প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 12 DEC 2025 10:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক জনসেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী অভিজ্ঞ নেতা বুলি অভিহিত কৰে।

এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীঘলীয়া আৰু বিশিষ্ট ৰাজহুৱা জীৱনত বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্ন পদত ৰাষ্ট্ৰক সেৱা আগবঢ়োৱা শ্ৰী পাটিলৰ মৃত্যুত তেওঁ দুখিত। শ্ৰী পাটিল সমাজ কল্যাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অটল সমৰ্পণৰ বাবে জনাজাত আছিল।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাটিলৰ সৈতে তেওঁৰ বহু বাৰ্তালাপৰ কথা স্মৰণ কৰি উল্লেখ কৰে যে কেইমাহমান পূৰ্বে শ্ৰী পাটিল তেওঁৰ বাসভৱনলৈ আহিছিল আৰু এয়া তেওঁলোকৰ অন্তিমটো সাক্ষাৎ আছিল।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘শ্ৰী শিৱৰাজ পাটিল জীৰ মৃত্যুত দুখ পাইছো। তেওঁ এগৰাকী অভিজ্ঞ নেতা আছিল, তেওঁ ৰাজহুৱা জীৱনত দীৰ্ঘ সময় ধৰি বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ তথা লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সমাজৰ কল্যাণৰ বাবে অৰিহণা যোগোৱাৰ প্ৰতি উৎসাহী আছিল। বহু বছৰ ধৰি মই তেওঁৰ সৈতে বহু বাৰ্তালাপ কৰিছো। কেইমাহমান পূৰ্বে মোৰ বাসভৱনলৈ তেওঁ আহিছিল আৰু সেয়া আছিল আমাৰ অন্তিমটো বাৰ্তালাপ। এই দুখৰ সময়ত মোৰ সমবেদনা তেওঁৰ পৰিয়ালৰ সৈতে আছে। ওম শান্তি’

“श्री शिवराज पाटील जी यांच्या निधनाने दुःख झाले आहे. ते एक अनुभवी नेते होते. सार्वजनिक जीवनातील आपल्या प्रदीर्घ कारकिर्दीत त्यांनी आमदार, खासदार, केंद्रीय मंत्री, महाराष्ट्र विधानसभेचे तसेच लोकसभेचे अध्यक्ष म्हणून काम केले. समाजाच्या कल्याणासाठी योगदान देण्याच्या ध्येयाने ते झपाटले होते. ​गेल्या काही वर्षांत त्यांच्यासोबत माझे अनेक वेळा संवाद झाले, त्यापैकी सर्वात अलीकडील भेट काही महिन्यांपूर्वीच जेव्हा ते माझ्या निवासस्थानी आले होते तेव्हा झाली होती. या दुःखद प्रसंगी माझ्या संवेदना त्यांच्या कुटुंबीयांसोबत आहेत. ओम शांती.”

 

***

MJPS/SR/MK


(ৰিলিজ আই ডি : 2202730) অতিথি কক্ষ : 33