৫৬সংখ্যক আইএফএফআইত ‘লিজেণ্ডছ অফ ইণ্ডিয়ান ছিলভাৰ স্ক্ৰীণ’ শীৰ্ষক গ্ৰন্থ উন্মোচন
যিসকলে চিনেমাৰ ভৱিষ্যতৰ ঊৰ্ধ্বত ইয়াৰ গভীৰ অৰ্থ বুজিব বিচাৰে তেওঁলোকৰ বাবে এই গ্ৰন্থখনৰ গুৰুত্ব অপৰিসীম: সঞ্চালক প্ৰধান, প্ৰকাশন সঞ্চালকালয়
আজি সন্ধিয়া গোৱাৰ ৫৬সংখ্যক আই এফ এফ আইৰ পি আই বি সংবাদমেল প্ৰেক্ষাগৃহত সংস্থাটোৰ সঞ্চালকপ্ৰধান শ্ৰী ভূপেন্দ্ৰ কাইনাথোলা আৰু প্ৰখ্যাত কংকনী চলচ্চিত্ৰ নিৰ্মাতা ৰাজেন্দ্ৰ তালাকৰ দ্বাৰা প্ৰকাশন সঞ্চালকালয় বিভাগৰ শেহতীয়া 'ভাৰতীয় ৰূপালী পৰ্দাৰ কিংবদন্তী' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। '
এই উপলক্ষে ভাষণ প্ৰসংগত শ্ৰী কাইনথোলাই গ্ৰন্থখনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, "ভাৰতীয় চিনেমাত সৰ্বোচ্চ সন্মান বুলি বিবেচিত দাদাচাহেব ফাল্কে বঁটা বিজয়ীসকলৰ জীৱন কাহিনী সকলোৱে জনা উচিত। এই গ্ৰন্থখনত দেৱীকা ৰাণী, সত্যজিৎ সত্যজিৎ ৰায়, ভি শান্তাৰাম, লতা মংগেশকৰ আদিৰ দৰে ২৩গৰাকী বঁটা বিজয়ী মহান মনিষীৰ বিশয়ে উল্লেখ কৰা হৈছে, যিসকলে ১৯৬৯ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত এই বঁটা লাভ কৰিছিল।"
তেওঁ লগতে ব্যাখ্যা কৰে, "সঞ্জিত নাৰ্ৱেকাৰৰ সম্পাদনাত ১৭জন ভিন্ন লেখকৰ দ্বাৰা লিখা ২৩টা প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে। এই প্ৰকাশনৰ এটা আমোদজনক দিশ হ'ল দাদাচাহেব ফাল্কে বঁটা বিজয়ী দুগৰাকী ব্যক্তি মিথুন চক্ৰৱৰ্তী আৰু আশা পাৰেখ-গ্ৰন্থখনৰ বাবে পৃথক পৃথক প্ৰস্তাৱনা লিখিছে।" শ্ৰী কাইনাথোলাই প্ৰস্তাৱনাৰ পৰা নিৰ্বাচিত অংশ পঢ়ি দৰ্শকক কিতাপখনৰ বিষয়বস্তুৰ বিষয়ে এটা ধাৰণা দিয়ে।
ডিপিডিৰ মিছনৰ বিষয়ে শ্ৰী কাইনথোলাই বিশদভাৱে কয়, "তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ এই সঞ্চালকালয়টোক সুলভ মূল্যত এনে গুৰুত্বপূৰ্ণ সামগ্ৰী ছপা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই গ্ৰন্থখন গৱেষকসকলৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু যিসকলে ইয়াৰ জাকজমক বাহ্যিকতাৰ বিপৰীতে চিনেমাৰ গভীৰতা বুজিব বিচাৰে।"
তেওঁৰ মন্তব্যত সন্মতি প্ৰকাশ কৰি ৰাজেন্দ্ৰ তালাকে এই পদক্ষেপৰ বাবে তেওঁক প্ৰশংসা কৰে। এই পদক্ষেপৰ বাবে তেওঁ ডিপিডিক অভিনন্দন জনায়। "এই লোকসকলে অসংখ্য প্ৰতিকূলতাৰ মাজত ছবি নিৰ্মাণ কৰিছিল, যিবোৰ আজিৰ প্ৰজন্মই কল্পনাও কৰিব নোৱাৰে। এই কিতাপখনে ছবি নিৰ্মাণক বুজিব বিচৰা সকলোৰে বাবে মূল 'এবিচি' হিচাপে কাম কৰিব।"
সফলতা বা বিফলতা নিৰ্বিশেষে কঠোৰ পৰিশ্ৰমত মনোনিৱেশ কৰাৰ গুৰুত্বৰ ওপৰতো তেওঁ উনুকিয়ায়, যিটো এই সন্মানীয় ব্যক্তিসকলৰ কেৰিয়াৰে প্ৰমাণ কৰে।
এটা প্ৰশ্নৰ উত্তৰত শ্ৰী কাইনথোলাই মন্তব্য কৰে, "নিঃসন্দেহে চিনেমা এক সুক্ষ্ম শক্তি, কিন্তু ভাৰতত ই এক পৰম্পৰাও। আমি চিনেমাৰ বাহ্যিক গ্লেমাৰৰ ঊৰ্ধ্বত গৈ সেই পৰম্পৰাৰ পৰা শিকিব লাগে।" তেওঁ লিখনিত প্ৰামাণ্যতাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰি বহল পৰিসৰৰ দৰ্শকৰ বাবে গ্ৰন্থখনৰ ভাষা সহজ কৰি ৰাখিব পৰা যায় বুলি উল্লেখ কৰে। ই এফ আই চৌহদৰ ডি পি ডিৰ বিপনীৰ লগতে বিভিন্ন অনলাইন প্লেটফৰ্মৰ পৰাও কিতাপখন ক্ৰয় কৰা হৈছে বুলি তেওঁ দৰ্শকক অৱগত কৰে।
সংবাদমেলৰ শেষৰ ফালে তালাকে গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবলৈ অনুৰোধ জনায়, য’ত ১৯৯১ চনৰ পিছত দাদাচাহেব ফালকে বঁটা লাভ কৰা লোকসকলৰ কাহিনী সন্নিবিষ্ট কৰা হ’ব। তেওঁ প্ৰস্তাৱৰ প্ৰতি শ্ৰদ্ধাৰে আৰু উৎসাহেৰে সন্মতি জনায় কাইনথোলাই।
***
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Ritu Shukla/ Sangeeta Godbole/Debayan Bhadury/Darshana Rane | IFFI 56 - 036
रिलीज़ आईडी:
2196200
| Visitor Counter:
22
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Kannada
,
English
,
Konkani
,
Marathi
,
हिन्दी
,
Gujarati
,
Telugu
,
Urdu
,
Bengali
,
Tamil