প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰ (আইইচিচি) চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
আন্তৰ্জাতিক প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰ (আইইচিচি) চৌহদ ‘ভাৰত মণ্ডপম’ নামেৰে নামকৰণ
জি-২০ মুদ্ৰা আৰু জি-২০ ডাকটিকট উন্মোচন
“ভাৰত মণ্ডপম ভাৰতৰ সামৰ্থ্য আৰু দেশৰ নতুন শক্তিৰ আহ্বান, ই ভাৰতৰ ভৱিষ্যৎ আৰু ইচ্ছাশক্তিৰ দৰ্শন”
“ভগৱান বাসৱেশ্বৰৰ ‘অনুভৱ মণ্ডপম’ৰ প্ৰেৰণাৰে ‘ভাৰত মণ্ডপম’ নামটো ৰখা হৈছে”
“স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ সময়ত ভাৰত মণ্ডপম হৈছে আমাৰ ভাৰতীয়সকলে আমাৰ গণতন্ত্ৰলৈ এক সুন্দৰ উপহাৰ”
“একবিংশ শতিকাত আমাৰ একবিংশ শতিকাৰ বাবে উপযোগী নিৰ্মাণ ব্যৱস্থা থাকিব লাগিব”
“ভাৰতে ‘ডাঙৰ চিন্তা, ডাঙৰ সপোন, ডাঙৰ কাম-কাজ’ৰ নীতিৰে আগুৱাই গৈছে”
‘ভাৰতৰ উন্নয়ন যাত্ৰা এতিয়া অবিৰত৷ চৰকাৰৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ শীৰ্ষ তৃতীয় অৰ্থনীতিৰ ভিতৰত স্থান পাব। এয়া মোদীৰ নিশ্চয়তা”
“আমি ইয়াৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰি দেশৰ ৫০খনতকৈও অধিক চহৰত জি-২০ৰ বৈঠকসমূহ অনুষ্ঠিত কৰিছোঁ”
प्रविष्टि तिथि:
26 JUL 2023 8:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰ (আইইচিচি)ৰ চৌহদ উদ্বোধন কৰে। এই উপলক্ষে তেওঁ জি-২০ৰ মুদ্ৰা আৰু জি-২০ ডাক টিকটো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে ড্ৰোনৰ জৰিয়তে সন্মিলন কেন্দ্ৰৰ নামকৰণ ‘ভাৰত মণ্ডপম’ প্ৰত্যক্ষ কৰে আৰু এই উপলক্ষে প্ৰদৰ্শিত সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰে প্ৰায় ২,৭০০ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে গঢ়ি তোলা প্ৰগতি ময়দানৰ নতুন আইইচিচি চৌহদে ভাৰতক বিশ্ব ব্যৱসায়িক গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰাত সহায় কৰিব।
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ নতুন উদ্যম আৰু মনোভাৱৰ ইংগিত দিবলৈ কবিতাৰে ভাষণৰ আৰম্ভণি কৰে। তেওঁ কয়, “ভাৰত মণ্ডপম ভাৰতৰ সামৰ্থ্য আৰু দেশৰ নতুন শক্তিৰ আহ্বান, ই ভাৰতৰ ভৱিষ্যৎ আৰু ইচ্ছাশক্তিৰ দৰ্শন।”
আজি পুৱা প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকসকলক সম্বৰ্ধনা জনোৱাৰ কথা স্মৰণ কৰি কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা প্ৰত্যক্ষ কৰি সমগ্ৰ দেশ আপ্লুত হৈছে। তেওঁ দিল্লীবাসীৰ লগতে প্ৰতিজন ভাৰতীয়ক ভাৰত মণ্ডপমৰ বাবে অভিনন্দন জ্ঞাপন কৰে। কাৰ্গিল বিজয় দিৱসৰ ঐতিহাসিক অনুষ্ঠানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীৰ হৈ কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘ভাৰত মণ্ডপম’ নামটোৰ আঁৰত ভগৱান বাসৱেশ্বৰৰ ‘অনুভৱ মণ্ডপম’ৰ প্ৰেৰণা আছে বুলি প্ৰধানমন্ত্ৰীয়ে বিৱৰি কয়। তেওঁ কয় যে অনুভৱ মণ্ডপমে বিতৰ্ক আৰু প্ৰকাশৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ সোঁৱৰাই দিয়ে যে ভাৰতক গণতন্ত্ৰৰ মাতৃ হিচাপে স্বীকৃতি দিয়া হৈছে। এই সন্দৰ্ভত তেওঁ বহুতো ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক দৃষ্টান্ত উল্লেখ কৰে। ‘স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰাৰ সময়ত এই ভাৰত মণ্ডপম আমাৰ ভাৰতীয়সকলে আমাৰ গণতন্ত্ৰলৈ আগবঢ়োৱা এক সুন্দৰ উপহাৰ’। তেওঁ কয় যে ইয়াৰ পৰাই সমগ্ৰ বিশ্বই ভাৰতৰ অগ্ৰগতি আৰু ক্ৰমবৰ্ধমান উচ্চতাৰ সাক্ষী হ’ব, যেতিয়া এতিয়াৰে পৰা কেইসপ্তাহমানৰ পাছত জি-২০ সন্মিলন অনুষ্ঠিত হ’ব।
দিল্লীত বিশ্বমানৰ সন্মিলন কেন্দ্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “একবিংশ শতিকাত আমাৰ নিৰ্মাণ ব্যৱস্থা একবিংশ শতিকাৰ বাবে উপযোগী থাকিব লাগিব।” প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰত মণ্ডপমে সমগ্ৰ বিশ্বৰ প্ৰদৰ্শকসকলক ব্যাপক উপকাৰ সাধন কৰিব আৰু ভাৰতৰ সন্মিলন পৰ্যটনৰ মাধ্যমত পৰিণত হ’ব। তেওঁ লগতে কয় যে ভাৰত মণ্ডপমে দেশৰ ষ্টাৰ্টআপসমূহৰ সামৰ্থ্য প্ৰদৰ্শনৰ মঞ্চ হিচাপে কাম কৰিব, শিল্পী আৰু অভিনেতাৰ অভিনয়ৰ সাক্ষী হ’ব আৰু হস্তশিল্প শিল্পীসকলৰ প্ৰচেষ্টা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰিব। “ভাৰত মণ্ডপম আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেল অভিযানৰ প্ৰতিফলন হৈ পৰিব” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্মিলন কেন্দ্ৰটোৱে অৰ্থনীতিৰ পৰা পৰিৱেশ আৰু বাণিজ্যৰ পৰা প্ৰযুক্তিলৈকে প্ৰতিটো খণ্ডৰ বাবে এক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত মণ্ডপমৰ দৰে আন্তঃগাঁথনি দশক দশক পূৰ্বে গঢ়ি তুলিব লাগিছিল। তেওঁ ন্যস্ত স্বাৰ্থৰ বিৰোধিতা সত্ত্বেও আন্তঃগাঁথনি সৃষ্টিৰ কাম আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সজোৰে কয় যে কোনো সমাজে পৃথকে কাম কৰি আগবাঢ়িব নোৱাৰে। তেওঁ কয় যে ভাৰত মণ্ডপম দূৰদৰ্শী সামগ্ৰিক কৰ্মশৈলীৰ নিদৰ্শন। ১৬০খনতকৈও অধিক দেশৰ বাবে ই-কনফাৰেন্স ভিছাৰ সুবিধাৰ দৰে পদক্ষেপৰ বিষয়ে অৱগত কৰি তেওঁ এই বিষয়ে ব্যাখ্যা কৰে। দিল্লী বিমানবন্দৰৰ ক্ষমতা ২০১৪ চনত ৫ কোটিৰ তুলনাত আজি বছৰি ৭.৫ কোটিলৈ বৃদ্ধি পাইছে। জেৱাৰ বিমানবন্দৰ কাৰ্যক্ষম হোৱাৰ পিছত এই ক্ষমতা আৰু অধিক শক্তিশালী কৰা হ’ব। দিল্লী এনচিআৰত আতিথ্য উদ্যোগো যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। ইয়াৰ দ্বাৰা কনফাৰেন্স পৰ্যটনৰ বাবে এক সামগ্ৰিক পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ পৰিকল্পিত পদ্ধতিৰ ইংগিত পোৱা গৈছে বুলিও তেওঁ কয়।
বিগত কেইবছৰমানৰ ৰাজধানী চহৰ নতুন দিল্লীৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা সংসদ ভৱনটোৰ ওপৰত আলোকপাত কৰি কয় যে ই প্ৰতিজন ভাৰতীয়ৰ মাজত গৌৰৱৰ বীজ সিঁচিছে। লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ, আৰক্ষী স্মৃতিসৌধ, বাবা চাহেব আম্বেদকাৰ স্মৃতিসৌধৰ দৰে কীৰ্তিচিহ্নৰ উদাহৰণো দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে চৰকাৰে কৰ্ম সংস্কৃতিৰ লগতে কৰ্ম পৰিৱেশৰ পৰিবৰ্তনৰ বাবে গতি প্ৰদান কৰাৰ বাবে কৰ্তব্য পথৰ আশে-পাশে থকা কাৰ্যালয় ভৱনসমূহৰ উন্নয়নৰ কাম পূৰ্ণগতিত চলি আছে। তেওঁ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ কথাও উল্লেখ কৰে, যিটোৱে ভাৰতে প্ৰতিজন প্ৰধানমন্ত্ৰীৰ জীৱনৰ আভাস প্ৰদান কৰিব। তেওঁ জনাইছে যে নতুন দিল্লীত বিশ্বৰ সৰ্ববৃহৎ সংগ্ৰহালয় ‘যুগে যুগীন ভাৰত’ৰ নিৰ্মাণ দ্ৰুতগতিত আগবাঢ়িছে৷
