অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
ইণ্ডিগ' সেৱাত ব্যাঘাত জন্মা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুৰ বক্তব্য
प्रविष्टि तिथि:
05 DEC 2025 4:45PM by PIB Guwahati
বিমান সেৱা, বিশেষকৈ ইণ্ডিগ’ এয়াৰলাইন্সৰৰ সেৱা ব্যাহত হোৱাৰ সমস্যা সমাধানৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। ডিজিচিএৰ বিমানকৰ্মীৰ কৰ্তব্যৰ সময় (এফডিটিএল)ৰ নিৰ্দেশ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে।বিমান সুৰক্ষাৰ লগত আপোচ নকৰাকৈ কেৱল অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ বাবে সময়মতে বিমান যাত্ৰাৰ ওপৰত নিৰ্ভৰশীল যাত্ৰী, বিশেষকৈ জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু অন্যান্য লোকসকলৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে।
তদুপৰি, অতি সোনকালে স্বাভাৱিক বিমান সেৱা পুনৰ নিয়মীয়া কৰা আৰু যাত্ৰীসকলৰ অসুবিধা কম কৰাৰ বাবে কেইবাটাও কাৰ্য্যকৰী ব্যৱস্থাৰ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনাসমূহ তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ ভিত্তিত আমি আশা কৰিছো যে কাইলৈৰ ভিতৰত বিমানৰ সময়সূচী সুস্থিৰ হোৱাৰ লগতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। আমি আশা কৰিছো যে অহা তিনিদিনৰ ভিতৰত সেৱা সম্পূৰ্ণৰূপে সঠিকভাৱে আৰম্ভ হ’ব।
এই সময়ছোৱাত যাত্ৰীসকলক সহায় কৰিবলৈ বিমান সংস্থাসমূহক উন্নত অনলাইন তথ্য ব্যৱস্থাৰ জৰিয়তে নিয়মীয়া আৰু সঠিক আপডেট প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাৰ ফলত যাত্ৰীসকলে ঘৰৰ পৰাই নিজৰ বিমানৰ স্থিতি নিৰীক্ষণ কৰিব পাৰে। কোনো ধৰণৰ বিমান বাতিল হ’লে বিমান সংস্থাসমূহে যাত্ৰীসকলক কোনো অনুৰোধ নকৰাকৈ স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ ধন ঘূৰাই দিব লাগিব। বহু দিন ধৰি পলম হোৱাৰ বাবে আৱদ্ধ হৈ থকা যাত্ৰীসকলক বিমান সংস্থাসমূহে পোনপটীয়াকৈ হোটেলত ৰখাৰ ব্যৱস্থা কৰিব লাগিব।
জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। আৰামদায়ক যাত্ৰা নিশ্চিত কৰিবলৈ তেওঁলোকক লাউঞ্জৰ সুবিধা আৰু সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব। তদুপৰি বিমান পলম হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো যাত্ৰীকে সতেজ খাদ্য আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰা হ’ব।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ২৪x৭ নিয়ন্ত্ৰণ কক্ষ (০১১-২৪৬১০৮৪৩, ০১১-২৪৬৯৩৯৬৩, ০৯৬৫০৩-৯১৮৫৯) স্থাপন কৰিছে যিয়ে সঠিক সময়ৰ ভিত্তিত পৰিস্থিতি নিৰীক্ষণ কৰি তৎকালীন সংশোধনী ব্যৱস্থা, ফলপ্ৰসূ সমন্বয় আৰু উদ্ভৱ হোৱা যিকোনো সমস্যাৰ তাৎক্ষণিক সমাধান নিশ্চিত কৰিব পৰা যায়।
উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
বিমান সেৱা বিঘিনি সন্দৰ্ভত চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ সিদ্ধান্ত লৈছে। ইণ্ডিগ’ত কি ভুল হৈছিল তদন্ত কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে উপযুক্ত ব্যৱস্থাৰ বাবে জবাবদিহিতা নিৰ্ধাৰণ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ব্যাঘাত ৰোধ কৰাৰ ব্যৱস্থাৰ পৰামৰ্শ দিব যাতে যাত্ৰীসকলে পুনৰ এনে অসুবিধাৰ সন্মুখীন নহয়।
ৰাষ্ট্ৰৰ প্ৰতি আমাৰ আশ্বাস
বিমান যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে সচেতন আৰু বিমান সংস্থা আৰু সকলো সংশ্লিষ্ট অংশীদাৰৰ সৈতে নিৰন্তৰ আলোচনাত মিলিত হৈ আছে। ডিজিচিএই প্ৰদান কৰা নিয়ন্ত্ৰণমূলক শিথিলতাকে ধৰি বিমান সংস্থাসমূহৰ পৰিচালনা সুস্থিৰ কৰাৰ বাবে আৰু যিমান পাৰি সোনকালে জনসাধাৰণৰ অসুবিধা দূৰ কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
যাত্ৰীৰ যত্ন, সুৰক্ষা আৰু সুবিধাৰ প্ৰতি চৰকাৰে সৰ্বাধিক গুৰুত্ব দি আহিছে।
*****
Divyanshu Kumar/DB
(रिलीज़ आईडी: 2199673)
आगंतुक पटल : 5