প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিজিটেল স্বাস্থ্য সুবিধাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 05 AUG 2023 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্যৰ ডিজিটেল সুবিধাৰ পৰা কোটি কোটি লোকে সম্পূৰ্ণ সুবিধা লাভ কৰাত অতি আনন্দ প্ৰকাশ কৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই এক টুইটযোগে জনাইছে যে ৰাষ্ট্ৰীয় অসংক্ৰামক ৰোগৰ কাৰ্যসূচীৰ অধীনত এনচিডি পৰ্টেলৰ জৰিয়তে ৫ কোটিৰো অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট (ABHA) সৃষ্টি কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীৰ এই টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

"বহুত উৎসাহজনক তথ্য! সমগ্ৰ দেশৰ আমাৰ দৰিদ্ৰ ভাই-ভনীসকলে যাতে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰাটো আমাৰ অগ্ৰাধিকাৰ। এই ডিজিটেল সেৱাসমূহে লাখ লাখ লোকক অপৰিসীম সুবিধা প্ৰদান কৰাটো অতি আনন্দৰ কথা।"

***

DS/ST


(ৰিলিজ আই ডি : 2189232) অতিথি কক্ষ : 18