সংবিধানৰ প্ৰস্তাৱনা আবৃত্তিৰে আইএফএফআই-ত ‘সংবিধান দিৱস’ পিআইবি-ৰ বিষয়াসকলে ‘সংবিধান দিৱস’ উদযাপন কৰে
২৬ নৱেম্বৰত দেশজুৰি পালন কৰা ‘সংবিধান দিৱস’ উপলক্ষে ‘ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত অনুষ্ঠিত এক আনুষ্ঠানিক উদযাপনত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো-ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। এইবাৰ ৰাষ্ট্ৰই সংবিধান বলবত্কৰণৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। এই অনুষ্ঠানৰ সভাপতিত্ব কৰে ’ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান’ৰ উপাচাৰ্য ড° প্ৰজ্ঞা পালিৱাল গৌৰৰ লগতে পিআইবি-ৰ সঞ্চালক প্ৰধান শ্ৰীমতী ড. স্মিতা ৱত্ছ শৰ্মাই।

এই অনুষ্ঠানৰ অংশ হিচাপে বিষয়াসকলে সামূহিকভাৱে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা আবৃত্তি কৰি ইয়াৰ মূল্যবোধ ৰক্ষাৰ প্ৰতিশ্ৰুতি দোহাৰে। এই বাক্য উচ্চাৰণেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়-
“আমি ভাৰতৰ জনসাধাৰণে ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঠন কৰাৰ লগতে ইয়াৰ সকলো নাগৰিকক সুৰক্ষিত কৰাৰ পবিত্ৰ সংকল্প গ্ৰহণ কৰিছোঁ...”

উদযাপনৰ জৰিয়তে মহোৎসৱত উপস্থিত সংবাদ মাধ্যম আৰু যোগাযোগক্ষেত্ৰৰ পেছাদাৰসকলৰ মাজত সাংবিধানিক দায়বদ্ধতা, নাগৰিক কৰ্তব্য আৰু ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱ গঢ়ি তোলাত আলোকপাত কৰা হয়।
সংবিধান আৰু ইয়াৰ মাৰ্গদৰ্শক নীতিৰ প্ৰতি ৰাষ্ট্ৰৰ অটল সন্মান প্ৰতিধ্বনিত কৰি সকলো অংশগ্ৰহণকাৰীয়ে “জয় হিন্দ” উচ্চাৰণেৰে দেশপ্ৰেমমূলক ধ্বনি দি অনুষ্ঠানৰ সামৰণি মাৰে।
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Robin Singh/Darshana Rane | IFFI 56 - 084
रिलीज़ आईडी:
2195309
| Visitor Counter:
21
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Malayalam
,
Urdu
,
Marathi
,
हिन्दी
,
Konkani
,
Manipuri
,
Punjabi
,
Tamil
,
Telugu
,
Kannada