প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ভৰতপুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পিএমএনআৰএফৰ পৰা এক্স-গ্ৰাটিয়া ঘোষণা

পোষ্ট কৰা হৈছে: 13 SEP 2023 1:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ভৰতপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ পিএমএনআৰএফৰ পৰা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

ৰাজস্থানৰ ভৰতপুৰত সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক। গুজৰাটৰ পৰা ধৰ্মীয় ভ্ৰমণলৈ যোৱা যিসকল ভক্তই প্ৰাণ হেৰুৱাইছে, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ইয়াৰ লগতে, মই আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। “

প্ৰধানমন্ত্ৰীয়ে ভৰতপুৰৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ সাহায্য প্ৰদানৰ বাবে অনুমোদন জনাইছে। আহত সকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব।


(ৰিলিজ আই ডি : 2190735) অতিথি কক্ষ : 29