প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে
प्रविष्टि तिथि:
20 DEC 2025 11:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ এক আভাস শ্বেয়াৰ কৰে। ই অসমৰ যোগাযোগ ব্যৱস্থা, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বৈশ্বিক সম্পৰ্কৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
'এক্স'ৰ বিভিন্ন পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ
“আজি গুৱাহাটীত উদ্বোধন হোৱা বিমানবন্দৰৰ টাৰ্মিনেল ভৱনত ভৰি দিয়াৰ লগে লগে উপলব্ধি হয় যে ‘উন্নয়নৰ লগতে ঐতিহ্য’ৰ মন্ত্ৰটো কিমান গুৰুত্বপূৰ্ণ।”
“আজি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উন্নয়ন আৰু পৰ্যটনৰ এক নতুন প্ৰবেশদ্বাৰ হৈ পৰিছে। বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ গংগা বিলাস ক্ৰুজে বিশ্ব ক্ৰুজ পৰ্যটন মানচিত্ৰত উত্তৰ-পূবক প্ৰতিষ্ঠা কৰিছে।”
“অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ পৰা আঁতৰাই ৰাখি কংগ্ৰেছ চৰকাৰে কৰা পাপে দেশৰ নিৰাপত্তাৰ বৃহৎ ক্ষতি কৰিছিল। বিগত ১০-১১ বছৰত আমাৰ প্ৰচেষ্টাই অসমৰ সম্পদ কেৱল ইয়াৰ জনসাধাৰণৰ উপযোগীকৈ ব্যৱহাৰ কৰাটো নিশ্চিত কৰিছে।”
“গুৱাহাটী বিমানবন্দৰত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। তেওঁৰ আদৰ্শপূৰ্ণ জীৱন আৰু অসমৰ প্ৰগতিৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানে অনাগত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব।”
“গুৱাহাটীৰ বাবে আজি এক বিশেষ দিন কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে নতুন টাৰ্মিনেল লাভ কৰিলে। এই নতুন টাৰ্মিনেলটোৱে স্থানীয় অৰ্থনীতিক উন্নীত কৰাৰ লগতে পৰ্যটনক উৎসাহিত কৰিব। প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰকৃতি আৰু বহনক্ষমতাৰ সৈতে সংযোগ স্থাপন কৰাটোও গভীৰভাৱে প্ৰশংসনীয়।”
“এই ব্যতিক্ৰমী আদৰণিৰ বাবে গুৱাহাটীক ধন্যবাদ। এই স্পন্দনশীল চহৰখনত উপস্থিত হৈ সদায় আনন্দিত হওঁ ৷”
MJPS/SR
(रिलीज़ आईडी: 2207139)
आगंतुक पटल : 7