গৃহ মন্ত্ৰালয়
টকিঅ'ত অনুষ্ঠিত ২৫সংখ্যক গ্ৰীষ্মকালীন ডীফলিম্পিক ২০২৫ত ৯টা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকসহ ২০টা পদক লাভ কৰা ভাৰতীয় দলটোক অভিনন্দন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
আমাৰ ডীফলিম্পিয়ানসকলৰ ক্ৰীড়া প্ৰতিভাৰ এক উজ্জ্বল প্ৰদৰ্শন
আপোনালোকৰ এই সাফল্যই আমাৰ খেলুৱৈসকলৰ মাজত নতুন উৎসাহৰ জোৱাৰ সৃষ্টি কৰিছে
আপোনালোকৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভকামনা জনাইছো
प्रविष्टि तिथि:
27 NOV 2025 6:04PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে টকিঅ'ত অনুষ্ঠিত ২৫সংখ্যক গ্ৰীষ্মকালীন ডীফ অলিম্পিক ২০২৫ত ৯টা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকসহ ২০টা পদক লাভ কৰা ভাৰতীয় দলটোক অভিনন্দন জনাইছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এক টুইটযোগে কয়, "আমাৰ ডীফ অলিম্পিয়ানসকলে ক্ৰীড়া প্ৰতিভাৰ এক উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিছে। টকিঅ'ত অনুষ্ঠিত ২৫সংখ্যক গ্ৰীষ্মকালীন ডিফ অলিম্পিকত ৯টা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকসহ ২০টা পদক লাভ কৰা ভাৰতীয় দলটোক আন্তৰিক অভিনন্দন জনাইছো। আপোনালোকৰ এই অসাধাৰণ সফলতাই আমাৰ খেলুৱৈসকলৰ মাজত নতুন উৎসাহৰ জোৱাৰ সৃষ্টি কৰিলে। আপোনালোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভকামনা জনালোঁ।
*****
RK/PR/PS/DB
(रिलीज़ आईडी: 2196299)
आगंतुक पटल : 19