প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডীৰ সৈতে "ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰঃ ভৱিষ্যতৰ দক্ষতা বিকাশ" শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে
प्रविष्टि तिथि:
22 JUN 2023 10:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী ডঃ জিল বাইডেনে ৱাশ্বিংটনৰ নেচনেল ছায়েন্স চেণ্টাৰত "ভাৰত আৰু আমেৰিকাঃ ভৱিষ্যতৰ দক্ষতা বিকাশ" শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত কৰ্মশক্তিৰ পুনৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যাতে সমাজত গুণগত শিক্ষাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিব পৰা যায়।
প্ৰধানমন্ত্ৰীয়ে শিক্ষা, দক্ষতা আৰু উদ্ভাৱনক প্ৰোৎসাহিত কৰিবলৈ ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। তেওঁ ভাৰত আৰু আমেৰিকাৰ শৈক্ষিক আৰু গৱেষণা পৰিবেশতন্ত্ৰৰ মাজত চলি থকা দ্বিপাক্ষিক শৈক্ষিক বিনিময় আৰু সহযোগিতাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে শিক্ষা আৰু গৱেষণা খণ্ডত ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগিতাক সৱলীকৰণৰ বাবে পাঁচটা প্ৰস্তাৱ আগবঢ়ায়।
-চৰকাৰ, উদ্যোগ আৰু শিক্ষাবিদসকলক একত্ৰিত কৰি এক সুসংহত পদ্ধতি
-শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আদান-প্ৰদানক উৎসাহিত কৰা
-দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ৰ হেক্ কেথন আয়োজন
-বৃত্তিমূলক দক্ষতাৰ অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি
-শিক্ষা আৰু গৱেষণাৰ সৈতে জড়িত লোকসকলৰ উৎসাহজনক ভ্ৰমণ।
এই অনুষ্ঠানত নৰ্থাৰ্ন ভাৰ্জিনিয়া কমিউনিটি কলেজৰ অধ্যক্ষ, এছ'চিয়েচন অৱ আমেৰিকান ইউনিভাৰ্ছিটিৰ অধ্যক্ষ, মাইক্ৰন টেকন'লজিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
(रिलीज़ आईडी: 2189599)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
Telugu
,
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil