তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
চিবিএফচিৰ অধিকাৰক্ষেত্ৰৰ বাহিৰতে থাকিব অ’টিটিৰ বিষয়বস্তু; আইটি নিয়মৰ অধীনত তিনিটা স্তৰৰ প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰা হৈছে
प्रविष्टि तिथि:
17 DEC 2025 2:51PM by PIB Guwahati
চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন (চিবিএফচি) হৈছে চিনেমাট’গ্ৰাফ এক্ট, ১৯৫২ৰ অধীনত ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে চিনেমাট’গ্ৰাফিক ছবি পৰীক্ষা আৰু প্ৰমাণীকৰণৰ বাবে স্থাপিত এক বিধিগত কৰ্তৃপক্ষ।
তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ৰ তৃতীয় খণ্ডৰ বিধানৰ অধীনত অ'টিটিৰ বিষয়বস্তু নিয়ন্ত্ৰিত কৰা হয়।
নৈতিকতা সংহিতাই অ’টিটি প্লেটফৰ্মসমূহক আইনে নিষিদ্ধ কৰা বিষয়বস্তু প্ৰকাশৰ পৰা আঁতৰি থাকিবলৈ আৰু নিয়মৰ নিৰ্দেশনা অনুসৰি বিষয়বস্তুৰ বয়সভিত্তিক শ্ৰেণীবিভাজন গ্ৰহণ কৰিবলৈ বাধ্য কৰে।
এই নিয়মসমূহে বিষয়বস্তু সম্পৰ্কীয় নীতি-নিয়মসমূহৰ আনুগত্য নিশ্চিত কৰাৰ বাবে আৰু ৰাজহুৱা অভিযোগসমূহৰ সমাধানৰ বাবে তিনিটা স্তৰৰ প্ৰতিষ্ঠানিক ব্যৱস্থাৰ ৰূপৰেখাও উল্লেখ কৰিছে।
প্ৰথম স্তৰ: প্ৰকাশকৰ দ্বাৰা আত্মনিয়ন্ত্ৰণ
দ্বিতীয় স্তৰ: প্ৰকাশকসকলৰ আত্মনিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ দ্বাৰা আত্মনিয়ন্ত্ৰণ
তৃতীয় স্তৰ: কেন্দ্ৰীয় চৰকাৰৰ তদাৰকী ব্যৱস্থা
আইটি নিয়ম, ২০২১ৰ অধীনত প্ৰদান কৰা প্ৰকাশকসকলৰ দ্বাৰা আত্মনিয়ন্ত্ৰণ অৰ্থাৎ প্ৰতিকাৰ ব্যৱস্থাৰ প্ৰথম স্তৰৰ অধীনত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অ’টিটিৰ বিষয়বস্তুৰ সৈতে জড়িত অভিযোগসমূহ সংশ্লিষ্ট অ’টিটি প্লেটফৰ্মসমূহলৈ যথাযথভাৱে প্ৰেৰণ কৰা হয়।
এই তথ্য ড° এমকে বিষ্ণু প্ৰসাদে সোধা প্ৰশ্নৰ উত্তৰত আজি লোকসভাত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে দাখিল কৰে।
******
Mahesh Kumar / Vivek Vishwash/AA
(रिलीज़ आईडी: 2205661)
आगंतुक पटल : 6