱাত কৰ্ম বিৰতি প্ৰদান কৰা হ’ব, যাতে কৃষি উৎপাদনশীলতা আৰু শ্ৰমিকৰ সুৰক্ষা উভয়কে সমৰ্থন কৰা মানাংকিত ভাৰসাম্য নিশ্চিত কৰিব পৰা যায়।
সময়মতে মজুৰি আদায় দিয়া
· আইনখনে সাপ্তাহিক ভিত্তিত বা যিকোনো ক্ষেত্ৰতে কাম সম্পূৰ্ণ হোৱাৰ পোন্ধৰ দিনৰ ভিতৰত মজুৰি আদায় দিয়াটো বাধ্যতামূলক কৰিছে (ধাৰা ৫(৩))। নিৰ্দিষ্ট সময়তকৈ পলম হ’লে দ্বিতীয় তফছিলত উল্লেখ কৰা বিধান অনুসৰি বিলম্বৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব, যিয়ে মজুৰিৰ সুৰক্ষাক শক্তিশালী কৰিব আৰু শ্ৰমিকসকলক মজুৰি লাভৰ বিলম্বৰ পৰা ৰক্ষা কৰিব।
উৎপাদনশীল গ্ৰাম্য আন্তঃগাঁথনিৰ সৈতে জড়িত নিয়োগ ব্যৱস্থা
আইনখনৰ অধীনত মজুৰিসহ নিয়োগৰ চাৰিটা অগ্ৰাধিকাৰ বিষয়ভিত্তিক ক্ষেত্ৰত ৰাজহুৱা সম্পদ সৃষ্টিৰ বিষয়ত জোৰ দিয়া হৈছে (ধাৰা ৪(২) তফছিল I ৰ সৈতে ):
১/ জল সুৰক্ষা আৰু পানী সম্পৰ্কীয় কাম
২/ মূল গ্ৰাম্য আন্তঃগাঁথনি
৩/ জীৱিকা সম্পৰ্কীয় আন্তঃগাঁথনি
৪/ প্ৰতিকূল বতৰৰ পৰিঘটনা লাঘৱ কৰিবলৈ কাম কৰা
সকলো কামৰ পৰিকল্পনা তলৰ পৰা ওপৰলৈ বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হয় আৰু সৃষ্টি কৰা সকলো সম্পাদক বিকশিত ভাৰত ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনিৰ সৈতে একত্ৰিত কৰা হয়। যাৰ ফলত ৰাজহুৱা বিনিয়োগৰ অভিসৰণ নিশ্চিত কৰাটো সম্ভৱ হৈ উঠাৰ লগতে খণ্ডিতকৰণ এৰাই চলা আৰু বিভিন্ন স্থানীয় প্ৰয়োজনীয়তাৰ বিষয়ত ভিত্তি কৰি জটিল গ্ৰাম্য আন্তঃগাঁথনিৰ পৰিপূৰক হিচাবে ফলাফলভিত্তিক পৰিকল্পনা কৰাটোও সম্ভৱ হ'ব।
ৰাষ্ট্ৰীয় অভিসৰণৰ সৈতে বিকেন্দ্ৰীকৃত পৰিকল্পনা
· সকলো কামৰ উৎপত্তি বিকশিত গাওঁ পঞ্চায়ত পৰিকল্পনা (ভিজিপিপি)ৰ পৰা হয়, যিবোৰ গাঁও পঞ্চায়ত পৰ্যায়ত অংশগ্ৰহণমূলক প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰস্তুত কৰা হয় আৰু গাঁও সভাৰ দ্বাৰা অনুমোদিত কৰা হয় (ধাৰা ৪(১)–৪(৩)।
· এই পৰিকল্পনাসমূহক পি এম গতি শক্তিকে ধৰি ৰাষ্ট্ৰীয় মঞ্চসমূহৰ সৈতে ডিজিটেলভাবে সংযুক্ত কৰা হৈছে। ফলত বিকেন্দ্ৰীকৃতভাবে সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱ হৈ উঠাৰ লগতে এইক্ষেত্ৰত চৰকাৰৰ অভিসৰণো সক্ষম কৰি তুলিব পৰা গৈছে।
· এই সংহত পৰিকল্পনাৰ কাঠামোৰ অধীনত মন্ত্ৰালয় তথা বিভাগসমূহক অধিক ফলপ্ৰসূভাৱে কামৰ পৰিকল্পনা প্ৰস্তুত আৰু সেইবোৰৰ ৰূপায়ণ কৰা , ৰাজহুৱা সম্পদৰ অপচয় এৰাই চলা আৰু সম্পূৰ্ণ প্ৰাপ্তিভিত্তিক ফলাফলৰ জৰিয়তে উন্নয়নক ত্বৰান্বিত কৰাত বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।
সংস্কাৰ সাধন কৰা বিত্তীয় পৰিকাঠামো
· এই আইনখন কেন্দ্ৰীয়ভাবে পৃষ্ঠপোষকতা কৰা আঁচনি হিচাপে কাৰ্যকৰী কৰা হয়। আইনখনৰ বিধান অনুসৰি ৰাজ্য চৰকাৰসমূহে আইন খনৰ বিষয়ে বিধিগত পদক্ষেপ গ্ৰহণ কৰি ইয়াক কাৰ্যকৰী কৰিব।
· খৰচৰ ভাগ-বতৰাৰ ধৰণ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৬০:৪০ কৰা হৈছে, উত্তৰ-পূব আৰু হিমালয় এলেকাৰ ৰাজ্যৰ বাবে ৯০:১০ আৰু বিধায়িনী দল নথকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ১০০% কেন্দ্ৰীয় পুঁজি আবণ্টন দিয়া হ'ব।
· (ধাৰা ৪(৫) আৰু ২২(৪))ত উল্লেখিত নিয়ম অনুসৰি বস্তুনিষ্ঠ পৰিমাপসমূহৰ ওপৰত ভিত্তি কৰি ৰাজ্যিকভিত্তিক পুঁজি প্ৰদান কৰা হয়। যাৰ ফলত কামৰ ভৱিষ্যত যোগ্যতা, বিত্তীয় অনুশাসন আৰু সুস্থ পৰিকল্পনা কৰিব পৰাটো নিশ্চিত কৰিব পৰা যাব। একে সময়তে নিয়োগ আৰু নিবনুৱা ভাট্টা প্ৰদানৰ বিধিগত প্ৰাপ্যসমূহো সম্পূৰ্ণৰূপে বৰ্তাই ৰখা হৈছে।
প্ৰশাসনিক ক্ষমতা শক্তিশালী কৰা
· প্ৰশাসনিক ব্যয়ৰ সীমা ৬%ৰ পৰা ৯%লৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত কৰ্মচাৰী, প্ৰশিক্ষণ, কাৰিকৰী ক্ষমতা আৰু ক্ষেত্ৰ পৰ্যায়ৰ উন্নতি সাধন কৰাটো সম্ভৱ হৈ উঠিব। লগতে প্ৰতিষ্ঠানসমূহে ফলপ্ৰসূভাৱে ফলাফল প্ৰদান কৰাৰ ক্ষমতাকো শক্তিশালী কৰা হৈছে।
বিকশিত ভাৰত—গেৰেণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) বিধেয়ক, ২০২৫-খন বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কৰা হৈছে। আইনখনে ভাৰতৰ গ্ৰাম্য নিয়োগৰ কাঠামোৰ নবীকৰণ আৰু শক্তিশালীকৰণৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাবে চিহ্নিত হৈছে।
বিধিগত মজুৰি নিয়োগ নিশ্চয়তা প্ৰতি বিত্তীয় বৰ্ষত ১২৫ দিনলৈ বৃদ্ধি কৰি এই আইনখনে বিকেন্দ্ৰীকৃত, অংশগ্ৰহণমূলক শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে নিয়োগৰ দাবীৰ অধিকাৰকো অধিক শক্তিশালী কৰিছে।
ই স্বচ্ছ, নিয়মভিত্তিক পুঁজি, জবাবদিহিতাৰ ব্যৱস্থা, প্ৰযুক্তি-চালিত অন্তৰ্ভুক্তি আৰু অভিসৰণ-চালিত উন্নয়নক একত্ৰিত কৰিছে, যাতে গ্ৰাম্য নিয়োগে কেৱল আয়ৰ সুৰক্ষা প্ৰদান কৰাই নহয়, বহনক্ষম জীৱিকা, স্থিতিস্থাপক সম্পত্তি আৰু দীৰ্ঘম্যাদী গ্ৰাম্য সমৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰে।
নিয়োগৰ নিশ্চয়তা আৰু দাবীৰ অধিকাৰ
এই আইনখনে কৰ্মসংস্থাপনৰ দাবীৰ অধিকাৰ নাকচ কৰা নাই। ইয়াৰ বিপৰীতে ৫(১) ধাৰাত চৰকাৰৰ ওপৰত যোগ্য গ্ৰাম্য পৰিয়ালসমূহক কমেও ১২৫ দিনত মজুৰিসহ নিয়োগ নিশ্চিতি প্ৰদান কৰাৰ স্পষ্ট বিধিগত বাধ্যবাধকতা আৰোপ কৰিছে। কামৰ নিশ্চিত দিনৰ সম্প্ৰসাৰণৰ লগতে জবাবদিহিতা তথা অভিযোগ নিৰাময়ৰ ব্যৱস্থাটোকো শক্তিশালী কৰাৰ কথাই কামৰ অধিকাৰক অধিক শক্তিশালী কৰিছে ।
নীতিভিত্তিক পূঁজি আৰু নিয়োগ ব্যৱস্থা
নীতিগতভাবে কৰা পূঁজি আবণ্টন বাজেট আৰু পুঁজি-প্ৰবাহ ব্যৱস্থাৰ সৈতে জড়িত আৰু ই নিয়োগৰ আইনী প্ৰাপ্যতাক কোনো ধৰণে প্ৰভাৱান্বিত নকৰে। ধাৰা ৪(৫) আৰু ২২(৪)-এ নিয়োগ বা নিবনুৱা ভাট্টা প্ৰদানৰ বিধিগত বাধ্যবাধকতা বজাই ৰাখি নিয়মভিত্তিক, কামৰ ভৱিষ্যতযোগ্য আবণ্টন নিশ্চিত কৰিছে।
বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়তৰ ভূমিকা
এই আইনখনে পৰিকল্পনা বা নিষ্পাদন প্ৰক্ৰিয়াক কেন্দ্ৰীভূত কৰি ৰখা নাই। ধাৰা ১৬ৰ পৰা ১৯লৈকে পঞ্চায়ত, কাৰ্যসূচী বিষয়া আৰু জিলা কৰ্তৃপক্ষক পৰিকল্পনা প্ৰস্তুত, তাৰ ৰূপায়ণ আৰু নিৰীক্ষণৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়তো দৃশ্যমানতা, সমন্বয় আৰু অভিসৰণৰ উদ্দেশ্যে ইয়াক সংহত কৰা হৈছে ।
নিয়োগ আৰু সম্পদ সৃষ্টি
এই আইনখনে ১২৫ দিনৰ বৰ্ধিত বিধিগত জীৱিকাৰ নিশ্চয়তা প্ৰদান কৰিছে। একে সময়তে আইনখনে উৎপাদনশীল, প্ৰযুক্তি নিৰ্ভৰ আৰু জলবায়ু-স্থিতিস্থাপক সম্পদ সৃষ্টি কৰাটো নিশ্চিত কৰিছে। আইন খন নিয়োগ সৃষ্টি তথা সম্পত্তি সৃষ্টিক পাৰস্পৰিকভাৱে শক্তিশালী কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। যিয়ে দীৰ্ঘম্যাদী গ্ৰাম্য বিকাশ আৰু স্থিতিস্থাপকতাক সমৰ্থন কৰে (ধাৰা ৪(২) আৰু তফছিল I)।
প্ৰযুক্তি আৰু অন্তৰ্ভুক্তি
এই আইনৰ অধীনত প্ৰযুক্তিক বাধা হিচাপে নহয়, সক্ষমতা প্ৰদানকাৰী ব্যৱস্থা হিচাপেহে গ্ৰহণ কৰা হৈছে। ২৩ আৰু ২৪ নং ধাৰাত বায়’মেট্ৰিক প্ৰমাণীকৰণ, জিঅ’-টেগিং আৰু বাস্তৱ সময়ৰ ডেচব’ৰ্ডৰ জৰিয়তে প্ৰযুক্তি সক্ষম স্বচ্ছতাৰ দিহা কৰা হৈছে। আনহাতে ২০ নং ধাৰাত গাঁও সভাৰ সামাজিক অডিট শক্তিশালী কৰা হৈছে, যাৰ ফলত সম্প্ৰদায়ৰ তদাৰকী, স্বচ্ছতা আৰু অন্তৰ্ভুক্তি নিশ্চিত কৰা সম্ভৱ হৈছে।
নিবনুৱা ভাট্টা
এই আইনখনে পূৰ্বৰ প্ৰাপ্য লাভ নকৰাৰ বিধানসমূহ আঁতৰাই নিবনুৱা ভাট্টাক অৰ্থপূৰ্ণ বিধিগত সুৰক্ষা হিচাপে পুনৰুজ্জ্বীৱিত কৰিছে। যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিয়োগৰ ব্যৱস্থা কৰা নহয়, তেনে ক্ষেত্ৰত পোন্ধৰ দিনৰ পিছত নিবনুৱা ভাট্টা প্ৰদান কৰিব লাগিব ।
উপসংহাৰ
বিকশিত ভাৰত—গেৰেণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) বিধেয়ক, ২০২৫ গৃহীত হোৱাৰ কথাই ভাৰতৰ গ্ৰাম্য নিয়োগ নিশ্চয়তাৰ এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিফলিত কৰিছে। বিধিগত নিয়োগক ১২৫ দিনলৈ সম্প্ৰসাৰণ কৰি, বিকেন্দ্ৰীকৃত আৰু অংশগ্ৰহণমূলক পৰিকল্পনাক সন্নিৱিষ্ট কৰি, জবাবদিহিতাক শক্তিশালী কৰি, তথা অভিসৰণ আৰু পৰিপূৰকতা ভিত্তিক উন্নয়নক প্ৰতিষ্ঠানিকৰণ কৰি আইনখনে গ্ৰাম্য নিয়োগক সৱলীকৰণ, সৰ্বাংগীন বৃদ্ধি আৰু এক সমৃদ্ধিশালী তথা স্থিতিস্থাপক গ্ৰাম্য ভাৰতৰ সৃষ্টিৰ এক কৌশলগত আহিলা প্ৰদান কৰিছে। যি কথাই বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে।
(रिलीज़ आईडी: 2207210)
आगंतुक पटल : 42
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam