লেখা হৈছে কল্পনা কৰা আৱেগ, সম্পাদনা হৈছে অভিজ্ঞতাভিত্তিক আৱেগঃ ৰাজু হিৰানী
থিম হৈছে এখন ছবিৰ আত্মা, আনহাতে কাহিনীৰ সংঘাত হৈ পৰে অক্সিজেনঃ হিৰানী
আজি আইএফএফআই-ত পোহৰ ম্লান হোৱাৰ লগে-লগে মনবোৰ মুকলি হৈ পৰে আৰু সৃষ্টিশীলতা উদ্ভাসিত হৈ উঠে। ইয়াত সমবেত হোৱা সকলে কৰ্মশালাৰ কথা পাহৰি চিনেমাৰ শক্তি বৃদ্ধিত মনোনিৱেশ কৰে। ৰাজু হিৰানী সোমাই অহা মুহূৰ্ততে কলা একাডেমী হলত উত্তেজনাই বিৰাজ কৰে। শেষ সময়লৈকে তেওঁ কোৱা কথাখিনি লেখকসকলে খৰখেদাকৈ লিখি আছিল, সম্পাদকসকলে জানিব খুজিছিল আৰু চিনেমাপ্ৰেমীসকলে প্ৰেৰণা লাভ কৰিছিল।
সফল আৰু প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ এষাৰ কথাই চলচ্চিত্ৰ প্ৰেমীসকলৰ হৃদয় আৰু মন জয় কৰিলে। “লেখা হৈছে কল্পনা কৰা আৱেগ, সম্পাদনা হৈছে অভিজ্ঞতাভিত্তিক আৱেগ। লেখকে প্ৰথম ড্ৰাফ্ট লিখে আৰু সম্পাদকে শেষ ড্ৰাফ্ট লিখে। থিম হৈছে এখন ছবিৰ আত্মা, আনহাতে কাহিনীৰ সংঘাত হৈ পৰে অক্সিজেন।”

“দুখন টেবুলত চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়- লিখা আৰু সম্পাদনাঃ এক দৃষ্টিকোণ” শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত মাষ্টাৰক্লাছ আৰু ৱৰ্কশ্বপত ভাষণ প্ৰদানেৰে হিৰানীয়ে লেখন প্ৰক্ৰিয়াৰ সাৰমৰ্মক কাব্যিক ধৰণেৰে উপস্থাপন কৰেঃ “লেখা হৈছে সপোন দেখাৰ স্থান।” তেওঁ কয় যে লেখকসকলে সীমাহীন স্বাধীনতা উপভোগ কৰে— সীমাহীন আকাশ, নিখুঁত সূৰ্য্য উদয়, ত্ৰুটিহীন অভিনেতা, বাজেট সন্দৰ্ভতো কোনো বাধা নাই। কিন্তু এই কল্পিত দৃশ্যসমূহ সম্পাদনাৰ মেজত উপনীত হোৱাৰ মুহূৰ্তত বাস্তৱে সেইসমূহক ৰূপান্তৰিত কৰে। হিৰানীয়ে কয়, "কোনো চৰিত্ৰই সঁচাকৈয়ে কিবা এটা বিচৰা মাত্ৰেকে এখন ছবি আৰম্ভ হয়। সেই ইচ্ছাই কাহিনীৰ হৃদস্পন্দন হৈ পৰে।"
তেওঁ লেখকসকলক তেওঁলোকৰ কাহিনীসমূহ জীৱন্ত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। "বাস্তৱ অভিজ্ঞতাই কাহিনীক অবিশ্বাস্য, অনন্য আৰু গভীৰভাৱে আকৰ্ষণীয় কৰি তোলে," তেওঁ কয়।

তেওঁৰ প্ৰথম প্ৰেম— সম্পাদনাৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি সম্পাদকৰ গভীৰ অথচ লুকাই থকা সামৰ্থ্যত আলোকপাত কৰে। তেওঁ কয়, "যেতিয়া ফুটেজসমূহ সম্পাদনাৰ টেবুলত উপনীত হয়, তেতিয়া সকলো বেলেগ হৈ পৰে। সম্পাদকে কাহিনীটো পুনৰ কল্পনা কৰে। তেওঁ হৈছে লুপ্ত নায়ক। তেওঁৰ কাম অদৃশ্য, কিন্তু ই ছবিখনক সমৃদ্ধ কৰি তোলে।"
সম্পাদকৰ টুলিকিটৰ বৰ্ণনা কৰি তেওঁ কয় যে সম্পাদনাৰ ইউনিট হ’ল শ্বট আৰু এক বেলেগ প্ৰসংগৰ এটা শ্বটে অৰ্থ সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিব পাৰে। তেওঁ ৰসিকতা কৰি কয়, “এজন সম্পাদকে কাহিনী এটাক ১৮০ ডিগ্ৰী মাত্ৰাত সলাব পাৰে।”
চিনেমাৰ প্ৰাৰম্ভিক অগ্ৰদূতসকলৰ উদ্ধৃতি দি হিৰনীয়ে ডিডব্লিউ গ্ৰীফিথৰ বিখ্যাত ধাৰণাটোৰ কথা স্মৰণ কৰে। “এজন দক্ষ সম্পাদকে আপোনাৰ আৱেগৰ সৈতে মোকাবিলা কৰে।”
হিৰানীয়ে কয় যে এন্টাগনিষ্টসকলৰ প্ৰটাগনিষ্টসকলৰ দৰেই গভীৰ দৃষ্টিভংগী থাকিব লাগিব। তেওঁ লগতে কয়, “প্ৰতিটো চৰিত্ৰই বিশ্বাস কৰে যে তেওঁলোক সঠিক। তাৰ পৰাই কাহিনী এটাই গতি লাভ কৰে।”

উক্ত মনোমোহা কথোপকথনত যোগদানেৰে বিশিষ্ট চিত্ৰনাট্যকাৰ অভিজাত যোশীয়ে কাহিনী কথনৰ ক্ষেত্ৰত বাস্তৱ-জীৱনৰ স্মৃতিৰ অসাধাৰণ শক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে কিছুমান বিশেষ মুহূৰ্ত— সেয়া হাস্যৰসেই হওক, হৃদয়বিদাৰকেই হওক বা আচৰিত ধৰণৰেই হওক—আমাৰ মনত দশক-দশক ধৰি খোদিত হৈ থাকে আৰু সেয়েহে ই এক প্ৰামাণ্যতা বহন কৰে। তেওঁ প্ৰকাশ কৰে যে এনে বহু স্মৃতিয়ে পিছলৈ থ্ৰী ইডিয়টছত স্থান পাইছিল।
যোশীয়ে কালজয়ী চিত্ৰনাট্যৰ সত্যৰে সামৰণি মাৰেঃ প্ৰতিটো চৰিত্ৰৰ এটা বাধ্যতামূলক অভাৱ থাকিব লাগিব, সংঘাত হৈছে চিনেমাৰ অক্সিজেন। দুটা বৈধ, বিপৰীতমুখী সত্যৰ সংঘৰ্ষ হ’লেই আটাইতকৈ শক্তিশালী কাহিনীৰ সৃষ্টি হয়।
আইএফএফআই সম্পৰ্কে
১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ
আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/
পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/
পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Sangeeta Godbole/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 - 059
रिलीज़ आईडी:
2194440
| Visitor Counter:
19