তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘আইএফএফআই ২০২৫’-ত ভাৰত আৰু পৃথিৱীৰ অন্য প্ৰান্তৰ সাতখন উত্কৃষ্ট ছবিৰ প্ৰথম প্ৰদৰ্শনীৰ দিহা কৰা হৈছে

বিশ্ব চিলচ্চিত্ৰত নতুন কণ্ঠস্বৰক উদযাপন: ‘আই এফ এফ আই ২০২৫’-ত ‘অভিষেক পৰিচালকৰ শ্ৰেষ্ঠ বঁটা’

Posted On: 09 NOV 2025 8:23PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত অসাধাৰণ নতুন প্ৰতিভাক উদগণি দিয়াৰ লক্ষ্যৰে ‘ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৫’-ত বৈশিষ্ট্যপূৰ্ণ অভিষেক ছবিৰ এগৰাকী শ্ৰেষ্ঠ পৰিচালক নিৰ্বাচিত কৰাৰ বাবে বাছনি কৰা পাঁচখন আন্তঃৰাষ্ট্ৰীয় আৰু দুখন ভাৰতীয় ছবি প্ৰদৰ্শন কৰা হ’ব।

বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিব বহু আকাংক্ষিত ‘ৰূপালী ময়ুৰ’, ১০ লাখ নগদ টকাৰ পুৰস্কাৰ, আৰু প্ৰশস্তি পত্ৰ।

ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ নিৰ্মাতা ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ অধ্যক্ষতাত ছবিজগতৰ পৰোধাৰে গঠিত বিশিষ্ট বিচাৰকমণ্ডলীয়ে বিজয়ীগৰাকী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। বিচাৰক মণ্ডলীত থাকিব গ্ৰেম ক্লিফৰ্ড (সম্পাদক আৰু পৰিচালক, অষ্ট্ৰেলিয়া), কেথাৰিনা শ্বুটলাৰ (অভিনেত্ৰী, জাৰ্মানী), চন্দ্ৰন ৰুটনাম (চলচ্চিত্ৰ নিৰ্মাতা, শ্ৰীলংকা), আৰু ৰেমি আদেফাৰাচিন (চিনেমাট’গ্ৰাফাৰ, ইংলেণ্ড)।

প্ৰতি বছৰৰ দৰেই এইবাৰৰ নিৰ্বাচনেও অভিষেক চলচ্চিত্ৰৰ নিৰ্মাতাসকলৰ অসাধাৰণ কামৰ নিদৰ্শন দাঙি ধৰিব আৰু সমগ্ৰ বিশ্বৰ পৰৱৰ্তী প্ৰজন্মৰ কথাকাৰসকলৰ চলচ্চিত্ৰীয় দৃষ্টিভংগী প্ৰদৰ্শন কৰিব।

 

ফ্ৰেংক

ইষ্ট’নিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা টনিছ পিলে বয়-সংক্ৰমণৰ মাৰ্মান্তিক কাহিনীৰ বৰ্ণনাৰে যুগুতোৱা ছবিখনৰ জৰিয়তে তেওঁৰ বৈশিষ্ট্যপূৰ্ণ অভিষেক ঘটায়। শিশু আৰু যুৱ দৰ্শকৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – ‘স্কিলিংগেল ২০২৫’(SCHLINGEL 2025)ত প্ৰিমিয়াৰ হোৱা ছবিখন FIPRESCI জুৰী বঁটাকে ধৰি কেইবাটাও বঁটাৰ বাবে মনোনীত হৈছিল।

গাহস্থ্য নিৰ্যাতনৰ এক নিৰ্মম কাণ্ডৰ পিছত ১৩ বছৰীয়া পলক ঘৰৰ পৰা খেদি পঠোৱা হয় আৰু তেওঁ নিজকে এখন নতুন চহৰত বিচাৰি পায়গৈ, য’ত তেওঁ কৰা আপোনত্বৰ সন্ধানে তেওঁক ধাৰাবাহিকভাৱে এলানি দুৰ্বল পছন্দৰ মাজলৈ লৈ যায়। তেওঁৰ ভৱিষ্যত সৰ্পিল হ’বলৈ আৰম্ভ কৰাৰ মুহূৰ্তত এজন বিচিত্ৰ চৰিত্ৰৰ, অচিনাকি পংগু মানুহৰ সৈতে হোৱা এক অপ্ৰত্যাশিত বন্ধনে তেওঁৰ জীৱনৰ গতিপথ সলনি কৰি পেলায়।

ছবিখনে ভংগুৰ পৰিয়াল, শৈশৱতে পোৱা আঘাতৰ নিশব্দ বেদনা আৰু অনাহূত বন্ধুত্বৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে কোমলতাৰে অন্বেষণ কৰিছে।

 

ফিউৰি (মূল শিৰোনাম: লা ফুৰিয়া)

স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা জেমা ব্লাস্কোৰ শক্তিশালী আত্মপ্ৰকাশৰ বৈশিষ্ট্যপূৰ্ণ ছবি ‘ফিউৰি’ হৈছে এক ক্ৰুৰতাৰ বৰ্ণনা, যিয়ে এক সাহসী নতুন কণ্ঠৰ আগমনৰ আগজাননী দিছে। ২০২৫ চনৰ ‘এছ এক্স এছ ডব্লিউ চলচ্চিত্ৰ মহোৎসৱ’ আৰু ২০২৫ চনৰ ‘ছান চেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’-ত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।

ছবিখনত নৱবৰ্ষৰ উৰুকা নিশা ধৰ্ষিতা হোৱা পিছত অভিনেত্ৰী আলেকজেণ্ড্ৰাই তেওঁৰ যন্ত্ৰণাক মেডিয়াৰ চৰিত্ৰৰ জৰিয়তে উন্মোচিত কৰে, আনহাতে তেওঁৰ ভাতৃ এড্ৰিয়ানে তেওঁক ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ বাবে অপৰাধবোধ আৰু ক্ৰোধৰ সৈতে যুঁজিছে।

হিংসাত্মক, পিতৃতান্ত্রিক সমাজত যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পোৱা লোকসকলে সন্মুখীন হোৱা ভয়, লাজ, বিতৃষ্ণা আৰু অপৰাধবোধৰ সতেজ নাৰীবাদী অন্বেষণগাঁথা আগবঢ়াইছে ছবিখনে।

 

কাৰ্লা

জাৰ্মান চলচ্চিত্ৰ নিৰ্মাতা ক্ৰীষ্টিনা টুৰ্নাটজেছৰ প্ৰথম ছবি ‘কাৰ্লা’-ৰ ‘মিউনিখ চলচ্চিত্ৰ মহোৎসৱ’-ত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল, য’ত ছবিখনে— শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ দুটা বঁটা লাভ কৰিছিল।

১৯৬২ চনৰ মিউনিখৰ পটভূমিত নিৰ্মিত এই ছবিখনত ১২ বছৰীয়া কাৰ্লাৰ সঁচা কাহিনী বৰ্ণনা কৰা হৈছে, যিয়ে বছৰ বছৰ ধৰি চলি থকা নিৰ্যাতনৰ পৰা সুৰক্ষা বিচাৰি পিতৃৰ বিৰুদ্ধে অভিযোগৰ জোৱাৰ তুলিছিল।

অতি সংবেদনশীলতা আৰু দায়বদ্ধতাৰে ৰচনা কৰা চিনেমাট’গ্ৰাফীৰ সৈতে ছবিখন হৈছে জীৱিত শিশুটিৰ নিজৰ ভাষাত কোৱা এক শক্তিশালী বৰ্ণনা। কাৰ্লাৰ জৰিয়তে অকথনীয় বক্তব্যৰ কাষ চাপিব পৰাকৈ কোমলতা, স্পষ্টতা আৰু তীব্ৰ সুৰক্ষাৰ দ্বাৰা সমৃদ্ধ এক চলচ্চিত্ৰীয় ভাষা গঢ়ি তুলিছে টৰ্নাটজেছে।

 

মাই ডটাৰ্ছ হেয়াৰ  (মূল উপাধি ৰাহা)

প্ৰশংসিত চুটি ছবি আৰু তথ্যচিত্ৰৰ নিৰ্মাণেৰে গঢ়া কেৰিয়াৰৰ পিছত ইৰাণৰ পৰিচালক হেছাম ফাৰাহমাণ্ডে ‘ৰাহা’-ৰ জৰিয়তে ৰূপালী পৰ্দালৈ লৈ আহিছে এক সন্মোহক সামাজিক নাটক।

ছবিখনৰ কেন্দ্ৰবিন্দু হৈছে টোহিদে, যিয়ে নিজৰ সৰু ছোৱালীজনীৰ চুলি বিক্ৰী কৰি ছেকেণ্ড হেণ্ড লেপটপ এটা কিনিছে — এয়া হৈছে পৰিয়ালটোৰ বাবে এটা সৰু অথচ আনন্দৰ কাম। কিন্তু যেতিয়া লেপটপটোৰ মালিকীস্বত্বৰ বিৰুদ্ধে এটা ধনী পৰিয়ালে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় তেতিয়া সংঘাতৰ শৃংখলে গভীৰ শ্ৰেণী বিভাজনক উন্মোচিত কৰে।

বাস্তৱ জীৱনৰ পৰা আকৰ্ষিত হৈ ফাৰাহমাণ্ডে এনে এখন পৃথিৱী ৰচনা কৰিছে, য’ত নৈতিকতা ম্লান হৈ পৰে আৰু ন্যায় হৈ পৰে ভংগুৰ। অটল পৰ্যবেক্ষণৰ দ্বাৰা ‘ৰাহা’ হৈ উঠে মৰ্যাদা, সংগ্ৰাম আৰু জীয়াই থকাৰ এক সাৰ্বজনীন কাহিনী।

 

দি ডেভিল স্মকছ (এণ্ড ছেভ দ্য বাৰ্ণ্ট মেচ্চেছ ইন দ্য ছেম বক্স)

(মূল শিৰোনাম এল ডায়েব্ল ফিউমা(ই গৌড়া লাছ কেবেজাছ ডে লাছ চেৰিলছ কুৱেমাডছ এন লা মিছমা কাজা)

মেক্সিকান চলচ্চিত্ৰ নিৰ্মাতা আৰ্নেষ্টো মাৰ্টিনেজ বুচিঅ’ৰ প্ৰথম ছবিখনে ‘বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫’-ৰ ‘পাৰ্ছপেক্টিভ’ শিতানৰ প্ৰতিযোগিতাত জয়লাভ কৰিছিল।

কাহিনীটোত পিতৃ-মাতৃয়ে নিজৰ যত্ন নিজেই ল’ব লগা হোৱাকৈ এৰি থৈ যোৱা পাঁচটি ভাই-ভনীৰ জীৱন কথাক অনুসৰণ কৰা হৈছে। বিচ্ছিন্নতাত পথৰ সন্ধান কৰি থাকোঁতে তেওঁলোকে নিজৰ উদ্বেগক স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত আইতাকৰ অস্থিৰ মনটোৰ মাজেৰে প্ৰতিফলিত কৰিছে, ইজনে সিজনক ধৰি ৰখাৰ সংগ্ৰামত ব্ৰতী হ’বলৈ যাওতে তেওঁলোকে কল্পনা আৰু বাস্তৱৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলাবলগীয়া হৈছে।

এটা বিশেষ শৈলীৰে বৰ্ণিত ছবিখনে শৈশৱৰ আতংক সন্দৰ্ভত তীক্ষ্ণ আৰু ভয়াবহ অন্তৰ্দৃষ্টি আগবঢ়াইছে, এটা চিনাকি “অকলশৰীয়া ঘৰ”ৰ চৌহদক ভয়, কল্পনা আৰু জীয়াই থকাৰ মনোবৈজ্ঞানিক ৰূপৰে স্তৰিত অন্বেষণলৈ ৰূপান্তৰিত কৰিছে।

 

শ্বেপ অব মমো

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ত্ৰিবেনী ৰায়ৰ প্ৰথম ছবি ‘শ্বেপ অব মমো’-য়ে এক আকৰ্ষণীয় উৎসৱৰ যাত্ৰা সম্পূৰ্ণ কৰাৰ পিছত অভিষেক প্ৰতিযোগিতাত উপযুক্তভাৱেই প্ৰৱেশ কৰিছে। ‘কান ২০২৫’ত অনুষ্ঠিত হ’বলগীয়া “এইচ এ এফ গ’জ টু কান” প্ৰদৰ্শনীৰ বাবে এছিয়াৰ পাঁচখন ‘ৱৰ্ক-ইন-প্ৰগ্ৰেছ’-ৰ অন্যতম হিচাপে নিৰ্বাচিত হোৱা এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত আৰু ‘ছান চেবাষ্টিয়ান’-ত ছবিখন প্ৰদৰ্শিত হৈছিল, য’ত ইয়াক নতুন পৰিচালক বঁটা-ৰ বাবে মনোনীত কৰা হৈছিল।

ছিকিমৰ পটভূমিত আৰু নেপালী ভাষাত চিত্ৰগ্ৰহণ কৰা এই কাহিনীটোৱে বিষ্ণুক অনুসৰণ কৰে যেতিয়া তেওঁ বহু প্ৰজন্মৰ মহিলা থকা, আৰু জড়তাত আড়স্ত নিজৰ ঘৰখনলৈ উভতি যায়। ঘৰখনলৈ ব্যস্ততা ঘূৰাই আনিবলৈ সংকল্পবদ্ধ — নিজৰ বাবে আৰু তেওঁলোকৰ বাবেও — তেওঁ পিতৃতন্ত্ৰই গঢ় দিয়া সাধাৰণ দস্তুৰসমূহ বিঘ্নিত কৰিব খোজে, প্ৰতিগৰাকী মহিলাক উত্তৰাধিকাৰী সূত্ৰে পোৱা সীমাবদ্ধতাক গ্ৰহণ কৰিব নে প্ৰতিহত কৰিব সেই প্ৰশ্নৰ মুখামুখি হ’বলৈ বাধ্য কৰায়।

‘শ্বেপ অব মমো’ হৈছে পৰম্পৰা, স্বতন্ত্ৰতা আৰু পৰিয়ালৰ ভিতৰত জন্ম হোৱা নীৰৱ বিপ্লৱৰ গীতিময় প্ৰতিফলন।

 

আতা থাম্বায়চা নাই! (ইংৰাজী শিৰোনাম নাও, দেয়াৰছ ন ষ্টপিং!)

অভিনেতা শিৱৰাজ ৱাইচালৰ প্ৰথমখন কাহিনী ছবি হৈছে মুম্বাই পৌৰ নিগমৰ চতুৰ্থ শ্ৰেণীৰ অনাময় কৰ্মীৰ এটা দলৰ সত্য কাহিনীৰ আধাৰত নিৰ্মিত মাৰাঠী ভাষাৰ নাটক, যিয়ে এগৰাকী নিষ্ঠাবান বিষয়াৰ পৰা অনুপ্ৰাণিত হৈ দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ স্কুললৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।

হাস্যৰস আৰু অন্তৰ্স্পৰ্শিতাৰ মিশ্ৰণ ঘটোৱা ছবিখনে স্থিতিস্থাপকতা, শ্ৰমৰ মৰ্যাদা, আৰু শিক্ষাৰ পৰিৱৰ্তনশীল শক্তিক সন্মান জনাইছে — প্ৰমাণ কৰি দেখুৱাইছে যে শিকিবলৈ, সপোন দেখিবলৈ বা আকৌ আৰম্ভ কৰিবলৈ কোনো মুহূৰ্তই পলম নহয়।

 

***

Edgar Coelho/Parshuram Kor/KB


(Release ID: 2188377) Visitor Counter : 4