iffi banner

আইএফএফআই-ত কিংবদন্তি অভিনেতা শ্ৰী ধৰ্মেন্দ্ৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

তেওঁ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা আৰু এজন ব্যতিক্ৰমী লোক আছিলঃ ৰাহুল ৰৱেল

আজি ভাৰতীয় চিনেমাই ২৪ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে এই জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰিয় ব্যক্তিত্ব শ্ৰী ধৰ্মেন্দ্ৰৰ দেহাৱসানত শোক প্ৰকাশ কৰে। সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কিংবদন্তি অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশৰ লগতে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াত প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ৰাহুল ৰৱেলে ৰূপালী পৰ্দাৰ অন্যতম উজ্জ্বল তাৰকাজনৰ সৈতে সান্নিধ্যৰ কথা সোঁৱৰণ কৰি এক আৱেগিক বক্তব্য প্ৰদান কৰে। তেওঁ ধৰ্মেন্দ্ৰৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপনেৰে সকলোকে অভিনেতাগৰাকীৰ অসাধাৰণ জীৱন পৰিক্ৰমাক উদযাপন কৰিবলৈ আহ্বান জনায়। ৰৱেলে কয়, “তেওঁ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা আৰু এজন ব্যতিক্ৰমী লোক আছিল।“

ৰাজ কাপুৰৰ মেৰা নাম জোকাৰত সহকাৰী পৰিচালক হিচাপে কাম কৰা সময়ৰ কথা মনত পেলাই ৰৱেলে কয় যে তাত প্ৰয়াত ধৰ্মেন্দ্ৰই অসামান্য নিষ্ঠা সহকাৰে ট্ৰেপেজ আৰ্টিষ্ট মহেন্দ্ৰ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কয় যে অভিনেতাজনে এমাহ ধৰি প্ৰতিদিনে সন্ধিয়াৰ বিমানেৰে দিল্লীলৈ গৈ পুৱা ৫ বজালৈকে শ্বুটিং কৰিছিল আৰু তাৰ পিছত মুম্বাইলৈ ঘূৰি গৈ আদমী ঔৰ ইনছানৰ চিত্ৰগ্ৰহণত অংশগ্ৰহণ কৰিছিল। এইদৰে তেওঁ কষ্টকৰ সূচী অক্ষুণ্ণ ৰাখিছিল বুলি তেওঁ কয়।

ৰাহুল ৰৱেলে প্ৰয়াত ধৰ্মেন্দ্ৰৰ পুত্ৰ ছানী দেউলে আত্মপ্ৰকাশ কৰা বেটাব (১৯৮৩) ছবিৰ দৃশ্যগ্ৰহণৰ সময়ৰ কথাও মনত পেলায়। কাশ্মীৰত ইয়াৰ চিত্ৰগ্ৰহণৰ সময়ত কেৱল প্ৰয়াত ধৰ্মেন্দ্ৰক চাবলৈ তাত ভালে সংখ্যক লোক গোট খাইছিল। ছবিখনে মুক্তি লাভৰ পিছত তেওঁ কেইবাদিনো প্ৰতিদিনে সন্ধিয়া বান্দ্ৰা ৱেষ্টৰ গেইটি চিনেমাত পুত্ৰৰ অভিনয় চাইছিল আৰু তাৰ পিছত পৰিচালক ৰাহুল ৰৱেলৰ ঘৰলৈ গৈ প্ৰতিদিনে প্ৰথমবাৰৰ বাবে চোৱাৰ দৰেই উৎসাহেৰে ছবিখনৰ বিষয়ে আলোচনা কৰিছিল। ৰৱেলে উল্লেখ কৰে যে কিংবদন্তি অভিনেতাজনৰ সন্তানে তেওঁৰ ‘বিশাল উত্তৰাধিকাৰ’ক আগুৱাই নিছে।

“ধৰম জী এনে এজন লোক আছিল, যাৰ জীৱন পৰিক্ৰমাক উদযাপন কৰিব লাগিব। কাৰণ তেওঁ দৰ্শকৰ মাজলৈ আনন্দৰ সঞ্চাৰ কৰিছিল”, তেওঁ আৱেগিকভাৱে কয়। তেওঁ প্ৰয়াত ধৰ্মেন্দ্ৰক লগ কৰি দুভৰি স্পৰ্শ কৰিবলৈ ব্যাকুল হৈ পৰা দিল্লীৰ এগৰাকী আৰক্ষী বিষয়াৰ কথা অৱগত কৰে। প্ৰিয় অভিনেতাগৰাকীৰ বিয়োগৰ বতৰা পাই বিষয়াগৰাকী শোকত ভাগি পৰিছিল। তেওঁ ৰৱেললৈ ফোন কৰি ছানী দেউলক সাক্ষাতেৰে শোক প্ৰকাশৰ ইচ্ছা প্ৰকাশ কৰে। ৰৱেলে কয়, “এয়াই ধৰম জীৰ শক্তি।“

ৰৱেলে প্ৰয়াত ধৰ্মেন্দ্ৰক চলচ্চিত্ৰৰ এগৰাকী পিতৃ পুৰুষ বুলিও অভিহিত কৰে। তেওঁক এগৰাকী বিশিষ্ট প্ৰযোজক হিচাপেও প্ৰশংসা কৰে।

সামৰণিত তেওঁ কয়, “আমি এজন মহান ব্যক্তিক হেৰুৱাইছো। আমি সৌভাগ্যৱান যে আমি সেই সময়ৰ মানুহ আছিলো, যেতিয়া ধৰ্মেন্দ্ৰ জীৰ দৰে তাৰকাই কাম কৰি আছিল।” তেওঁ কালজয়ী তাৰকাগৰাকীক সন্মান জনাবলৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজনৰ বাবে আইএফএফআই-ৰ আয়োজকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

বিশাল ব্যক্তিত্বৰ এগৰাকী প্ৰিয় শিল্পী আৰু গভীৰ মানৱতাবোধ সম্পন্ন লোক প্ৰয়াত ধৰ্মেন্দ্ৰৰ উত্তৰাধিকাৰ চিৰদিনৰ বাবে ভাৰতীয় চিনেমাৰ ইতিহাসত খোদিত হৈ থাকিব।

 

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Sriyanka Chatterjee/Darshana Rane | IFFI 56 - 069


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2194215   |   Visitor Counter: 14