প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে আমি বিকশিত হ’বলৈ হ’লে ডাঙৰ চিন্তা কৰিব লাগিব আৰু ডাঙৰ ডাঙৰ লক্ষ্যত উপনীত হ’ব লাগিব। সেইবাবেই তেওঁ কয়, “ভাৰতে বৰ্তমান ‘ডাঙৰ চিন্তা, ডাঙৰ সপোন, ডাঙৰ কাম-কাজ’ৰ নীতিৰে আগবাঢ়িছে”। তেওঁ লগতে কয় “আমি ডাঙৰ, উন্নত আৰু দ্ৰুতগতিত সৃষ্টি কৰিছোঁ”। তেওঁ বিশ্বৰ সৰ্ববৃহৎ সৌৰ-বতাহ পাৰ্ক, সৰ্বোচ্চ ৰে’ল দলং, আটাইতকৈ দীঘল সুৰংগ, সৰ্বোচ্চ বাহন চলাচল কৰা পথ, আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম, বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম ৰে’ল দলঙৰ সম্পৰ্কে উল্লেখ কৰে। তেওঁ সেউজ হাইড্ৰজেনৰ অগ্ৰগতিৰ কথাও উল্লেখ কৰে৷
“বৰ্তমানৰ চৰকাৰৰ এই কাৰ্যকাল আৰু পূৰ্বৰ কাৰ্যকালৰ উন্নয়নৰ স্তম্ভসমূহৰ সাক্ষী সমগ্ৰ দেশ”, ভাৰতৰ উন্নয়ন যাত্ৰা এতিয়া অবিৰত বুলি দৃঢ়তাৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে৷ শ্ৰী মোদীয়ে কয় যে ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত ভাৰত বিশ্বৰ দশম বৃহত্তম অৰ্থনীতি আছিল, কিন্তু আজিৰ হিচাপত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি। ট্ৰেক ৰেকৰ্ড অনুসৰি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে তৃতীয় কাৰ্যকালত ভাৰতৰ নাম বিশ্বৰ শীৰ্ষ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ ভিতৰত থাকিব। “এয়া মোদীৰ নিশ্চয়তা”, তেওঁ দৃঢ়তাৰে কয়। তৃতীয় কাৰ্যকালত ভাৰতৰ উন্নয়ন যাত্ৰাৰ গতি বহুগুণে বৃদ্ধি পাব আৰু নাগৰিকে তেওঁলোকৰ সপোন বাস্তৱায়িত হোৱা দেখিব বুলিও নাগৰিকসকলক আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত পুনৰ নিৰ্মাণৰ বিপ্লৱৰ সাক্ষী হৈছে, কিয়নো বিগত ৯ বছৰত আন্তঃগাঁথনি গঢ় দিয়াৰ বাবে ৩৪ লাখ কোটি টকা ব্যয় কৰা হৈছে। এইবাৰো মূলধনী ব্যয় ১০ লাখ কোটিত ধাৰ্য কৰা হৈছে বুলি তেওঁ অৱগত কৰে। ভাৰতে অভূতপূৰ্ব গতি আৰু পৰিসৰত কাম কৰি আছে। তেওঁ কয় যে বিগত ৯ বছৰত ৪০,০০০ কিলোমিটাৰ ৰে’লপথৰ বিদ্যুতীকৰণ কৰা হৈছে, তাৰপূৰ্বে সাতটা দশকত মাত্ৰ ২০,০০০ কিলোমিটাৰ বিদ্যুতীকৰণ হৈছিল। ২০১৪ চনৰ আগতে প্ৰতিমাহে ৬০০ মিটাৰ মেট্ৰ’ লাইন স্থাপন কৰা হৈছিল, আজি প্ৰতিমাহে ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’ লাইন স্থাপন কৰা হৈছে। আজি দেশত ৭.২৫ কিলোমিটাৰ দীঘল গ্ৰামীণ পথ আছে, ২০১৪ চনত মাত্ৰ ৪ লাখ কিলোমিটাৰ আছিল। বিমানবন্দৰৰ সংখ্যা ৭০টাৰ পৰা প্ৰায় ১৫০লৈ বৃদ্ধি পাইছে।
“নতুন ভাৰত আগুৱাই গৈছে আৰু বাটত অহা সকলো বাধা অতিক্ৰম কৰি আছে”, সমস্যাৰ স্থায়ী সমাধান বিচাৰি চৰকাৰে মনোনিৱেশ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। সামাজিক আন্তঃগাঁথনিৰ বাবে গেম চেঞ্জাৰ হৈ পৰা পিএম গতিশক্তি মাষ্টাৰপ্লেনৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত ১৬০০ৰো অধিক স্তৰৰ তথ্য সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে দেশৰ সময় আৰু ধন ৰাহি কৰা।
