প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ কেভাদিয়াত চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জয়ন্তীৰ প্ৰাকক্ষণত ১২১৯ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ


বহনক্ষম যাতায়াত ব্যৱস্থাৰ প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰিক বাছৰ ফ্লেগ অফ কৰে

প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ সন্মানাৰ্থে স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰে

প্ৰধানমন্ত্ৰীয়ে কেভাদিয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন আৰু ঐতিহ্যক লৈ আয়োজিত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে

प्रविष्टि तिथि: 30 OCT 2025 11:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাদিয়াত ১২১৯ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে- ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি উৎসৰ্গিত বিৰছা মুণ্ডা ভৱন, জিএছইচি আৰু এছএছএনএনএল কৰ্মচাৰীসকলৰ বাবে আবাসিক কমপ্লেক্স, আতিথ্য জিলাৰ প্ৰথম পৰ্যায়, আৰু বনসাই উদ্যান।

শ্ৰী মোদীয়ে কেভাদিয়াত বৈদ্যুতিক বাছসমূহৰ ফ্লেগ অফ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটো ভ্ৰমণ কৰা লোকসকলৰ বাবে আৰামদায়ক আৰু বহনক্ষম পৰিবহণ সুবিধাসমূহ সুনিশ্চিত কৰা হ'ব।

চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জয়ন্তী উদযাপনৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ লৌহ মানৱলৈ শ্ৰদ্ধাঞ্জলি জনাই এটা বিশেষ স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰে।

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কেভাদিয়াত থকা চৰ্দাৰ বল্লভভাই পেটেলৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও সাক্ষাৎ কৰে। তেওঁ কয় যে তেওঁলোকৰ সৈতে মত-বিনিময় কৰি আৰু ৰাষ্ট্ৰৰ প্ৰতি চৰ্দাৰ পেটেলৰ অৱদানক স্মৰণ কৰি তেওঁ সন্তোষ লাভ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাদিয়াত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে, য'ত চৰ্দাৰ বল্লভভাই পেটেলৰ অনুপ্ৰেৰণাদায়ক জীৱন আৰু ঐতিহ্যক প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত ভাৰতৰ স্বাধীনতা সংগ্ৰামত চৰ্দাৰ পেটেলৰ সক্ৰিয় ভূমিকা, ৰাষ্ট্ৰৰ একত্ৰীকৰণত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আৰু স্বাধীনতাৰ পিছত প্ৰাৰম্ভিক বৰ্ষত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলাত তেওঁৰ নেতৃত্বৰ বিষয়ে আলোকপাত কৰা হয়।

এক পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"আজি সন্ধিয়া ১২১৯ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হয়।

উদ্বোধন কৰা এইসমূহ কামৰ ভিতৰত আছে:

ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বীৰছা মুণ্ডা ভৱন, এক আইকনিক কেন্দ্ৰ।

জিএছইচি আৰু এছএছএনএনএল কৰ্মচাৰীসকলৰ বাবে আবাসিক কমপ্লেক্স।

আতিথ্য জিলাৰ প্ৰথম পৰ্যায়।

বনসাই উদ্যান।"

MJPS/ST


(रिलीज़ आईडी: 2187780) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam