প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংবিধান দিৱসত প্ৰস্তাৱনা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াবৰ্গই

Posted On: 26 NOV 2025 9:18PM by PIB Guwahati

সংবিধান দিৱস উপলক্ষে আজি প্রধানমন্ত্রীৰ কার্যালয়ত ভাৰতীয় সংবিধানৰ প্রস্তাৱনা পাঠ কৰা হয়৷

এই গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত  প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি.কে. মিশ্ৰ;  প্ৰধানমন্ত্ৰীৰ দ্বিতীয়  প্ৰধান সচিব  শ্ৰী শক্তিকান্ত দাস; প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী তৰুণ কাপুৰ আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ সচিব  শ্ৰী আতিশ চন্দ্ৰৰ লগতে পিএমঅ’ৰ অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে।

পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে এক্সত দিয়া এটা পোষ্টত কয় যে,

‘আজি সংবিধান দিৱসত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত সংবিধানৰ  প্ৰস্তাৱনা পাঠ কৰা হয়।

অনুষ্ঠানত  প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি.কে. মিশ্ৰ;  প্ৰধানমন্ত্ৰীৰ দ্বিতীয়  প্ৰধান সচিব  শ্ৰী শক্তিকান্ত দাস; প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী তৰুণ কাপুৰ আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ সচিব  শ্ৰী আতিশ চন্দ্ৰৰ লগতে পিএমঅ’ৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে ।”

https://x.com/PMOIndia/status/1993702994635006394?s=20

 

 MJPS/SR/DM


(Release ID: 2195113) Visitor Counter : 3