প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গীতা জয়ন্তীৰ পবিত্ৰ দিনটোত দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 DEC 2025 3:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে শ্ৰীমদ্ভাগৱতৰ আগমনৰ সৈতে  জড়িত ‘গীতা জয়ন্তী’ৰ পবিত্ৰ দিনটোত সমগ্ৰ দেশৰ পৰিয়ালৰ সদস্যসকলক সম্ভাষণ জনায় ।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে কৰ্তব্য পালনৰ অমূল্য বাৰ্তাৰে সজ্জিত এই ঐশ্বৰিক শাস্ত্ৰই ভাৰতীয় পাৰিবাৰিক, সামাজিক আৰু আধ্যাত্মিক জীৱনত অত্যন্ত সুকীয়া স্থান দখল কৰিছে।

শ্ৰী মোদীয়ে কয় যে ইয়াৰ ঐশ্বৰিক শ্লোকসমূহে প্ৰতিটো প্ৰজন্মক নিঃস্বাৰ্থ কৰ্মৰ দিশত আগুৱাবলৈ  অনুপ্ৰাণিত কৰি থাকিব।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"শ্ৰীমদ্ভাগৱত প্ৰকাশৰ সৈতে জড়িত পবিত্ৰ দিন 'গীতা জয়ন্তী'ৰ শুভক্ষণ  উপলক্ষ্যে  সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"

 

কৰ্তব্যৰ বহুমূলীয়া বাৰ্তাৰে সজ্জিত এই ঐশ্বৰিক গ্ৰন্থৰ ভাৰতীয় পাৰিবাৰিক, সামাজিক, আধ্যাত্মিক জীৱনত অতি বিশেষ স্থান আছে।

 

ইয়াৰ ঐশ্বৰিক পদবোৰে প্ৰতিটো প্ৰজন্মক নিস্বাৰ্থ কৰ্মৰ প্ৰতি প্ৰেৰণা যোগাই থাকিব। জয় শ্ৰী কৃষ্ণ!"

 

***

MJPS/VJ/DM


(रिलीज़ आईडी: 2197399) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam