গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিনায়ক দামোদৰ সাভাৰকাৰে ৰচনা কৰা ‘সাগৰ প্ৰাণ তলমলালা’ কবিতাটোৰ ১১৫ বছৰ পূৰ্তি উপলক্ষে শ্ৰী বিজয়পুৰমত আয়োজিত সাংস্কৃতিক কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰে

বীৰ সাভাৰকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে তেওঁৰ মতাদৰ্শক আগুৱাই নিয়া সংগঠন আৰএছএছ-ৰ সৰ সংঘচালক ডাঃ মোহন ভাগৱতে

বীৰ সাভাৰকাৰ জীয়ে স্থাপন কৰা সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ ভেটিয়েই হৈছে প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত আজি দেশখন আগবাঢ়ি যোৱা পথ

বীৰ সাভাৰকাৰ জীৰ ‘সাগৰ প্ৰাণ তলমলালা’ হৈছে দেশপ্ৰেমৰ মনোভাৱৰ সৰ্বোচ্চ প্ৰকাশ

বীৰ সাভাৰকাৰ জীৰ এই প্ৰতিমূৰ্তিয়ে যুৱক-যুৱতীসকলৰ মাজত মাতৃভূমিৰ প্ৰতি কৰ্তব্যবোধ, ৰাষ্ট্ৰীয় ঐক্য আৰু এখনি সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াৰ সংকল্পক দৃঢ় কৰি তুলিব

বীৰ সাভাৰকাৰৰ ভয়ক জয় কৰাৰ সাহস সকলোৰে বাবে প্ৰেৰণাৰ উৎস

বীৰ সাভাৰকাৰ জীৰ অন্তহীন, সাগৰ-সদৃশ ব্যক্তিত্বক গ্ৰন্থ, কবিতা বা চলচ্চিত্ৰ আকাৰে প্ৰতিফলিত কৰাটো কঠিন

আজন্ম দেশপ্ৰেম, সমাজ সংস্কাৰ, লেখন আৰু যোদ্ধা মনোভাৱৰ দৰে গুণেৰে সমৃদ্ধ বীৰ সাভাৰকাৰ জীৰ দৰে ব্যক্তিত্বৰ যুগে-যুগে এবাৰহে জন্ম হয়

হিন্দুত্বৰ প্ৰতি দৃঢ় বিশ্বাসেৰে বদ্ধমূল সাভাৰকাৰ জীৰ জীৱন পৰিক্ৰমা আধুনিকতা আৰু পৰম্পৰাৰ এক অসাধাৰণ সংহতি আছিল

সাভাৰকাৰ জীয়ে হিন্দু সমাজৰ সকলো সামাজিক অশুভ শক্তিৰ বিৰুদ্ধে যুঁজিছিল

সাভাৰকাৰ জীৰ দৰে ভাৰত মাতাৰ সেৱাত আত্ম-ত্যাগৰ আকাংক্ষাৰ অধিকাৰী ব্যক্তিত্ব সঁচাকৈয়ে বিৰল

দুবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পিছতো মাতৃভূমিক মহিমামণ্ডিত কৰিবলৈ সাহিত্য সৃষ্টি কৰা সাভাৰকাৰ জীৰ দৰে দেশপ্ৰেমিক বিৰল

আন্দামান–নিকোবৰ দ্বীপপুঞ্জ হৈছে অগণিত স্বাধীনতা সংগ্ৰামীয়ে পৰিশ্ৰম, ত্যাগ, নিষ্ঠা আৰু অটল দেশপ্ৰেমেৰে গঢ়া এখনি তপস্যাৰ ভূমি

আন্দামান–নিকোবৰ দ্বীপপুঞ্জক ‘শ্বহীদ’ আৰু ‘স্বৰাজ’ নামেৰে নামকৰণেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সুভাষ চন্দ্ৰ বসুৰ সপোনক বাস্তৱায়িত কৰিছে

ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে নিজ-নিজ ক্ষেত্ৰত ভাৰতক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে আগবাঢ়ি যোৱা মাত্ৰেকেহে ভাৰতক লৈ বীৰ সাভাৰকাৰ জীৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব

प्रविष्टि तिथि: 12 DEC 2025 8:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিনায়ক দামোদৰ সাভাৰকাৰে ৰচনা কৰা ‘সাগৰ প্ৰাণ তলমলালা’ কবিতাটোৰ ১১৫ বছৰ পূৰ্তি উপলক্ষে আজি শ্ৰী বিজয়পুৰমত আয়োজিত সাংস্কৃতিক কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সৰসংঘচালক শ্ৰী মোহন ভাগৱত, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ এডমিৰেল (অৱসৰপ্ৰাপ্ত) শ্ৰী ডি. কে. যোশীকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

 

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আজি সকলো ভাৰতীয়ৰ বাবেই তীৰ্থস্থানত পৰিণত হৈছে। ইয়াতেই বীৰ সাভাৰকাৰে জীৱনৰ আটাইতকৈ কঠিন সময়খিনি কটাইছিল। তেওঁ কয় যে এই ঠাই আমাৰ স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী মহান সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৰো স্মৃতি-বিজড়িত ভূমি। তেওঁ লগতে কয় যে আজাদ হিন্দ ফৌজে ভাৰতক মুক্ত কৰাৰ চেষ্টা কৰোতে তেওঁলোকে প্ৰথমে মুক্ত কৰা ঠাই আছিল আন্দামান আৰু নিকোবৰ দ্বীপ। ইয়াত সুভাষ চন্দ্ৰ বসুয়ে দুদিন থাকিছিলো। শ্ৰী শ্বাহে কয় যে সুভাষ চন্দ্ৰ বসুয়েই এই দ্বীপপুঞ্জক ‘শ্বহীদ’ আৰু ‘স্বৰাজ’ নামেৰে নামকৰণৰ পৰামৰ্শ দিছিল। শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই পৰামৰ্শক বাস্তৱত পৰিণত কৰিছিল। তেওঁ কয় যে আন্দামান–নিকোবৰ দ্বীপপুঞ্জ কেৱল দ্বীপৰ সমষ্টিয়েই নহয়, বৰঞ্চ অগণিত স্বাধীনতা সংগ্ৰামীয়ে পৰিশ্ৰম, ত্যাগ, নিষ্ঠা আৰু অটল দেশপ্ৰেমেৰে গঢ়া এখনি তপস্যাৰ ভূমি। তেওঁ কয় যে আজি এক গুৰুত্বপূৰ্ণ উপলক্ষ। এই পবিত্ৰ ভূমিতে বীৰ সাভাৰকাৰৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। এই প্ৰতিমূৰ্তি উন্মোচন কৰিছে তেওঁৰ মতাদৰ্শক আগুৱাই নিয়া সংগঠন আৰএছএছ-ৰ সৰ সংঘচালক ডাঃ মোহন ভাগৱতে। তেওঁ কয় যে এই ভূমিৰ লগতে বীৰ সাভাৰকাৰৰ স্মৃতিও পবিত্ৰ আৰু শ্ৰী মোহন ভাগৱতে এই প্ৰতিমূৰ্তি উন্মোচন কৰা কাৰ্য্যই অনুষ্ঠানটোক অধিক স্মৰণীয় কৰি তুলিছে।

 

 

শ্ৰী অমিত শ্বাহে কয় যে আজি উন্মোচন কৰা প্ৰতিমূৰ্তিটো বহু বছৰলৈ বীৰ সাভাৰকাৰৰ ত্যাগ, সংকল্প আৰু ভাৰত মাতাৰ প্ৰতি অটল ভক্তিৰ প্ৰতীক হৈ থাকিব। তেওঁ কয় যে আগন্তুক দশকসমূহত এই মূৰ্তিয়ে ভৱিষ্যৎ প্ৰজন্মক সাভাৰকাৰ জীৰ জীৱন পৰিক্ৰমাক অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয় যে এই স্থান যুৱক-যুৱতীসকলে বীৰ সাভাৰকাৰে কৰা আহ্বানক হৃদয়ংগম কৰাৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিব। শ্ৰী শ্বাহে কয় যে যুৱক-যুৱতীসকলক সাভাৰকাৰ জীৰ সাহসিকতা, মাতৃভূমিৰ প্ৰতি তেওঁৰ কৰ্তব্যবোধ, তেওঁৰ দৃঢ় গুণ, তেওঁৰ ৰাষ্ট্ৰীয় ঐক্য, নিৰাপত্তা আৰু এখনি সমৃদ্ধিশালী ৰাষ্ট্ৰৰ দৃষ্টিভংগী প্ৰদানৰ বাবে এয়া এক উল্লেখযোগ্য স্থানত পৰিণত হ’ব। তেওঁ কয় যে বীৰ সাভাৰকাৰ জীৰ ‘সাগৰ প্ৰাণ তলমলালা’ হৈছে দেশপ্ৰেমৰ মনোভাৱৰ সৰ্বোচ্চ প্ৰকাশ। তেওঁ কয় যে সাভাৰকাৰ জীৰ এশাৰী বাক্য তেওঁৰ অনুগামীসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণঃ ‘শৌৰ্য্য মানে ভয়ৰ অভাৱ নহয়, বৰঞ্চ ভয়ৰ ওপৰত জয়।’ যিয়ে ভয় বুজি নাপায় তেওঁলোক সাহসী, কিন্তু প্ৰকৃত নায়ক হ’ল ভয়ক বুজা আৰু ইয়াক জয় কৰাৰ সাহস থকাসকল— বীৰ সাভাৰকাৰে এই সত্যক তেওঁৰ জীৱনত মূৰ্ত কৰি তুলিছিল।

 

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি ইয়াত এখন কফি টেবুল বুকো উন্মোচন কৰা হৈছে। ইয়াত সাভাৰকাৰ জীৰ গুণৰাজি অৱলোকনৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে আজি সাভাৰকাৰ জীৰ ধাৰণাৰাজিক আগুৱাই নিয়া ভালে কেইগৰাকী লোককো ইয়াত সন্মান জনোৱা হৈছে। তেওঁ কয় যে যিদৰে কোনোৱে সাগৰক ভেটিব নোৱাৰে, ঠিক তেনেদৰে সাভাৰকাৰ জীৰ গুণ, তেওঁৰ জীৱনৰ উচ্চতা, তেওঁৰ বহুমুখী ব্যক্তিত্বক কিতাপ, চিনেমা বা কবিতাৰে প্ৰতিফলিত কৰাটো অত্যন্ত কঠিন। তেওঁ কয় যে ভিন্ন স্তৰত গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাই ভৱিষ্যৎ প্ৰজন্মৰ বাবে সাভাৰকাৰ জীক বুজিবলৈ এক অতিশয় গুৰুত্বপূৰ্ণ উপায় প্ৰদান কৰিছে। তেওঁ কয় যে এজন ব্যক্তিৰ অস্তিত্ব কেৱল দেহৰ দ্বাৰাই নহয়, বৰঞ্চ তেওঁ অনুসৰণ কৰা মতাদৰ্শ, তেওঁৰ আত্মাই সৰ্বোচ্চ বুলি গণ্য কৰা সংস্কৃতি আৰু তেওঁৰ কৰ্মৰাজিৰ দ্বাৰাও গঢ় লয়। বীৰ সাভাৰকাৰ জীৰ এই তিনিটা গুণৰ প্ৰকৃততে ভাৰতেহে উমান পাব পাৰে।

 

শ্ৰী অমিত শ্বাহে কয় যে আজি কোনো দেশৰ বাবে অমৰ বা শ্বহীদ হোৱাৰ প্ৰয়োজন নাই, কিন্তু এতিয়াও দেশৰ বাবে জীয়াই থকাৰ প্ৰয়োজন আছে আৰু তেতিয়াহে আমি সাভাৰকাৰ জীৰ দৃষ্টিভংগীৰ ভাৰতখনি গঢ়িব পাৰিম। তেওঁ কয় যে ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে নিজ-নিজ ক্ষেত্ৰত ভাৰতক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে আগবাঢ়ি যোৱা মাত্ৰেকেহে ভাৰতক লৈ বীৰ সাভাৰকাৰ জীৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব। তেওঁ কয় যে সাভাৰকাৰ জী আছিল এজন সাহিত্যিক, এজন সংগ্ৰামী, এজন আজন্ম দেশপ্ৰেমিক, এজন মহান সমাজ সংস্কাৰক, লগতে এজন অতিশয় মহান লেখক আৰু কবি। তেওঁ কয় যে সাভাৰকাৰ জী গদ্য আৰু পদ্য উভয়তে পাকৈত আছিল, এনে সাহিত্যিক অতিশয় বিৰল। শ্ৰী শ্বাহে কয় যে ৬০০-ৰো অধিক এনে শব্দ আছে যিসমূহ বীৰ সাভাৰকাৰ জীয়ে আমাৰ ভাষাসমূহলৈ আমাৰ শব্দভাণ্ডাৰ সমৃদ্ধ কৰিবলৈ অৱদান আগবঢ়াইছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বীৰ সাভাৰকাৰ জীৰ জীৱন পৰিক্ৰমা হিন্দুত্বৰ প্ৰতি দৃঢ় ভক্তিৰে বদ্ধমূল আছিল। তেওঁ কয় যে অস্পৃশ্যতা নিৰ্মূলৰ দিশত বীৰ সাভাৰকাৰ জীয়ে অৱদান আগবঢ়াইছিল। তেওঁ কয় যে সাভাৰকাৰ জীয়ে সেই সময়ত হিন্দু সমাজত প্ৰচলিত সকলো সামাজিক অশুভ শক্তিৰ বিৰুদ্ধে যুঁজিছিল আৰু সমাজৰ বিৰোধিতাৰ সন্মুখীন হৈয়ো আগুৱাই আহিছিল। তেওঁ কয় যে বীৰ সাভাৰকাৰ জীয়ে এই কামৰ বাবে নিজকে সমৰ্পিত কৰিছিল। তেওঁ কয় যে দুবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পিছতো মাতৃভূমিক মহিমামণ্ডিত কৰিবলৈ সাহিত্য সৃষ্টি কৰা সাভাৰকাৰ জীৰ দৰে দেশপ্ৰেমিক বিৰল।

 

 

শ্ৰী অমিত শ্বাহে কয় যে সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণা, যাৰ আধাৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত চৰকাৰখনে কাৰ্য্যপন্থা হাতত লৈছে, সেই ধাৰণাটো বীৰ সাভাৰকাৰ জীয়ে নিজেই প্ৰতিষ্ঠা কৰি ব্যাখ্যা কৰিছিল। তেওঁ কয় যে ভাৰতীয় উপমহাদেশৰ সাংস্কৃতিক প্ৰমূল্যবোধ, পৰম্পৰা, ইতিহাসৰ পৰা উদ্ভৱ হোৱা এনে এক সামূহিক পৰিচয়ৰ প্ৰসাৰৰ বাবে বহুতে কাম কৰিছে আৰু ইয়াৰ ভিতৰত বীৰ সাভাৰকাৰ এই ধাৰণাটোৰ অন্যতম প্ৰবক্তা আছিল। শ্ৰী শ্বাহে কয় যে ব্ৰিটিছে সদায় শিক্ষাৰ জৰিয়তে আমাৰ দেশৰ ওপৰত স্থায়ী দাসত্বৰ বোজা আৰু মানসিকতা জাপি দিবলৈ চেষ্টা কৰিছিল, যাৰ বাবেই তেওঁলোকে ১৮৫৭-ৰ স্বাধীনতা যুদ্ধক "বিদ্ৰোহ" বুলি অভিহিত কৰিছিল। বীৰ সাভাৰকাৰেই আছিল একমাত্ৰ ব্যক্তি যিয়ে ১৮৫৭-ৰ স্বাধীনতা যুদ্ধক "বিদ্ৰোহ" বুলি কোৱাৰ পৰিৱৰ্তে স্বাধীনতা যুদ্ধ বুলি নামকৰণ কৰিছিল আৰু ইয়াৰ জৰিয়তে দেশৰ প্ৰকৃত মনোভাৱক আগুৱাই নিছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে আজি আমি মুক্ত আৰু বহু যোজন যাত্ৰাৰ অন্ততহে দেশখন এই পৰ্য্যায়ত উপনীত হৈছেহি। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে বিগত প্ৰায় ১২ বছৰ ধৰি কাম কৰি আহিছে। তেওঁ কয় যে দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচটা সংকল্পৰ (পঞ্চ পণ) কথা কৈছিল। ইয়াৰে এটা আছিল দাসত্বৰ সময়ৰ সকলো স্মৃতি বিলোপ কৰা যাতে দেশখন নতুন চেতনাৰে আগবাঢ়ি যাব পাৰে। তেওঁ কয় যে ২০৪৭-ৰ ১৫ আগষ্টৰ ভিতৰত আমি সকলোৱে মিলি প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰা এখন মহান ভাৰত গঢ়ি তুলিব লাগিব আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বান আজি ১৪০ কোটি জনতাৰ সংকল্পত পৰিণত হৈছে। শ্ৰী শ্বাহে কয় যে ১৪০ কোটি নাগৰিক একে দিশত ধাৱমান হোৱাৰ লগে-লগে আমি ১৪০ কোটি খোজ আগুৱাই যাওঁ। তেওঁ কয় যে এই শক্তিয়েই এখন মহান ভাৰত গঢ়ি তুলিব। ভাৰত সুৰক্ষিত, সমৃদ্ধিশালী, সংস্কৃতিৱান আৰু শিক্ষিত হ’ব। তেওঁ কয় যে "বীৰ" উপাধি বীৰ সাভাৰকাৰ জীক কোনো চৰকাৰে প্ৰদান কৰা নাছিল, বৰঞ্চ দেশৰ প্ৰতিজন নাগৰিকেহে দিছিল।

*****

RR / PR / PS/SB
 


(रिलीज़ आईडी: 2203861) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Punjabi , Gujarati , Telugu , Kannada