প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিকশিত ভাৰত জি ৰাম জি বিধেয়কৰ বিষয়ত আলোকপাত কৰি লিখা এটা লেখা
प्रविष्टि तिथि:
20 DEC 2025 3:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি বিকশিত ভাৰত জি ৰাম জি বিধেয়কৰ উদ্দেশ্যৰ বিষয়ত আলোকপাত কৰিছে।
নিয়োগৰ নিশ্চয়তা বৃদ্ধি, স্থানীয় পৰিকল্পনা সন্নিৱিষ্ট কৰা, কৃষি উৎপাদনশীলতাৰ সৈতে শ্ৰমিকৰ সুৰক্ষাৰ ভাৰসাম্য ৰক্ষা কৰা , আঁচনিৰ অভিসৰণ, ফ্ৰণ্টলাইন ক্ষমতা শক্তিশালী কৰা আৰু শাসন ব্যৱস্থা আধুনিকীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰাম জি বিধেয়কখনে কেনেদৰে গ্ৰাম্য জীৱিকাৰ ৰূপান্তৰ ঘটোৱাৰ লক্ষ্য স্থিৰ কৰিছে সেই বিষয়ে প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। ইয়াত আৰু উল্লেখ কৰা হৈছে যে বিধেয়কখন সামাজিক সুৰক্ষাৰ পৰা পিছুৱাই যোৱা নহয়, বৰঞ্চ ইয়াৰ নবীকৰণহে।
কেন্দ্ৰীয় মন্ত্ৰীয়ে লিখা লেখাটোৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
“এই আৱশ্যকীয় লেখাটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ চৌহান ব্যাখ্যা কৰিছে যে বিকশিত ভাৰত জি ৰাম জি বিলৰ লক্ষ্য হৈছে নিয়োগৰ নিশ্চয়তা বৃদ্ধি, স্থানীয় পৰিকল্পনা সন্নিৱিষ্ট কৰা, কৃষি উৎপাদনশীলতাৰ সৈতে শ্ৰমিকৰ সুৰক্ষাৰ ভাৰসাম্য ৰক্ষা কৰা, আঁচনিসমূহক একত্ৰিত কৰা, ফ্ৰণ্টলাইন ক্ষমতা শক্তিশালী কৰা আৰু শাসন ব্যৱস্থা আধুনিকীকৰণৰ জৰিয়তে গ্ৰাম্য জীৱিকাৰ পৰিৱৰ্তন সাধন কৰা।
তেওঁ আলোকপাত কৰে যে বিধেয়কখন সামাজিক সুৰক্ষাৰ পৰা আঁতৰি যোৱা নহয় — ই ইয়াৰ নবীকৰণহে।”
MJPS/ST/DM
(रिलीज़ आईडी: 2206970)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam