প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২২ বৰ্ষৰ আই. এফ. এছ. বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষণৰ সময়ত তেওঁলোকৰ মূল শিক্ষা ভাগ বতৰা কৰা বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতে এক বিস্তৃত বাৰ্তালাপত জড়িত হয়
প্ৰশিক্ষাৰ্থীসকলক উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ সফলতা অধ্যয়ন কৰিবলৈ কলে প্ৰধানমন্ত্ৰীয়ে, যিয়ে গোলকীয় দক্ষিণৰ উন্নয়নমূলক গতিপথত সহায় কৰিব পাৰে
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ বিষয়ে আলোচনা কৰে আৰু প্ৰশিক্ষাৰ্থীসকলক জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে সুধিলে
प्रविष्टि तिथि:
25 JUL 2023 7:42PM by PIB Guwahati
ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ) ৰ ২০২২ বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলে আজি ৭, লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে মত বিনিময় কৰে আৰু চৰকাৰী সেৱাত যোগদান কৰাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে সোধে। প্ৰশিক্ষাৰ্থী বিষয়াসকলে তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত গ্ৰাম্য ভ্ৰমণ, ভাৰত দৰ্শন আৰু সশস্ত্ৰ বাহিনীৰ সংযুক্তিকে ধৰি তেওঁলোকৰ শিক্ষাৰ বিষয়ে ভাগ-বাটোৱাৰা কৰে। তেওঁলোকে প্ৰধানমন্ত্ৰীক জল জীৱন মিছন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে চৰকাৰৰ বহুতো কল্যাণমূলক আঁচনিৰ পৰিৱৰ্তনমূলক প্ৰভাৱৰ বিষয়ে অৱগত কৰে, যিবোৰ তেওঁলোকে প্ৰত্যক্ষভাৱে দেখা পাইছে।
প্ৰধানমন্ত্ৰীয়ে কল্যাণমূলক আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ দিশত চৰকাৰৰ গুৰুত্ব আৰু ইয়াৰ ফলত কেনেদৰে কোনো বৈষম্য নোহোৱাকৈ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ কাষ চাপিছে সেই বিষয়ে কয়। তেওঁ প্ৰশিক্ষাৰ্থীসকলক উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ ৰূপায়ণ আৰু সফলতা অধ্যয়ন কৰিবলৈ আহ্বান জনায় কিয়নো এই বুজাবুজি গোলকীয় দক্ষিণৰ দেশসমূহক তেওঁলোকৰ উন্নয়নমূলক গতিপথত আগবঢ়াত সহায়ক হ'ব পাৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ বিষয়েও আলোচনা কৰে আৰু প্ৰশিক্ষাৰ্থীসকলক জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰ বিষয়ে সোধে। পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী)ৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো সকলোৱে জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পাৰে।
********
DS/ST/HS
(रिलीज़ आईडी: 2188382)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Manipuri
,
Malayalam
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada