iffi banner

দুখন ছবি, একেটাই স্পন্দন: ‘ফ্ৰেংক’ আৰু ‘লিটিল ট্ৰাবল গাৰ্লছ’ৰ প্ৰযোজকদ্বয়ে আইএফএফআই ২০২৫-ৰ সংবাদমেলত পৰিচিতি আৰু প্ৰত্যাশাৰ সন্ধান কৰে

এখন ছবিয়ে আপোনাক সলনি কৰি দিব পাৰে; ই আপোনাৰ জীৱন হৈ উঠিব পাৰে আৰু ই আপুনি যি বিশ্বাস কৰে তাকে গঢ়ো দিবগৈ পাৰে: ‘ফ্ৰেংক’ৰ প্ৰযোজক ইভ' ফেল্ট

প্ৰতিগৰাকী যুৱক-যুৱতীয়েই একেখন যুঁজতে অৱতীৰ্ণ হয়; পৃথিৱীয়ে তেওঁলোকক কোন হ’ব বুলি আশা কৰে আৰু তেওঁলোকে সঁচাকৈয়ে কোন হ’ব বিচাৰে তাৰ মাজৰ যুঁজ: ‘লিটল ট্ৰাবল গাৰ্লছ’ৰ প্ৰযোজক মিহেক চেৰ্নেক

আই এফ এফ আই-ৰ পেভিলিয়নত গোৱাৰ সাগৰীয় বতাহজাক আৰু ষ্টাৰডাষ্ট-ৰ দৰে জিলিকি থকা কেমেৰাৰ সৈতে আজি ‘ফ্ৰেংক’ আৰু ‘লিটিল ট্ৰাবল গাৰ্লছ’-য়ে মঞ্চখন পোহৰাই তুলিলে, প্ৰেছ হলটোক আৱেগ, প্ৰতিফলন, হাস্যৰস, আৰু চলচ্চিত্ৰৰ নিৰ্মল যাদুৰ এক সজীৱ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে।

 

প্ৰযোজক ইভ' ফেল্ট (ফ্ৰেংক) আৰু মিহেক চেৰ্নেকে (লিটিল ট্ৰাবল গাৰ্লছ)য়ে দৰ্শকক তেওঁলোকে যত্নৰে নিৰ্মাণ কৰা জগতসমূহৰ গভীৰতালৈ আকৰ্ষণ কৰিছিল, এখন হৈছেমৰ্মস্পৰ্শী আৰু নিৰ্ভীক, আনখন হৈছে কাব্যিক আৰু বিচলিত কৰিব পৰা, তথাপিও দুয়োগৰাকীয়েই বেদনা, আত্মানুসন্ধান, সাহস আৰু মানৱীয় সংযোগৰ সাৰ্বজনীন বিষয়বস্তুৰে সজীৱ।

 

 

ফ্ৰেংক: বেদনা, প্ৰত্যাশা আৰু মানৱীয় সংযোগেৰে খোদিত এটি কাহিনী

‘ফ্ৰেংক’ হৈছে ১৩ বছৰীয়া পলৰ কাহিনী। ঘৰুৱা হিংসাই জোকাৰি যোৱা আৰু অচিনাকি চহৰ এখনত এৰি যোৱা ল’ৰা হৈছে পল। য’ত তেওঁ জীৱনৰ সংঘাতত উজুটি খাবলগীয়া হৈছে। তেওঁ কৰা প্ৰতিটো পছন্দই যেন তেওঁক বিশৃংখলতাৰ গভীৰলৈহে ঠেলি দিছে। ঘটনাক্ৰমে এটা অদ্ভুত প্ৰকৃতিৰ, প্ৰতিবন্ধী মানুহ সৈতে আৱদ্ধ হৈ পৰিবলগীয়া হয় পল, এনে এটা মানুহৰ যে তেওঁক প্ৰয়োজন তেওঁ কেতিয়াও ভবাই নাছিল।

 

প্ৰযোজক ইভ’ ফেল্টে ছবিখনৰ আৱেগিক উৎপত্তিৰ বিষয়ে  কয়, “এই ধাৰণাটো মোৰ ভিতৰত প্ৰায় বিশ বছৰ ধৰি আছিল, ছাঁৰ দৰে, এটা স্মৃতিৰ দৰে। আৰু এদিন ই কেৱল নিৰৱে থাকিবলৈ অস্বীকাৰ কৰিলে। তেতিয়াই ফ্ৰেংক-ৰ জন্ম হ’ল।”

 

তেওঁ ছবিখনক অদৃশ্য বেদনা কঢ়িয়াই ফুৰা এটি শিশুৰ কি হয় তাৰেই এক নিৰৱ অন্বেষণ বুলি অভিহিত কৰে। ইষ্ট’নিয়াৰ দৰে সৰু দেশ এখনত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰত্যাহ্বানৰ কথা কওঁতে ফেল্টেও নিজৰ কুটিল হাস্যৰসেৰে দৰ্শকক আনন্দিত কৰিছিল। "আমি কেৱল ধনৰ বাবে যুঁজ দিয়াই নাই, আমি ইয়াক অলিম্পিক খেলৰ দৰে খেদিও ফুৰোঁ! কৰদাতাৰ সমৰ্থন অবিহনে ফ্ৰেংক-ৰ দৰে ছবি এখন সৰলভাৱে নহ'লেইহেঁতেন," তেওঁ মন্তব্য কৰে।

এনে কাহিনীয়ে অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকলৰ ভিতৰত যি পৰিৱৰ্তনৰ সূচনা কৰে, সেই বিষয়ে কোৱাৰ সময়ত তেওঁ লগতে কয়, “এখন ছবিয়ে আপোনাক সলনি কৰিব দিব পাৰে। ই আপোনাৰ জীৱন হৈ উঠিব পাৰে। ই আপুনি যি বিশ্বাস কৰে তাকে গঢ় দিবও পাৰে।”

 

বৃন্দগানৰ স্বৰৰ পৰা সাহসলৈ: লিটিল ট্ৰাবল গাৰ্লছ প্ৰত্যাশা আৰু পৰিচিতিৰ মাজৰ সংগ্ৰামৰ অন্বেষণ

কনভেণ্টত ছুটিৰ দিনত কয়ৰ ৰিট্ৰিটৰ সময়ত পৰিৱেশিত ‘লিটিল ট্ৰাবল গাৰ্লছ’ হৈছে এগৰাকী লাজকুৰীয়া কিশোৰী ছোৱালীৰ কাহিনী যিয়ে স্বাধীনতা, ইচ্ছা, বিদ্ৰোহ আৰু সম্পূৰ্ণৰূপে নিজৰ বিশ্বদৃষ্টিভংগীৰ প্ৰথম স্ফুলিংগৰ সোৱাদ লয়। তেওঁৰ জাগৃতিয়ে বন্ধুত্ব, পৰম্পৰা আৰু তেওঁৰ চৌপাশৰ দৃঢ় প্ৰত্যাশাসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।

 

প্ৰযোজক মিহেক চেৰ্নেকে লিটিল ট্ৰাবল গাৰ্লছ-ৰ হৃদয়খন বাকপটুতাৰে প্ৰকাশ কৰিছিল যেতিয়া তেওঁ ইয়াৰ আত্মানুসন্ধানৰ মূল যাত্ৰাৰ বিষয়ে কবলৈ লৈছিল। ছবিখনৰ আৱেগিক হৃদয়স্পৰ্শী বৰ্ণনা কৰি তেওঁ কয়, ‘এৱেকেনিং বা জাগৃতিয়ে কেতিয়াও ফুচফুচাই নকয়, ই এটা গীতৰ দৰেই এনেকৈ হঠাত্ আহি যায় যে আপুনি নুশুনাকৈ থাকিব নোৱাৰে।

ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত গভীৰভাৱে সোমাই চেৰ্নেকে ইয়াৰ অনন্য সৃষ্টিশীল পৰিৱেশৰ এক প্ৰাঞ্জল ছবি অংকন কৰিছিল। তেওঁৰ দলটোৱে চাৰি সপ্তাহ ধৰি নেৰনেপেৰাকৈ পবিত্ৰ গীৰ্জাৰ ভিতৰত চিত্ৰগ্ৰহণ কৰিছিল, চেটত বৃন্দগানৰ শিল্পী-কলা-কুশলীসকলৰ অলৌকিক অনুশাসনেৰে কৰা কেৰলৰ পৰিৱেশনা পোনপটীয়াকৈ ৰেকৰ্ড কৰিছিল। উল্লেখযোগ্য আৱেগিক গভীৰতাৰ সৈতে নিৰ্দোষীতাৰ ভাৰসাম্য ৰক্ষা কৰা ১৭ বছৰীয়া এগৰাকী মুখ্য অভিনেত্ৰীক গাইড কৰাটোৱে প্ৰক্ৰিয়াটোত আন এক সুক্ষ্মতকৈয়ো সূক্ষ্মতৰ স্তৰ সংযোজিত কৰিছিল। এই প্ৰকল্পটোৱে এটা ৰহস্যময় গুহাতো সোমাইছিলগৈ, যিটো স্থানক চেৰ্নেকে “নিজৰে এক ব্ৰহ্মাণ্ড” বুলি বৰ্ণনা কৰিছিল।

তেওঁৰ বাবে এই স্থানবোৰে নিজৰ শাৰীৰিক অৱস্থিতিক অতিক্ৰম কৰিছিল: “গীৰ্জা, অৰণ্য, গুহা, সেইবোৰ কেৱল স্থানেই হৈ থকা নাছিল। সেইবোৰ হৈছিল একোটাহঁত চৰিত্ৰও। এই স্থানবোৰে ছবিখনক আশীৰ্বাদ প্ৰদান কৰিছে।”

 

ছবিখনৰ সাৰ্বজনীন অনুৰণনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে “প্ৰতিগৰাকী যুৱক-যুৱতীয়েই পৃথিৱীয়ে তেওঁলোক কোন হ’ব বুলি আশা কৰে আৰু তেওঁলোকে সঁচাকৈয়ে কোন হ’ব বিচাৰে, তাৰ মাজৰ একেখন যুদ্ধতে অৱতীৰ্ণ হয়।” এই নিস্তব্ধ অথচ গভীৰ সংগ্ৰামখনেই ‘লিটিল ট্ৰাবল গাৰ্লছ’ক, ইয়াৰ ত্ৰুটিহীন বিশ্বজোৰা হৃদস্পন্দন প্ৰদান কৰিছে বুলি তেওঁ কয়।

 

আই এফ এফ আই-ৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।For more information, Click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Nayan Solanki/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 – 067


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2194680   |   Visitor Counter: 16