প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষ্যে সশস্ত্ৰ বাহিনীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 07 DEC 2025 10:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰ পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

 

তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ অনুশাসন, সংকল্প আৰু অদম্য মনোভাৱে দেশখনক ৰক্ষা কৰি আহিছে আৰু ইয়াৰ জনসাধাৰণক শক্তিশালী কৰিছে। তেওঁলোকৰ দায়বদ্ধতাই দেশৰ প্ৰতি কৰ্তব্য, অনুশাসন আৰু ভক্তিৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে বুলি তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে  লগতে সশস্ত্ৰ বাহিনীৰ বীৰত্ব তথা সেৱাৰ প্ৰতি সন্মান জনাই সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ সকলোকে বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে;

‘সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি অদম্য সাহসেৰে আমাৰ দেশক  ৰক্ষা কৰা সাহসী পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

তেওঁলোকৰ অনুশাসন, সংকল্প আৰু মনোভাৱে আমাৰ জনসাধাৰণক ৰক্ষা কৰে আৰু আমাৰ দেশখনক শক্তিশালী কৰে।

তেওঁলোকৰ দায়বদ্ধতাই আমাৰ দেশৰ  প্ৰতি কৰ্তব্য, অনুশাসন তথা  ভক্তিৰ এক শক্তিশালী নিদৰ্শন হিচাপে থিয় দিছে। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজিত আমি বৰঙণি আগবঢ়াওঁ আহক।”

 

*****

MJPS/ST/DM


(रिलीज़ आईडी: 2200124) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam