গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক তথা এখনি শক্তিশালী ভাৰতৰ খনিকৰ চৰ্দাৰ বল্লভভাই পেটেললৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
নানা প্ৰতিকূল পৰিস্থিতিৰ মাজতো চৰ্দাৰ পেটেলে খণ্ডিত স্বাধীন ভাৰতক একত্ৰিতকৰণেৰে এখনি শক্তিশালী ৰাষ্ট্ৰৰ ভেটি মজবুত কৰিছিল
দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী হিচাপে চৰ্দাৰ পেটেলে ভাৰত মাতাৰ নিৰাপত্তা, অভ্যন্তৰীণ সুস্থিৰতা আৰু শান্তি প্ৰতিষ্ঠাক জীৱনৰ লক্ষ্য হিচাপে লৈছিল
সমবায় আন্দোলনৰ পুনৰুজ্জীৱনক অনুপ্ৰেৰণা যোগাই নাৰী আৰু কৃষকৰ সবলীকৰণৰ জৰিয়তে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ ভেটি স্থাপন কৰা চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰ প্ৰথম ভাৱনাই আমাক অনুপ্ৰাণিত কৰি থাকিব
प्रविष्टि तिथि:
15 DEC 2025 11:25AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক তথা এখনি শক্তিশালী ভাৰতৰ খনিকৰ চৰ্দাৰ বল্লভভাই পেটেললৈ আজি মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘এক্স’-ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয় যে নানা প্ৰতিকূল পৰিস্থিতিৰ মাজতো চৰ্দাৰ পেটেলে খণ্ডিত স্বাধীন ভাৰতক একত্ৰিতকৰণেৰে এখনি শক্তিশালী ৰাষ্ট্ৰৰ ভেটি মজবুত কৰিছিল। তেওঁ কয় যে দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী হিচাপে চৰ্দাৰ পেটেলে ভাৰত মাতাৰ নিৰাপত্তা, অভ্যন্তৰীণ সুস্থিৰতা আৰু শান্তি প্ৰতিষ্ঠাক জীৱনৰ লক্ষ্য হিচাপে লৈছিল। শ্ৰী শ্বাহে কয় যে সমবায় আন্দোলনৰ পুনৰুজ্জীৱনক অনুপ্ৰেৰণা যোগাই নাৰী আৰু কৃষকৰ সবলীকৰণৰ জৰিয়তে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ ভেটি স্থাপন কৰা চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰ প্ৰথম ভাৱনাই আমাক অনুপ্ৰাণিত কৰি থাকিব।
****
RR / PS/SB
(रिलीज़ आईडी: 2204414)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam