প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০৮ টা ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপনেৰে কৰা সম্বোধনৰ অসমীয়া অনুবাদ
Posted On:
06 AUG 2023 2:17PM by PIB Guwahati
নমস্কাৰ! দেশৰ ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, দেশৰ ভিন্ন প্ৰান্তত উপস্থিত কেন্দ্ৰীয় কেবিনেটৰ আন-আন সদস্য, ভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, ৰাজ্যিক কেবিনেট মন্ত্ৰী, সাংসদ, বিধায়ক, আন সকলো বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!
উন্নয়নৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ভাৰত ‘অমৃত কাল’ৰ আৰম্ভণিত উপনীত হৈছে। এয়া নতুন শক্তি, নতুন প্ৰেৰণা, নতুন সংকল্পৰ সময়। এই আলোকত আজি ভাৰতীয় ৰেলৱেৰ ইতিহাসতো এক নতুন অধ্যায়ৰ শুভাৰম্ভণি ঘটিছে। ভাৰতৰ প্ৰায় ১৩০০ টা প্ৰধান ৰেলৱে ষ্টেচনক এতিয়া ‘অমৃত ভাৰত ৰেলৱে ষ্টেচন’ হিচাপে বিকশিত কৰা হ’ব আৰু এইসমূহৰ পুনৰ উন্নয়ন তথা আধুনিকীকৰণ কৰা হ’ব। আজি ৫০৮ টা অমৃত ভাৰত ষ্টেচনৰ পুনৰ উন্নয়নৰ কাম আৰম্ভ হৈছে। এই ৫০৮ টা অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ বাবে আনুমানিক ২৫ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব। আপোনালোকে কল্পনা কৰিব পাৰিছে যে এই অভিযান দেশৰ আন্তঃগাঁথনিৰ বাবে, ৰেলৱেৰ বাবে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ দেশৰ সাধাৰণ নাগৰিকৰ বাবে এয়া কিমান তাৎপৰ্যপূৰ্ণ হ’ব। এই প্ৰকল্পৰ সুফল দেশৰ প্ৰায় সকলো ৰাজ্যই ভোগ কৰিব। উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশৰ ৫৫ টা অমৃত ষ্টেচনৰ উন্নয়নৰ বাবে প্ৰায় ৪০০০ কোটি টকা ব্যয় কৰা হ’ব। ৰাজস্থানৰো ৫৫ টা ৰেল ষ্টেচনক অমৃত ভাৰত ষ্টেচনলৈ ৰূপান্তৰিত কৰা হ’ব। মধ্যপ্ৰদেশৰ ৩৪ টা ষ্টেচনৰ পুনৰ উন্নয়নৰ বাবে প্ৰায় ১০০০ কোটি টকা ব্যয় কৰা হ’ব। মহাৰাষ্ট্ৰৰ ৪৪ টা ষ্টেচনৰ উন্নয়নৰ বাবে ২৫০০ কোটিৰো অধিক টকা ব্যয় কৰা হ’ব। তামিলনাডু, কৰ্ণাটক আৰু কেৰালাৰো প্ৰধান ষ্টেচনসমূহৰ অমৃত ভাৰত ষ্টেচন হিচাপে উন্নয়ন সাধন কৰা হ’ব। ’অমৃত কাল’ত এই ঐতিহাসিক অভিযানৰ আৰম্ভণিতে ৰেল মন্ত্ৰালয়ক শলাগ লৈ দেশৰ সকলো নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
আজি সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈছে। বিশ্ব পৰ্যায়ত ভাৰতৰ মৰ্য্যাদা বৃদ্ধি পাইছে, ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগীও সলনি হৈছে। ইয়াৰ মূল কাৰণ দুটা। প্ৰথমতে, দেশত প্ৰায় তিনি দশকৰ পাছত, ত্ৰিশ বছৰৰ পাছত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন হৈছে আৰু সেয়াই প্ৰথম কাৰণ। দ্বিতীয় কাৰণটো হ’ল, পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰে স্পষ্টতাৰে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে, জনসাধাৰণৰ আৱেগক সন্মান জনাই প্ৰত্যাহ্বানৰ স্থায়ী সমাধান বিচাৰি অক্লান্তভাৱে কাম কৰিছে। আজি ভাৰতীয় ৰেলৱেও এই ৰূপান্তৰৰ প্ৰতীক হৈ পৰিছে। বিগত বছৰবোৰত ৰেলৱেৰ কামৰ পৰিসংখ্যা আৰু তথ্যই সকলোকে সন্তুষ্ট কৰাৰ লগতে আচৰিত কৰি তোলে। উদাহৰণস্বৰূপে, যোৱা ৯ বছৰত ভাৰতে দক্ষিণ আফ্ৰিকা, ইউক্ৰেইন, পোলেণ্ড, ব্ৰিটেইন, ছুইডেনৰ দৰে দেশতকৈ অধিক ৰেলপথ স্থাপন কৰিছে। এই কৃতিত্বৰ পৰিসৰ কল্পনা কৰকচোন। মাত্ৰ এবছৰত ভাৰতে দক্ষিণ কোৰিয়া, নিউজিলেণ্ড, অষ্ট্ৰিয়া আদি দেশৰ সমগ্ৰ ৰেলৱে নেটৱৰ্কতকৈ অধিক ট্ৰেক নিৰ্মাণ কৰিছে। ভাৰতত আধুনিক ৰেলৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশৰ লক্ষ্য এতিয়া প্ৰতিজন যাত্ৰী, প্ৰতিজন নাগৰিকৰ বাবে ৰেল যাত্ৰাক আৰামদায়ক আৰু উপভোগ্য কৰি তোলা। ৰেলৰ পৰা ষ্টেচনলৈকে উন্নত আৰু উৎকৃষ্ট অভিজ্ঞতা প্ৰদানৰ প্ৰচেষ্টা চলোৱা হৈছে। প্লেটফৰ্মবোৰত বহাৰ ব্যৱস্থা উন্নত হৈছে আৰু উন্নত ৱেটিং ৰুম নিৰ্মাণ কৰা হৈছে। আজি দেশৰ হাজাৰ হাজাৰ ৰেল ষ্টেচনত বিনামূলীয়া ৱাই-ফাইৰ সুবিধা উপলব্ধ। আমি দেখিছোঁ যে এই বিনামূলীয়া ইন্টাৰনেটৰ দ্বাৰা কিমান যুৱক-যুৱতী উপকৃত হৈছে।
বন্ধুসকল,
ৰেলৱেত এইসমূহ উল্লেখযোগ্য কৃতিত্ব লাভ কৰা হৈছে। সকলো প্ৰধানমন্ত্ৰীয়েই ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা এই কৃতিত্বৰ কথা উল্লেখ কৰিবলৈ প্ৰৱল ইচ্ছা প্ৰকাশ কৰিব। আৰু ১৫ আগষ্ট ওচৰ চাপি অহাৰ লগে-লগে সেইদিনাই আলোচনা কৰিবলৈ মন কৰিব। কিন্তু আজি এনে এক বিশাল অনুষ্ঠান অব্যাহত আছে আৰু ইয়াত দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজে অংশগ্ৰহণৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও এই বিষয়টোত বিশদভাৱে আলোচনা কৰি আছোঁ।
বন্ধুসকল,
ৰেলপথক প্ৰায়ে আমাৰ দেশৰ আয়ূষৰেখা বুলি কোৱা হয়। ইয়াৰ সমান্তৰালভাৱে আমাৰ চহৰসমূহৰ পৰিচয়ো সংশ্লিষ্ট ৰেলৱে ষ্টেচনৰ সৈতে জড়িত হৈ আছে। সময়ৰ লগে লগে এই ৰেল ষ্টেচনসমূহ এতিয়া ‘চহৰৰ কেন্দ্ৰ’ হৈ পৰিছে। মহানগৰীৰ সকলো প্ৰধান কাম-কাজ ৰেল ষ্টেচনৰ আশে-পাশে সম্পন্ন হয়। গতিকে আমাৰ ৰেল ষ্টেচনসমূহক আধুনিক আৰু কাৰ্যক্ষম স্থানলৈ ৰূপান্তৰিত কৰি ৰে’ল আন্তঃগাঁথনিৰ অনুকূল ব্যৱহাৰ সুনিশ্চিত কৰাটো আজি অতিশয় গুৰুত্বপূৰ্ণ।
বন্ধুসকল,
দেশৰ ইমানখিনি নতুন আৰু আধুনিক ষ্টেচন হোৱাৰ ফলত উন্নয়নৰ নতুন পৰিবেশৰ সৃষ্টি হ’ব। কোনো পৰ্যটক, সেয়া ঘৰুৱা বা বিদেশীয়েই হওঁক, ৰেলযোগে এই আধুনিক ষ্টেচনসমূহত উপস্থিত হোৱা মাত্ৰেকে তেওঁ ৰাজ্যখন আৰু আপোনাৰ চহৰখনৰ প্ৰথম আভাস লাভেৰে আপ্লুত হ’ব আৰু এয়া তেওঁৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হৈ পৰিব। আধুনিক সা-সুবিধাৰ বাবে পৰ্যটনে এক উত্থান লাভ কৰিব। ষ্টেচনসমূহৰ চাৰিওফালে উন্নত সুবিধাৰ উপলব্ধতাই অৰ্থনৈতিক কাৰ্যকলাপক প্ৰসাৰিত কৰিব। নগৰ-ৰাজ্যৰ পৰিচয়ৰ সৈতে ষ্টেচনসমূহক সংযোগ কৰিবলৈ চৰকাৰে ‘এক ষ্টেচন, এক প্ৰডাক্ট’ আঁচনি আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা শ্ৰমিক আৰু কাৰিকৰসকলকে প্ৰমুখ্য কৰি সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হোৱাৰ লগতে জিলাখনৰ ব্ৰেণ্ডিঙো বৃদ্ধি পাব।
বন্ধুসকল,
স্বাধীনতাৰ ‘অমৃত কাল’ত দেশে নিজৰ ঐতিহ্যক লৈয়ো গৌৰৱ অনুভৱ কৰিছে। এই অমৃত ৰেলৱে ষ্টেচনসমূহো সেই গৌৰৱৰ প্ৰতীক হৈ পৰিব, আমাক এক সন্মানবোধেৰে ভৰাই তুলিব। এই ষ্টেচনসমূহত দেশৰ সংস্কৃতি আৰু স্থানীয় ঐতিহ্যৰ আভাস দাঙি ধৰা হ’ব। উদাহৰণস্বৰূপে জয়পুৰ ৰেলৱে ষ্টেচনত ৰাজস্থানৰ ঐতিহ্যৰ আভাস প্ৰদৰ্শন কৰা হ’ব, যেনেঃ হাৱা মহল আৰু আমেৰ দুৰ্গ। বিখ্যাত ৰঘুনাথ মন্দিৰক জম্মু-কাশ্মীৰৰ জম্মু তাৱী ৰেলৱে ষ্টেচনত উপস্থাপন কৰা হ’ব। নাগালেণ্ডৰ ডিমাপুৰ ষ্টেচনত ইয়াৰ ১৬ জনগোষ্ঠীৰ স্থানীয় পৰম্পৰাগত কলা প্ৰদৰ্শন কৰা হ’ব। প্ৰতিটো অমৃত ষ্টেচন চহৰখনৰ আধুনিক আকাংক্ষা আৰু প্ৰাচীন ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। শেহতীয়াকৈ দেশৰ বিভিন্ন ঐতিহাসিক স্থান আৰু তীৰ্থস্থানসমূহক সংযোগ কৰিবলৈ ভাৰত গৌৰৱ পৰ্যটন ৰেলৰ প্ৰৱৰ্তন কৰা হৈছে। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে এই পদক্ষেপসমূহকো সুদৃঢ় কৰি তোলা হৈছে।
বন্ধুসকল,
যিকোনো ব্যৱস্থাক ৰূপান্তৰিত কৰিবলৈ হ’লে ইয়াৰ সম্ভাৱনাক চিনাক্ত কৰাটো অতিশয় প্ৰয়োজনীয়। ভাৰতীয় ৰেলৱেৰ সঁচাকৈয়ে বৃদ্ধিক ত্বৰান্বিতকৰণৰ অপৰিসীম সম্ভাৱনা আছে। এই দৃষ্টিভংগীৰে আমি বিগত ৯ বছৰত ৰেলৱেত অভিলেখ পৰিমাণৰ বিনিয়োগ কৰিছোঁ। এইবাৰ ৰেলৱেৰ বাবে ডেৰ-দুই লাখ কোটি টকাৰো অধিক বাজেট আবন্টন দিয়া হৈছে। এই বাজেট ২০১৪-ৰ বাজেটৰ পাঁচগুণৰো অধিক। আজি আমি ৰেলৱেৰ সামগ্ৰিক উন্নয়নৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰি আছোঁ। এই ৯ বছৰত ইঞ্জিনৰ নিৰ্মাণ ৯ গুণ বৃদ্ধি পাইছে। বৰ্তমান দেশত পূৰ্বতকৈ ১৩ গুণ বেছি এইচএলবি (High Capacity Locomotive) ডবা নিৰ্মাণ কৰা হৈছে।
বন্ধুসকল,
আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৰেলপথ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ৰেলপথৰ দ্বৈতকৰণ, গজ ৰূপান্তৰ, বৈদ্যুতীকৰণ, নতুন পথ নিৰ্মাণ আদিৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে। শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হ’ব। ১০০ বছৰৰ মূৰত নাগালেণ্ডত দ্বিতীয়টো ৰেল ষ্টেচন স্থাপন কৰা হৈছে। উত্তৰ-পূর্বাঞ্চলত নতুন ৰেলপথ কাৰ্য্যক্ষম পূর্বৰ বছৰৰ তুলনাত তিনিগুণ বেছি হৈছে।
বন্ধুসকল,
যোৱা ৯ বছৰত ২,২০০ কিমি নিৰ্দিষ্ট ফ্ৰেইট কৰিডৰ স্থাপন কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত মালবাহী ৰেলৰ যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাইছে। পূৰ্বে দিল্লী-এনচিআৰৰ পৰা পশ্চিম বন্দৰলৈ সামগ্ৰী সৰবৰাহ কৰিবলৈ গড়ে ৭২ ঘন্টা সময় লাগিছিল, সেয়া গুজৰাটৰ উপকূলীয় অঞ্চলেই হওঁক বা মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলেই হওঁক। এতিয়া একেখিনি সামগ্ৰীকে ২৪ ঘন্টাৰ ভিতৰত গন্তব্য স্থানত উপনীত কৰিব পাৰি। একেদৰে আন পথতো ৪০ শতাংশ পৰ্যন্ত সময় হ্ৰাস পাইছে। যাত্ৰাৰ সময় হ্ৰাস পোৱাৰ অৰ্থ হ’ল মালবাহী ৰেলসমূহ অধিক বেগেৰে চলিছে আৰু সামগ্ৰীসমূহ অধিক দ্ৰুতগতিত গন্তব্যস্থানত উপনীত হৈছে। এনে অগ্ৰগতিৰ ফলত আমাৰ উদ্যোগী, ব্যৱসায়ী আৰু বিশেষকৈ আমাৰ কৃষক ভাই-ভনীসকলৰ বাবে যথেষ্ট সুবিধা হৈছে। আমাৰ ফলমূল আৰু শাক-পাচলি এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বহুত বেছি দ্ৰুত গতিত উপনীত হৈছে। দেশত যেতিয়া এনে পৰিবহণ কাৰ্য্য ক্ষীপ্ৰ হ’ব, তেতিয়া আমাৰ সামগ্ৰী বিশ্বৰ বজাৰতো দ্ৰুতগতিত উপনীত হ’ব। আমাৰ ক্ষুদ্ৰ উদ্যোগ আৰু বিভিন্ন সামগ্ৰী উৎপাদন কৰা কাৰিকৰসকলে বিশ্বৰ বজাৰত অধিক দ্ৰুতগতিত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব।
বন্ধুসকল,
আপোনালোকে সকলোৱে দেখিছে যে আগতে কেনেকৈ দলঙৰ ওপৰেৰে ৰেলপথৰ সীমিত সংখ্যাৰ বাবে ইমান অসুবিধা হৈছিল। ২০১৪-ৰ পূৰ্বে দেশত দলঙৰ ওপৰেৰে আৰু দলঙৰ তলেৰে ৬ হাজাৰৰো কম ৰেলপথ আছিল। আজি অ’ভাৰ ব্ৰীজ আৰু আণ্ডাৰ ব্ৰীজৰ সংখ্যাই ১০ হাজাৰ অতিক্ৰম কৰিছে। দেশৰ ডাঙৰ-ডাঙৰ লাইনত হিউমেন লেভেল ক্ৰছিঙৰ সংখ্যাও শূন্যলৈ হ্ৰাস কৰা হৈছে। আজি ৰেল প্লেটফৰ্ম আৰু ৰেলত যাত্ৰীসকলৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰাৰ সময়ত বৃদ্ধ লোক আৰু দিব্যাং ব্যক্তিসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
বন্ধুসকল,
আমি কেৱল ভাৰতীয় ৰেলৱেক আধুনিকীকৰণতেই নহয়, বৰঞ্চ ইয়াক পৰিবেশ অনুকূল কৰি তোলাতো গুৰুত্ব আৰোপ কৰিছোঁ। অতি শীঘ্ৰেই ভাৰতৰ প্ৰায় ১০০% ৰেলপথৰ বৈদ্যুতীকৰণ সম্পন্ন হ’ব, অৰ্থাৎ মাত্ৰ কেইবছৰমানৰ ভিতৰতে সকলো ৰেল কেৱল বিদ্যুতেৰে চলিব। ইয়াৰ ফলত পৰিবেশত কেনেদৰে উল্লেখযোগ্য ইতিবাচক প্ৰভাৱ পৰিব সেয়া আপোনালোকে কল্পনা কৰিব পাৰে। বিগত ৯ বছৰত সৌৰ পেনেলৰ পৰা বিদ্যুৎ উৎপাদন কৰা ৰেল ষ্টেচনৰ সংখ্যাই ১২০০ অতিক্ৰম কৰিছে। আমাৰ লক্ষ্য হৈছে ভৱিষ্যতে সকলো ষ্টেচনকে সেউজ শক্তিচালিত কৰি তোলা। আমাৰ ৰেলৰ প্ৰায় ৭০ হাজাৰ ডবাত এলইডি লাইট লগোৱা হৈছে। ২০১৪-ৰ তুলনাত এতিয়া ৰেলত বাঅ’-টয়লেটৰ সংখ্যা ২৮ গুণ বেছি। এই সকলোবোৰ নতুন অমৃত ষ্টেচনেও সেউজ বিল্ডিং মানদণ্ড মানি চলিব। ২০৩০-ৰ ভিতৰত ভাৰতে এনে এখন দেশ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, য’ত ইয়াৰ ৰেলৱে নেটৱৰ্কৰ নিৰ্গমন শূন্য হৈ পৰিব।
বন্ধুসকল,
দশক দশক ধৰি ভাৰতীয় ৰেলৱেয়ে জনসাধাৰণক তেওঁলোকৰ আপোনজনৰ সৈতে আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰখনৰ সৈতে সংযোগ স্থাপনৰ বাবে এক বৃহৎ অভিযান গ্ৰহণ কৰি আহিছে। এতিয়া ৰেলৱেৰ উন্নত পৰিচয় আৰু আধুনিক ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱাটো আমাৰ দায়িত্ব। আমি দায়িত্বশীল নাগৰিক হিচাপে ৰেলপথ, ইয়াৰ সা-সুবিধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিব লাগিব। ‘অমৃত কাল’ কৰ্তব্যৰো সময়। কিন্তু বন্ধুসকল, কিছুমান কথা দেখিলে আমাৰ মনটো বেয়া লাগি যায়। দুৰ্ভাগ্যজনকভাৱে আমাৰ দেশৰ বিৰোধীৰ এটা অংশ এতিয়াও পুৰণি ধাৰণাৰে আবদ্ধ হৈ আছে, তেওঁলোকে নিজেও একো নকৰে আৰু আনকো একো কৰিবলৈ নিদিয়ে। “আমিও কাম নকৰোঁ, আনকো কৰিবলৈ নিদিওঁ”, এই মনোভাৱত তেওঁলোক অটল। বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি আধুনিক সংসদ ভৱন নিৰ্মাণ কৰা হৈছে। সংসদ দেশৰ গণতন্ত্ৰৰ প্ৰতীক, যিয়ে শাসক আৰু বিৰোধী উভয় দলকে প্ৰতিনিধিত্ব কৰে। কিন্তু বিৰোধীৰ এটা অংশই আনকি এই নতুন ভৱনটোক লৈয়ো আপত্তি কৰিছে। আমি যেতিয়া কৰ্তব্য পথ স্থাপন কৰিছিলোঁ, তেতিয়াও তেওঁলোকে বিৰোধিতা কৰিছিল। এই লোকসকলে ৭০ বছৰে আমাৰ বীৰ শ্বহীদসকলৰ বাবে এটি যুদ্ধ স্মাৰক স্থাপন কৰিব নোৱাৰিছিল। কিন্তু আমি যেতিয়া ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰিছিলোঁ তেতিয়া তেওঁলোকে নিৰ্লজ্জভাৱে ইয়াকো সমালোচনা কৰিছিল। চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্যৰ প্ৰতিমূৰ্তি বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি, যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে। তথাপিও কিছুমান ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়তহে চৰ্দাৰ চাহেবক স্মৰণ কৰে। কিন্তু সেই দলসমূহৰ এজনো বিশিষ্ট নেতাই ঐক্যৰ প্ৰতিমূৰ্তি দৰ্শন কৰা নাই বা এই বিশাল স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনোৱাগৈ নাই।
কিন্তু বন্ধুসকল,
আমি ইতিবাচক ৰাজনীতিৰ জৰিয়তে দেশৰ উন্নয়নক আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছোঁ আৰু সেইবাবেই আমি এটা মিছন হিচাপে গঠনমূলক ৰাজনীতিৰ পথ অনুসৰণ কৰিছোঁ। নেতিবাচক ৰাজনীতিৰ উৰ্ধত থাকি আমি সমগ্ৰ ৰাষ্ট্ৰৰ উন্নয়নক অগ্ৰাধিকাৰ দিওঁ। কোনখন ৰাজ্য, কোন দলৰ চৰকাৰ বা কোন দলৰ ভোট বেংক আছে, তাত গুৰুত্ব প্ৰদান কৰা নহয়। আমাৰ গুৰুত্ব সৰ্বাংগীন উন্নয়নৰ ওপৰত, য’ত ‘সবকা সাথ, সবকা বিকাশ’ হৈছে পথ-প্ৰদৰ্শক মন্ত্ৰ।
বন্ধুসকল,
শেহতীয়া বছৰ কেইটাত ভাৰতীয় ৰেলৱে যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ এক উল্লেখযোগ্য উৎস হৈ পৰিছে। প্ৰায় ডেৰ লাখ যুৱক-যুৱতীয়ে কেৱল ৰেলৱেতে স্থায়ী চাকৰি লাভ কৰিছে। ইয়াৰ উপৰিও আন্তঃগাঁথনিত কোটি কোটি টকাৰ বিনিয়োগে লাখ লাখ যুৱক-যুৱতীৰ বাবে চাকৰিৰ সুযোগৰ সৃষ্টি কৰিছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে দহ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদানৰ অভিযানো অব্যাহত ৰাখিছে। নিয়মিতভাৱে ‘ৰোজগাৰ মেলা’-ৰ আয়োজন কৰা হৈছে আৰু যুৱক-যুৱতীসকলে নিযুক্তি পত্ৰ লাভ কৰিছে। ভাৰতৰ এই পৰিৱৰ্তিত ভাৱমূর্তিয়ে উন্নয়নে যুৱক-যুৱতীসকলক কেনেদৰে নতুন সুযোগ আগবঢ়াইছে, তাকে প্রতিফলিত কৰিছে।
বন্ধুসকল,
আজি আমাক আশীৰ্বাদ জনাবলৈ এই অনুষ্ঠানত ভালে কেইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে অংশগ্ৰহণ কৰিছে। কেইবাগৰাকীও পদ্ম বঁটা লাভ কৰা ব্যক্তিয়ে এই অনুষ্ঠানৰ শোভা-বৰ্ধন কৰিছে। প্ৰতিজন ভাৰতীয়ৰ বাবে আগষ্ট মাহৰ তাৎপৰ্য অপৰিসীম। বিপ্লৱ, কৃতজ্ঞতা, কৰ্তব্যবোধৰ মাহ। আগষ্ট মাহত অসংখ্য ঐতিহাসিক দিন আছে, যিসমূহে ভাৰতৰ ইতিহাসক নতুন ৰূপ প্ৰদান কৰিছে আৰু আজিও আমাক অনুপ্ৰাণিত কৰি আছে। কাইলৈ অৰ্থাৎ ৭ আগষ্টত সমগ্ৰ দেশে স্বদেশী আন্দোলনৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰিব। এই দিৱসে প্ৰতিজন ভাৰতীয়কে পুনৰবাৰ ভকেল ফৰ লোকেল সংকল্প গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰে। ইয়াৰ পিছতে অতি সোনকালেই আমি গণেশ চতুৰ্থীৰ পবিত্ৰ উৎসৱ উদযাপন কৰিম। আমি এতিয়া পৰিবেশ অনুকূল গণেশ চতুৰ্থীৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিব লাগিব। আমি পৰিবেশ অনুকূল গণেশৰ মূৰ্তি নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা উচিত। এই উৎসৱে আমাক স্থানীয় শিল্পী, কাৰিকৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিৰ্মাণ কৰা সামগ্ৰী ক্ৰয় কৰিবলৈ অনুপ্ৰাণিত কৰে।
বন্ধুসকল,
৭ তাৰিখৰ এদিন পিছতে আহি আছে ৯ আগষ্ট। ৯ আগষ্টৰ ঐতিহাসিক তাৎপৰ্য আছে কাৰণ এই দিনটোত গুৰুত্বপূৰ্ণ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাৰ দিশত নতুন শক্তিৰ সঞ্চাৰেৰে ভাৰত ত্যাগ আন্দোলনৰ আহ্বান জনাইছিল। এই মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ আজি সমগ্ৰ ৰাষ্ট্ৰই সকলো অপশক্তিৰ বিৰুদ্ধে মাত মাতিছে। ভাৰতে দুৰ্নীতি, বংশবাদী ৰাজনীতি, তুষ্টিকৰণৰ পৰা মুক্ত হ’ব বিচাৰে।
বন্ধুসকল,
১৪ আগষ্টৰ প্ৰাকক্ষণত আমি বিভাজন বিভীষিকা দিৱস (বিভাজনৰ ভয়ানক স্মৃতি দিৱস) পালন কৰোঁ। তেতিয়া মা ভাৰতীক দুটা ভাগত বিভক্তৰ অপচেষ্টা কৰা হৈছিল। এই দিনটোৰ স্মৃতিয়ে প্ৰতিজন ভাৰতীয়ৰ বুকু কঁপাই তোলে। এই দিৱস হৈছে ভাৰত বিভাজনৰ মূল্য পৰিশোধ কৰা অগণন আত্মাক স্মৰণৰ দিন। সকলো ত্যাগ কৰি ভাৰত মাতাৰ কামত সাহসেৰে যুঁজ দিয়া সেই পৰিয়ালসমূহৰ প্ৰতি সংহতি প্ৰদৰ্শনৰ দিন। আজি এই পৰিয়ালসমূহে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। আৰু বন্ধুসকল, বিভাজন বিভীষিকা দিৱস হিচাপে পালন কৰা ১৪ আগষ্টই ভাৰত মাতৃৰ ভৱিষ্যতক সুৰক্ষিতকৰণৰ ক্ষেত্ৰত আমাৰ দায়িত্বৰ কথাও সোঁৱৰাই দিয়ে।
বন্ধুসকল,
প্ৰতিজন শিশু, বৃদ্ধ আৰু দেশৰ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে ১৫ আগষ্টলৈ। আমাৰ ১৫ আগষ্ট, আমাৰ স্বাধীনতা দিৱস, আমাৰ ত্ৰিৰংগা আৰু আমাৰ ৰাষ্ট্ৰৰ প্ৰগতিৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ দিন। ঠিক যোৱা বছৰৰ দৰে এইবাৰো আমি প্ৰতিঘৰ গৃহস্থীতে পতাকা উত্তোলন কৰিব লাগিব। প্ৰতিখন ঘৰ, হৃদয়, মন, উদ্দেশ্য, সপোন, সংকল্পক ত্ৰিৰংগাৰে সজোৱা উচিত। আজিকালি বহু বন্ধুৱে ত্ৰিৰংগা থিমৰ ডিপিৰে ছ’চিয়েল মিডিয়া প্ৰফাইল আপডেট কৰা দেখিছোঁ। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ আহ্বানেৰে সমদলৰ আয়োজন কৰা হৈছে। আজি সকলো নাগৰিক, বিশেষকৈ যুৱ প্ৰজন্মক ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ মনোভাৱক প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছোঁ।
বন্ধুসকল,
বহুদিন আমাৰ দেশৰ লোকে বিশ্বাস কৰিছিল যে কৰ দিয়াৰ কোনো অৰ্থ নাই। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ কষ্টোপাৰ্জিত ধন দুৰ্নীতিত নষ্ট হ’ব। কিন্তু আমাৰ চৰকাৰে এই ধাৰণা সলনি কৰিলে। আজি জনতাই অনুভৱ কৰে যে তেওঁলোকৰ ধন ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে। সুবিধাসমূহৰ অগ্ৰগতি হৈছে আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি পাইছে। দিনে-নিশাই সহ্য কৰিবলগীয়া হোৱা কষ্টৰ পৰা আপোনাসৱৰ সন্তানক ৰক্ষা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। উন্নয়নমূলক পদক্ষেপৰ প্ৰতি কৰদাতাৰ আস্থা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ফল স্পষ্ট হৈ পৰিছে, যি কৰদাতাৰ সংখ্যা বৃদ্ধিত প্ৰতিফলিত হৈছে। পূৰ্বে দেশত ২ লাখ টকাৰ আয়ত কৰ আৰোপ কৰা হৈছিল। আজি মোদীৰ নিশ্চয়তাৰে ৭ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ নাই। ইয়াৰ পিছতো দেশত আয়কৰ সংগ্ৰহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাক দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পৰা স্পষ্টকৈ দেখা গৈছে যে দেশৰ মধ্যবিত্ত শ্ৰেণীটোৰ সম্প্ৰসাৰণ ঘটিছে। শেহতীয়াকৈ আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ পাৰ হৈ গৈছে। এইবাৰ আমি আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ সংখ্যা ১৬% বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। ইয়াৰ পৰাই বুজা যায় যে চৰকাৰ, ৰাষ্ট্ৰৰ পুনৰ্গঠন, উন্নয়নৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত জনতাই কিমান বিশ্বাস ৰাখিছে। ৰেলপথৰ স্পন্দনশীলতা আৰু মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণৰ লগে লগে দেশৰ ৰূপান্তৰ দৃশ্যমান হৈছে। আজি দেশত ইটোৰ পিছত সিটো নতুন এক্সপ্ৰেছৱে’ নিৰ্মাণ কাৰ্য্য দেখা গৈছে। আজি জনসাধাৰণে দেখিছে যে কিমান দ্ৰুতগতিত নতুন বিমানবন্দৰ, নতুন চিকিৎসালয় আৰু নতুন বিদ্যালয় স্থাপন কৰা হৈছে। এনে পৰিৱৰ্তন দেখিলে জনতাই উপলব্ধি কৰে যে তেওঁলোকৰ ধনেৰে নতুন ভাৰত গঢ়া হৈছে। আপোনাসৱৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা এইসমূহৰ মাজতেই নিহিত হৈ আছে। আমি এই বিশ্বাসক দিনক দিনে গভীৰ কৰি তুলিব লাগিব।
ভাই-ভনীসকল,
৫০৮ টা ৰেল ষ্টেচনৰ আধুনিকীকৰণ সঁচাকৈয়ে এক উল্লেখযোগ্য পদক্ষেপ। মই আপোনালোকক আশ্বস্ত কৰিব খুজিছোঁ যে অমৃত ভাৰত ষ্টেচনসমূহে ভাৰতীয় ৰেলৱেক ৰূপান্তৰিতকৰণত অৰিহণা যোগাব। এই ঐতিহাসিক মাহটোতে ২০৪৭-ত দেশখনে স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ শুভ লগনত মই এজন নাগৰিক হিচাপে ভাৰতক উন্নত কৰিবলৈ মোৰ দায়িত্ব নিষ্ঠা সহকাৰে পালনৰ সংকল্প গ্ৰহণ কৰিছোঁ। এই অংগীকাৰেৰেই আপোনালোক সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ! আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ!
***
DS/VJ/VK/AK/SB
(Release ID: 2189668)
Visitor Counter : 6
Read this release in:
हिन्दी
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
Manipuri