iffi banner

প্ৰযুক্তিৰ সৈতে য'ত মিলিত হয় সৃষ্টিশীলতা: এআই, গল্প-কথন, আৰু চলচ্চিত্ৰৰ নতুন যুগত প্ৰতিফলন


এআই-ৰ পৰিৱৰ্তনশীল প্ৰতিশ্ৰুতিক বিশ্লেষণ কৰে শেখৰ কাপুৰ আৰু ট্ৰিচিয়া টাটলে

‘ইন কনভাৰ্ছেশ্যন‘ অধিৱেশনত উদ্ভাৱন, কলাত্মক উদ্দেশ্য, আৰু চলচ্চিত্ৰৰ মানৱীয় সাৰতত্বত গুৰুত্ব আৰোপ

ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'এন ইউৰেছিয়ান ফেষ্টিভেল ফ্ৰণ্টিয়াৰ: ডু উই নীড টু ৰি ডিফাইন চিনেমা দ্য ৱৰ্ল্ড অফ এআই?' শীৰ্ষক 'ইন কনভাৰ্ছেশ্যন' অধিৱেশনত বিশ্বৰ দুগৰাকী সন্মানীয় ব্যক্তিত্বক একত্ৰিত কৰা হয়: বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উৎসৱ সঞ্চালক ট্ৰিচিয়া টাটল আৰু আই এফ এফ আই-ৰ মহোৎসৱ সঞ্চালক শেখৰ কাপুৰ। যদিও অধিৱেশনটো কাপুৰে পৰিচালনা কৰিছিল, তথাপিও এই মত-বিনিময় অনুষ্ঠানটোত দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ গতিশীল কথোপকথনত এআই, সৃষ্টিশীলতা আৰু চলচ্চিত্ৰ মহোৎসৱৰ ভৱিষ্যতৰ বিৱৰ্তনশীল সংযোগস্থলৰ অন্বেষণ সঠিক ভাৱে চলিছিল।

অধিৱেশনটো উষ্ম, ব্যক্তিগত প্ৰসংগেৰে আৰম্ভ হৈছিল, শেখৰ কাপুৰে প্লাষ্টিকৰ বটলৰ পৰা বিৰত থকাৰ বাবে উৎসৱটোক অভিনন্দন জনাইছিল, আনহাতে ট্ৰিচিয়া টাটলে ১৯৯৮ চনৰ এটা মুহূৰ্তৰ কথা মনত পেলাইছিল, যেতিয়া তেওঁ চলচ্চিত্ৰ বিদ্যালয়ৰ এগৰাকী যুৱতী স্নাতক হিচাপে শেখৰ কাপুৰৰ ছবি এলিজাবেথৰ মাষ্টাৰক্লাছত অংশগ্ৰহণ কৰিছিল। “এয়া যেন এটা বৃত্ত সম্পূৰ্ণ হোৱাৰহে অনুভৱ,” অতীতৰ অভিজ্ঞতাক চিনেমাৰ উন্মোচিত ভৱিষ্যতৰ সৈতে মিহলি কৰা এক সুৰাৰোপনেৰে তেওঁ কেছিল ঘটনাটো।

 

সমগ্ৰ অধিৱেশনটোত শেখৰ কাপুৰে বাৰে বাৰে জোৰ দি কয় যে যি প্ৰযুক্তিৰেই আগমন নহওক কিয়, ডিজিটেল সঁজুলিয়েই হওক বা এআই-য়েই হওক, চলচ্চিত্ৰ জীয়াই থাকিব, কাৰণ মানুহৰ কল্পনাশক্তি জীয়াই থাকিব। তেওঁ জোৰ দি কয় যে যিকোনো নতুন সঁজুলিকে কিন্তু অৱশেষত নিৰ্মাতাইহে পৰিচালনা কৰে, তেওঁ দৰ্শকক সোঁৱৰাই দিয়ে যে কোনো উদ্ভাৱনেই ইয়াক ব্যৱহাৰ কৰা লোকসকলৰ সৃষ্টিশীলতাক আগচি ধৰিব নোৱাৰে।

ট্ৰিচিয়া টাটলে প্ৰযুক্তিগত পৰিৱৰ্তনক কেন্দ্ৰ কৰি হোৱা পূৰ্বৰ উদ্বেগসমূহৰ সন্দৰ্ভত কয় যে কেনেকৈ ডিজিটেল চলচ্চিত্ৰ নিৰ্মাণৰ আবিৰ্ভাৱে এসময়ত চিনেমা নোহোৱা কৰাৰ আশংকা জগাই তুলিছিল। “কিন্তু সত্যটো হ’ল ধাৰণা, কাৰুকাৰ্য, মানৱতাহে চিৰস্থায়ী হয়,” তেওঁ কয়। শেখৰ কাপুৰে লগতে কয় যে এআই যিমানেই উন্নত নহওক কিয়, এগৰাকী মহান অভিনেতাই এটা ফ্ৰেমলৈ অনা সুক্ষ্ম আৱেগিক মাইক্ৰ’-ভেৰিয়েশ্যন, বিশেষকৈ চকুৰ সূক্ষ্ম পৰিৱৰ্তনবোৰ ই বুজিব নোৱাৰে। “এআই-য়ে ছাত্ৰ-ছাত্ৰীক বুজি নাপায়,” তেওঁ লগতে কয় যে আৱেগিক স্ফুলিংগইহে সঁচাকৈয়ে দৰ্শকক এটা কাহিনীৰ সৈতে বান্ধি ৰাখে।

 

শেখৰ কাপুৰে তেওঁৰ এআই-ৰ দ্বাৰা নিৰ্মিত ধাৰাবাহিক ‘ৱাৰ লৰ্ড‘-ৰ টিজাৰ শ্বেয়াৰ কৰি নতুন সৃষ্টিশীল উপকৰণৰে কৰা অন্বেষণ কথা উৎসাহেৰে কয়। এই সম্ভাৱনাবোৰক আঁকোৱালি লোৱাৰ পিছতো তেওঁ বিশ্বাস প্ৰকট কৰে যে প্ৰযুক্তিয়ে গল্প-কথকক পুনৰ সংজ্ঞায়িত নকৰে; বৰঞ্চ গল্পকাৰেহে প্ৰযুক্তিক নতুন ৰূপ দিয়ে।

 

দৰ্শকক আনন্দিত কৰা এটা মুহূৰ্তত কাপুৰে ‘মিষ্টাৰ ইণ্ডিয়া ২‘-ৰ চিত্ৰনাট্য লিখিবলৈ চেটজিপিটি ব্যৱহাৰ কৰি তেওঁৰ ৰান্ধনীজনে কৰা এক প্ৰয়াসৰ হাস্যৰসময়ী কাহিনী কয়।“তেওঁ ইমান উৎসাহেৰে মোৰ ওচৰলৈ আহিছিল, ”শেখৰ কাপুৰে স্মৰণ কৰি কয়, “মই সঁচাকৈয়ে নাজানিছিলো যে প্ৰথমে মই তেওঁ ৰন্ধা খাদ্যৰ শলাগ ল‘ব লাগে নে তেওঁ লিখা চিত্ৰনাট্যৰ গমেই ধৰিব পৰা নাছিলো।” ৰস লগা কাহিনীটোৱে সৃষ্টিশীল উপকৰণসমূহ কেনেদৰে সুলভ হৈ পৰিছে আৰু প্ৰযুক্তিয়ে কেনেকৈ অভাৱনীয় স্থানত কল্পনাশক্তিক সবল কৰি তুলিব পাৰে, সেই বিষয়ে আলোকপাত কৰিছিল।

 

দুয়োগৰাকী বক্তাই অনুভৱ প্ৰকাশ কৰে যে দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তন হোৱাৰ পিছতো চলচ্চিত্ৰ কেনেকৈ এক সামূহিক সামাজিক অভিজ্ঞতা হৈয়ে আছে। শেখৰ কাপুৰে ছবিগৃহলৈ যোৱাটোক এআই সঁজুলি বা ঘৰতে চোৱাৰ অভ্যাসে সলনি কৰিব নোৱাৰা এক সামাজিক অভিজ্ঞতা বুলি অভিহিত কৰি কয় যে, “হোম ডেলিভাৰীৰ সুবিধা থকা স্বত্বেও মানুহে ৰেষ্টুৰেণ্টলৈ যাবলৈ এৰা নাই।” ট্ৰিচিয়া টাটলে স্বতন্ত্ৰ আৰু দুঃসাহসিক ছবিৰ অভিজ্ঞতা লাভ কৰিব পৰা স্থান সংৰক্ষণত গুৰুত্ব আৰোপ কৰে, যিটো দায়িত্ব চলচ্চিত্ৰ মহোৎসৱসমূহে অব্যাহত ৰাখিব লাগিব।

আলোচনাত কলা-কুশলীসকলৰ সংখ্যাগত প্ৰয়োজনীয়তা ক্ৰমাত্ সীমিত হোৱা আৰু ছবিৰ ছেট নিৰ্মাণ শ্ৰমিকৰ ভৱিষ্যতক লৈও উদ্বেগ প্ৰকাশ কৰা হয়। ট্ৰিচিয়া টাটলে কেৱল ছবিৰ ছেটত থকাৰ মূল্যত আলোকপাত কৰি কয় যে তেওঁৰ পুত্ৰই এসময়ত পৰিচালনা বা লিখাৰ নহয়, বৰঞ্চ ছবি নিৰ্মাণৰ জগতখনক ওচৰৰ পৰা বুজিবলৈ আৰু অভিজ্ঞতা লাভ কৰিবলৈহে ইচ্ছা প্ৰকাশ কৰিছিল। শেখৰ কাপুৰে লগতে কয় যে তেওঁ “একশ্যন” আৰু “কাট” কোৱাৰ ক্ষমতা হেৰুৱাৰ আশংকা কৰে, তেওঁ কয়, এটা ছেটত গঢ় লৈ উঠা মানৱীয় সম্পৰ্ক কোনো এআই উপকৰণৰ দ্বাৰা পুনৰ সৃষ্টি কৰিব নোৱাৰি।

 

দৰ্শকৰে হোৱ বাৰ্তালাপত কাহিনী চুৰি, নৈতিকতা, আৰু এআই-ৰ কলাত্মক বৈধতাক লৈ কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শেখৰ কাপুৰৰ এটা শক্তিশালী বক্তব্য কৰে: “এআই যাদু নহয়। ই বিশৃংখলতাও নহয়। ই হৈছে পৰিৱৰ্তন। কিন্তু বাস্তৱ গল্প-কথন পূৰ্বানুমান কৰিব নোৱাৰা বিধৰ। এআই-য়ে ভৱিষ্যদ্বাণী কৰিব নোৱাৰে; ই কেৱল অতীতৰ অনুকৰণহে কৰিব পাৰে।” তেওঁ লগতে কয় যে এআই-ৰ সৈতে বা অবিহনেও লেখা-চুৰিৰ প্ৰৱণতা সৃষ্টিশীল এলাহৰ পৰাইহে আহে, আৰু আৱেগিক গল্প কথনৰ দ্বাৰা কামৰ আঁৰৰ মানুহগৰাকী সদায় উন্মোচিত হ’বই।

অধিৱেশনৰ সামৰণিত দুয়োগৰাকী বক্তাই এই কথাত সন্মত হয় যে চিনেমাৰ বিকাশ অব্যাহত থাকিব, কিন্তু ইয়াৰ সাৰতত্ব হৈছে — মানৱ কল্পনা, আৱেগিক সত্য, আৰু প্ৰতিটো প্ৰযুক্তিগত পৰিৱৰ্তনৰো উৰ্ধ্বত স্থায়ী হ’ব পৰা গল্পৰ শক্তিহে। অনুষ্ঠানৰ সামৰণি পৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাতে জনোৱা সম্বৰ্দ্ধনাৰে।

 

 

আই এফ এফ আই-ৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

For more information, click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Sayyid Rabeehashmi/ Nikhitha A S/Darshana Rane | IFFI 56 – 035/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2195369   |   Visitor Counter: 23