প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জনজাতীয় গৌৰৱ দিৱসত দেৱমোগৰা মাতা মন্দিৰত পূজা-অৰ্চনাৰে ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীত ৰাষ্ট্ৰৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে
Posted On:
15 NOV 2025 3:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী তথা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে দেৱমোগৰা মাতা মন্দিৰ দৰ্শন কৰে।
ইয়াত প্ৰধানমন্ত্ৰীয়ে পূজা-অৰ্চনা কৰাৰ লগতে সকলো নাগৰিকৰ সুস্বাস্থ্য আৰু প্ৰগতিৰ বাবে দেৱমোগৰা মাতাৰ আশীৰ্বাদ বিচাৰে। শ্ৰী মোদীয়ে এই অভিজ্ঞতাক স্মৰণীয় আখ্যাৰে সমগ্ৰ দেশৰ লোকসকলক এই মন্দিৰ দৰ্শনেৰে মাতাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
শ্ৰী মোদীয়ে এক্স-ত এইদৰে লিখিছে;
“দেৱমোগৰা মাতা কী জয়!
আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী তথা জনজাতীয় গৌৰৱ দিৱসৰ পবিত্ৰ উপলক্ষত দেৱমোগৰা মাতা মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰোঁ। ইয়াত সকলো দেশবাসীৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে মাতাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। মই আপোনালোককো এই মন্দিৰ দৰ্শনেৰে আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।"
***
MJPS/ST/SB
(Release ID: 2190394)
Visitor Counter : 3