প্ৰধানমন্ত্ৰীয়ে ১৯৩০ চনৰ যুগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয় যে যোৱা শতিকাৰ তৃতীয় দশকটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে গুৰুত্বপূৰ্ণ, য’ত লক্ষ্য আছিল স্বৰাজ। একেদৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই শতিকাৰ তৃতীয় দশক ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আমাৰ লক্ষ্য হৈছে এখন সমৃদ্ধিশালী ভাৰত, ‘বিকশিত ভাৰত’। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে স্বৰাজ আন্দোলনৰ ফলস্বৰূপে ভাৰতে স্বাধীনতা লাভ কৰিছিল। ‘এতিয়া এই তৃতীয় দশকত আমাৰ আগন্তুক ২৫ বছৰৰ বাবে ‘বিকশিত ভাৰত’ৰ লক্ষ্য আছে”, প্ৰতিজন স্বাধীনতা সংগ্ৰামীৰ সপোন বাস্তৱায়িত কৰিবলৈ নাগৰিকসকলক সজীৱ কৰি তোলাৰ সময় বুলি প্ৰধানমন্ত্ৰীয়ে কয়। অভিজ্ঞতাৰ ভিত্তিত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ সন্মুখত বহু কৃতিত্বৰ উন্মেষ ঘটা প্ৰত্যক্ষ কৰিছে আৰু দেশৰ শক্তিৰ প্ৰতি সচেতন। “ভাৰত এখন উন্নত দেশ হোৱা সম্ভাৱনীয়তা আছে! ভাৰতে দৰিদ্ৰতা দূৰ কৰিব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। নিটী আয়োগৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতত মাত্ৰ ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে উল্লেখ কৰা অনুসৰি ভাৰতত চৰম দৰিদ্ৰতা দূৰ হৈ যোৱাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে বিগত ৯ বছৰত চৰকাৰে গ্ৰহণ কৰা নীতি আৰু গ্ৰহণ কৰা সিদ্ধান্তৰ কৃতিত্ব দিয়ে।
স্বচ্ছ উদ্দেশ্য আৰু শুদ্ধ নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে জি-২০ক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ কয়, ‘আমি জি-২০ক কেৱল এখন চহৰ বা এখন ঠাইতে সীমাবদ্ধ কৰা নাছিলো। আমি জি-২০ৰ বৈঠক দেশৰ অৰ্ধশতাধিক চহৰলৈ লৈ গ’লোঁ৷ ইয়াৰ জৰিয়তে আমি ভাৰতৰ বৈচিত্ৰ্যতা প্ৰদৰ্শন কৰিলোঁ। ভাৰতৰ সাংস্কৃতিক শক্তি কি, ভাৰতৰ ঐতিহ্য কি, আমি বিশ্ববাসীক দেখুৱালো।” জি-২০ অধ্যক্ষতাৰ পদ্ধতিৰ বিষয়ে আৰু বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই সিদ্ধান্তত উপনীত হয়, “জি-২০ৰ বৈঠকৰ বাবে বহু চহৰত নতুন সুবিধা নিৰ্মাণ কৰা হৈছে আৰু পুৰণি সুবিধাসমূহ আধুনিকীকৰণ কৰা হৈছিল। ইয়াৰ দ্বাৰা দেশ আৰু দেশৰ জনসাধাৰণ উপকৃত হৈছে। এয়াই সুশাসন। আমি ৰাষ্ট্ৰ প্ৰথম, নাগৰিক প্ৰথমৰ মনোভাৱ অনুসৰণ কৰি ভাৰতক বিকশিত কৰিবলৈ ওলাইছো।”
এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় ব্যৱসায় আৰু বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, চৰকাৰৰ অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী আৰু উদ্যোগৰ আগশাৰীৰ বিশেষজ্ঞসকল উপস্থিত থাকে।
***
DS/TS/DB
(रिलीज़ आईडी: 2191562)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam