প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উড়ুপি ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 28 NOV 2025 10:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপি ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে। তেওঁ উড়ুপিৰ শ্ৰীকৃষ্ণ মঠ দৰ্শন কৰি লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। এয়া হৈছে এক লাখ অংশগ্ৰহণকাৰীৰ ভক্তিমূলক সমাৱেশ। ইয়াত ছাত্ৰ-ছাত্ৰী, সন্ন্যাসী, পণ্ডিত আৰু ভিন্ন শ্ৰেণীৰ নাগৰিকসকলে একেলগে শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰে।

প্ৰধানমন্ত্ৰীয়ে কৃষ্ণ দেৱালয়ৰ সন্মুখত অৱস্থিত সুৱৰ্ণ তীৰ্থ মন্তপ উদ্বোধন কৰি পবিত্ৰ কানাকোনা কিন্দিৰ বাবে কানাকা কৱচ (সোণৰ আৱৰণ) উৎসৰ্গা কৰে। এই পবিত্ৰ খিৰিকীয়েদি সন্ত কনকদাসে ভগৱান কৃষ্ণৰ ঐশ্বৰিক দৰ্শন লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। বেদান্তৰ দ্বৈত দৰ্শনৰ প্ৰতিষ্ঠাপক শ্ৰী মাধৱাচাৰ্য্যই ৮০০ বছৰৰো পূৰ্বে উড়ুপিত শ্ৰীকৃষ্ণ মঠ প্ৰতিষ্ঠা কৰিছিল।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে এইদৰে কয়ঃ

“ভক্তি, শিক্ষণ আৰু পৰম্পৰাৰ সৈতে জড়িত ঠাই উড়ুপি ভ্ৰমণ কৰি আনন্দিত হৈছো। মোক উড়ুপিলৈ যিদৰে আদৰণি জনালে, সেয়া মোৰ মানসপটত সদায় সজীৱ হৈ থাকিব। মই ইয়াৰ জনসাধাৰণক কৃতজ্ঞতা জনালো।”

“উড়ুপি হৈছে ধৰ্ম, কৰুণা আৰু সামাজিক উত্থানেৰে বদ্ধমূল এখনি ঠাই।”

“ভগৱান শ্ৰী কৃষ্ণই আমাক দুখীয়াক সহায় কৰাৰ পথ শিকাইছে। এই দৰ্শনে আমাৰ ভিন্ন পদক্ষেপ যেনেঃ আয়ুষ্মান ভাৰত, পিএম আৱাস যোজনা আদিৰ বাবে অনুপ্ৰাণিত কৰিছে।”

“গীতাৰ পৰা অনুপ্ৰাণিত হৈ আপোনালোক সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছো যে আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ উন্নতিৰ বাবে এই নটা সংকল্প গ্ৰহণ কৰিব লাগে...”

“লক্ষ কণ্ঠ গীতাৰ বিশাল আৰু ঐশ্বৰিক পাঠে সকলোকে শক্তি আৰু গভীৰ ভক্তিৰে ভৰাই তুলিছে। এনে বিশাল সমাৱেশত সমস্বৰে গীতা পাঠ কাৰ্য্যৰ সাক্ষী হোৱাটো এক অবিস্মৰণীয় মুহূৰ্ত।”

“আজি উড়ুপিৰ শ্ৰীকৃষ্ণ মঠ দৰ্শন এক বিশেষ অভিজ্ঞতা। গীতা পাঠ এক অবিস্মৰণীয় অভিজ্ঞতা। সুৱৰ্ণ তীৰ্থ মন্তপৰ উদ্বোধন আৰু কানাকোনা কিন্দিৰ বাবে কানাকা কৱচ উৎসৰ্গা কৰা হয়। কানাকোনা কিন্দিৰ পৰা ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰো। শ্ৰী কনক দাসলৈ শ্ৰদ্ধাঞ্জলি জনোৱাটোও পৰম সন্তোষৰ কথা।”

“উড়ুপিৰ শ্ৰীকৃষ্ণ মঠৰ কেইটামান মুহূৰ্ত আগবঢ়াইছো।”

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2196185) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Telugu , Kannada , Malayalam