প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ক সন্মান জনাই স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
14 DEC 2025 10:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ৰ (সুৱৰণ মাৰাণ)ৰ সন্মানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি.পি. ৰাধাকৃষ্ণণে স্মাৰক ডাকটিকট মুকলি কৰাৰ পদক্ষেপক আদৰণি জনায়।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয়ৰ আছিল উল্লেখযোগ্য দৃষ্টিভংগী, দূৰদৰ্শিতা আৰু মেধাৰে সমৃদ্ধ এগৰাকী বিশিষ্ট প্ৰশাসক। প্ৰধানমন্ত্ৰীয়ে সম্ৰাটৰ ন্যায়ৰ প্ৰতি থকা অটল দায়বদ্ধতা তথা তামিল সংস্কৃতিৰ এজন মহান পৃষ্ঠপোষক হিচাপে মুথাৰাইয়াৰ দ্বিতীয়ৰ বিশিষ্ট ভূমিকাৰ কথা আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে দেশখনক —বিশেষকৈ যুৱক-যুৱতীসকলক—সন্মানীয় সম্ৰাটজনৰ অসাধাৰণ জীৱন আৰু উত্তৰাধিকাৰৰ বিষয়ে অধিক জানিবলৈ আহ্বান জনায়, যাৰ অৱদানে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
এক্সত দিয়া পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে উল্লেখ কৰিছে:
“উপ- ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীয়ে সম্ৰাট পেৰুম্বিডুগু মুথাৰাইয়াৰ দ্বিতীয় (সুৱৰণ মাৰাণ)ৰ সন্মানত ডাকটিকট মুকলি কৰাত আনন্দিত হৈছো।তেওঁ আছিল উল্লেখযোগ্য দৃষ্টিভংগী, দূৰদৰ্শিতা আৰু মেধাৰে ধন্য এগৰাকী বিশিষ্ট প্ৰশাসক।তেওঁ ন্যায়ৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত আছিল।
তামিল সংস্কৃতিৰো তেওঁ আছিল এগৰাকী মহান পৃষ্ঠপোষক। তেওঁৰ অসাধাৰণ জীৱনৰ বিষয়ে পঢ়িবলৈ যুৱক-যুৱতীক আহ্বান জনাইছো।
@VPIndia
@CPR_VP”
***
MJPS/SR/DM
(ৰিলিজ আই ডি : 2203842)
অতিথি কক্ষ : 28
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam