তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বহল সাংস্কৃতিক প্ৰসাৰ আৰু ৰাজহ আহৰণৰ বাবে প্ৰসাৰ ভাৰতীয়ে কন্টেন্ট চিণ্ডিকেচন ফ্ৰেমৱৰ্ক আৰম্ভ কৰিছে

प्रविष्टि तिथि: 17 DEC 2025 3:37PM by PIB Guwahati

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক প্ৰসাৰ আৰু কন্টেন্টক মুদ্ৰাকৰণৰ বাবে কন্টেন্ট চিণ্ডিকেচন পলিচি, ২০২৫ৰ খচৰা প্ৰস্তুত কৰিছে, লগতে নিজৰ জনসেৱাৰ আদেশো ৰক্ষা কৰিছে। জনমতৰ বাবে প্ৰসাৰ ভাৰতীৰ ৱেবছাইটত এই খচৰা ৰখা হৈছে।

সমগ্ৰ সংবাদ মাধ্যমৰ পৰিৱেশ তন্ত্ৰৰ মূল অংশীদাৰসকলৰ সৈতে এক গাঁথনিগত উদ্যোগৰ পৰামৰ্শ কৰা হৈছিল। ইয়াৰ ভিতৰত অ’টিটি প্লেটফৰ্ম, ৰৈখিক টিভি সম্প্ৰচাৰক, ৰেডিঅ’ নেটৱৰ্ক, টেলিকম কেৰিয়াৰ, আইপিটিভি অপাৰেটৰ আৰু কন্টেন্ট এগ্ৰিগেটৰ আদি অন্তৰ্ভুক্ত।

এই নীতিৰ লক্ষ্য হৈছে দূৰদৰ্শন আৰু আকাশবাণীৰ দ্বাৰা প্ৰস্তুত কৰা বিষয়বস্তু, আৰ্কাইভ কৰা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়বস্তু, আৰু লাইভ কভাৰেজ (চৰকাৰী অনুষ্ঠান, উৎসৱ, ক্ৰীড়া আদি) মুদ্ৰাকৰণ কৰা। ইয়াৰ উপৰিও প্ৰসাৰ ভাৰতীৰ অ’টিটি প্লেটফৰ্মত প্ৰকাশিত ডিজিটেল-ফাৰ্ষ্ট কন্টেন্টৰ কথাও বিবেচনা কৰে।

ইয়াৰ উপৰিও, খচৰা নীতিত প্ৰসাৰ ভাৰতীৰ মালিকানাধীন কমিচনপ্ৰাপ্ত, সহ-প্ৰযোজনা, অনুজ্ঞাপত্ৰপ্ৰাপ্ত, আৰু অন্যান্য বিষয়বস্তুৰ মুদ্ৰাকৰণৰ প্ৰস্তাৱ দিয়া হৈছে।

কন্টেন্ট চিণ্ডিকেচন নীতিৰ খচৰাই প্ৰসাৰ ভাৰতীৰ বিষয়বস্তুৰ প্ৰসাৰ আৰু বিশ্বজুৰি ভাৰতৰ সাংস্কৃতিক উপস্থিতি শক্তিশালী কৰাৰ বাবে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সৈতে কৌশলগত সহযোগিতা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে।

ইয়াত নমনীয় অনুজ্ঞাপত্ৰ মডেল যেনে ফ্লেট মাচুল, ৰাজহৰ অংশীদাৰিত্ব, ৰাজহ অংশীদাৰিত্বৰ সৈতে নূন্যতম নিশ্চয়তাৰ ব্যৱস্থা কৰা হৈছে।

এই তথ্য শ্ৰী চেলবাগণপতি টিএমৰ প্ৰশ্নৰ উত্তৰত আজি লোকসভাত দাখিল কৰে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে।

 

******

Mahesh Kumar / Vivek Vishwash/AA


(रिलीज़ आईडी: 2205662) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Tamil , Telugu , Kannada , Malayalam