iffi banner

পানাজীত ৫৬ সংখ্যক আই এফ এফ আইৰ ঐতিহাসিক, মহোৎসৱ শৈলীৰ উদ্বোধনী অনুষ্ঠানত বিশাল কুচকাৱাজ

৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই ২০২৫) পানাজীত ঐতিহাসিকভাৱে প্ৰথমবাৰৰ বাবে এক সুবিশাল কুচকাৱাজৰ সৈতে আৰম্ভ হয়। ২০ নৱেম্বৰত অনুষ্ঠিত এই কুচকাৱাজত চলচ্চিত্ৰ প্ৰযোজনা গৃহ, অংশগ্ৰহণকাৰী ৰাজ্য আৰু সাংস্কৃতিক দলৰ প্ৰতীকপট সজ্জিত বাহনসমূহ পুৰণি গোৱা মেডিকেল কলেজ ভৱনৰ পৰা কলা একাডেমীলৈ অগ্ৰসৰ হোৱাৰ লগে লগে চহৰখনৰ ডিবি ৰোড এক প্ৰাণৱন্ত সাংস্কৃতিক কৰিডৰলৈ ৰূপান্তৰিত হয়। গোৱা চৰকাৰৰ তৰফৰ পৰা ১২ খনকে ধৰি দুই ডজনৰো অধিক প্ৰতীকপট সজ্জিত বাহনে ভাৰতৰ চিনেমাৰ ঐতিহ্য, এনিমেচন আৰু আঞ্চলিক পৰিচয় প্ৰতিফলিত কৰা বিষয়বস্তু প্ৰদৰ্শন কৰে। ইয়াৰ মুখ্য আকৰ্ষণ আছিল সম্প্ৰচাৰ আৰু যোগাযোগ মন্ত্ৰালয়ৰ অধীনত চেণ্ট্ৰেল ব্যুৰ’ অব কমিউনিকেশ্যনৰ দ্বাৰা প্ৰযোজিত বৃহৎ লোক প্ৰযোজনা 'ভাৰত এক সুৰ', য'ত শতাধিক শিল্পীয়ে পৰম্পৰাগত নৃত্য পৰিৱেশন কৰাৰ লগতে ছোটা ভীম, মোটু পাটলু আৰু বিট্টু বাহানেবাজৰ দৰে প্ৰিয় কাৰ্টুন চৰিত্ৰৰ উপস্থিতিয়ে দৰ্শকৰ পৰা উৎসাহী প্ৰতিক্ৰিয়া লাভ কৰে।

এই কুচকাৱাজে সমগ্ৰ পানাজীতে এক মহোৎসৱৰ দৰে পৰিবেশৰ সৃষ্টি কৰাৰ ফলত উৎসৱৰ আৰম্ভণিৰ দিনটো আন্তঃদ্বাৰ অনুষ্ঠানৰ পৰিৱৰ্তে এক সৰ্বাত্মক ৰাজহুৱা উদযাপনলৈ ৰূপান্তৰিত হয়। হাজাৰ হাজাৰ স্থানীয় লোক, পৰ্যটক আৰু প্ৰতিনিধিয়ে শোভাযাত্ৰাৰ প্ৰতীকপট সজ্জিত বাহন, সাংস্কৃতিক প্ৰদৰ্শন আৰু লাইভ সংগীত চাবলৈ ৰাস্তাত শাৰী পাতি থিয় হোৱাৰ ফলত এই অনুষ্ঠান এতিয়ালৈকে আটাইতকৈ স্মৰণীয় আই এফ এফ আইৰ উদ্বোধনী অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। এই অনুষ্ঠানটোৱে গোৱাৰ মহোৎসৱৰ মনোভাৱক অনুষ্ঠানটোৰ চিনেমাৰ লেখিয়া বিশালতাৰ সৈতে সফলতাৰে মিশ্ৰিত কৰি ৯ দিনীয়া উদযাপনৰ বাবে এক অত্যুৎসাহী পৰিবেশ গঢ়ি তুলিছে।

গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তৰ সৈতে গোৱাৰ ৰাজ্যপাল শ্ৰী পুষ্পক অশোক গজপতি ৰাজুৱে পানাজীত এক প্ৰাণৱন্ত বিশাল কুচকাৱাজৰ সৈতে আইএফএফআই ২০২৫ উদ্বোধন কৰে।

অনুপম খেৰ, শেখৰ কাপুৰ আৰু নন্দমুৰি বালাকৃষ্ণই পানাজীত অনুষ্ঠিত আইএফএফআই ২০২৫ গ্ৰেণ্ড পেৰেডত এক আকৰ্ষণীয় উপস্থিতি প্ৰদৰ্শন কৰে।

প্ৰিয় এনিমেটেড চৰিত্ৰ ছোটা ভীম আৰু চুটকীয়ে আইএফএফআই ২০২৫ সুবিশাল কুচকাৱাজত তেওঁলোকৰ প্ৰাণৱন্ত উপস্থিতিৰে জনসাধাৰণক আনন্দিত কৰে।

হাৰিয়ানাৰ প্ৰাণৱন্ত সাংস্কৃতিক প্ৰদৰ্শনে ৰাজ্যখনৰ সমৃদ্ধ লোক পৰম্পৰা প্ৰদৰ্শন কৰে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে এক বিষয়বস্তু ভিত্তিক প্ৰতীকপট সজ্জিত বাহনেৰে অনুষ্ঠানত প্ৰতিনিধিত্ব কৰে।

কুচকাৱাজত শ্ৰী শান্তাদুৰ্গা বাবৰেশ্বৰ যুৱক সংঘৰ সাংস্কৃতিক উপস্থিতিও পৰিলক্ষিত হয়।

কাশ্মীৰৰ শিল্পীসকলে আইএফএফআই ২০২৫ বিশাল কুচকাৱাজ ৰঙেৰে সমৃদ্ধ কৰি অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলে।

উদ্বোধনী কুচকাৱাজত ৱেভছ অ’টিটিএৰো উপস্থিতি পৰিলক্ষিত হয়।

কুচকাৱাজত সংস্কৃতি আৰু চিনেমাৰ সংমিশ্ৰণ ভাস্বত হৈ উঠে।

উত্তৰাখণ্ডৰ শিল্পীসকলে আইএফএফআই ২০২৫ কুচকাৱাজৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

* * *


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2192481   |   Visitor Counter: 3