প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় সংগীত 'বন্দে মাতৰম'ৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে আয়োজিত বৰ্ষজোৰা স্মাৰক সমাৰোহৰ উদ্বোধনৰ দৃশ্যপট ভাগ-বতৰা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 NOV 2025 1:00PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জাতীয় সংগীত 'বন্দে মাতৰম'ৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে 'বন্দে মাতৰম' কেৱল এটা শব্দ নহয়, ই এক মন্ত্ৰ, এক শক্তি, এক সপোন আৰু এক দৃঢ় সংকল্প। 'বন্দে মাতৰম'ৰ সামূহিক কণ্ঠদানক এক অতিশয় গৌৰৱময় অভিজ্ঞতা বুলি অভিহিত কৰি শ্ৰী মোদীয়ে কয় যে বহু কণ্ঠৰ মাজতো এক অনন্য সুৰ, একক ছন্দ, এক ঐক্যবদ্ধ সুৰ আৰু এক নিৰৱচ্ছিন্ন প্ৰবাহৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৭ নৱেম্বৰ দিনটো এক ঐতিহাসিক দিন, কিয়নো দেশখনে 'বন্দে মাতৰম'ৰ ১৫০ বছৰ সম্পূৰ্ণ কৰিছে।

'এক্স'ৰ শুভাৰম্ভণিৰ দৃশ্য ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে কয়ঃ

"আমি 'বন্দে মাতৰম'ৰ ১৫০ বছৰ সম্পূৰ্ণ কৰিছো, যিটো গীতেই প্ৰজন্মৰ পাছত প্ৰজন্মক ৰাষ্ট্ৰৰ বাবে জাগি উঠিবলৈ অনুপ্ৰাণিত কৰিছে।"


"দিল্লীত ৰাষ্ট্ৰগীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰি এক নতুন শক্তিৰ অভিজ্ঞতা লাভ কৰিছো।"

"বন্দে মাতৰমৰ ১৫০ বছৰৰ স্মৃতিত বিশেষ ডাক টিকট আৰু স্মাৰক মুদ্ৰা মুকলি কৰি মই গৌৰৱান্বিত হৈছো।"

“এই উপলক্ষে মই বন্দে মাতৰমৰ ঐতিহাসিক যাত্ৰা আৰু ইয়াৰ সাংস্কৃতিক তাৎপৰ্য্যক অতি আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰিলোঁ।”

"আজি বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত এটা ৱেবছাইট মুকলি কৰি আনন্দিত হৈছো। এতিয়া দেশৰ প্ৰতিজন নাগৰিকে নিজৰ কণ্ঠত গাই এই অমৰ গীতটোৰ সৈতে ব্যক্তিগত সংযোগ অনুভৱ কৰিব পাৰিব।"

"'বন্দে মাতৰম'ৰ সামূহিক সংগীতৰ প্ৰতিটো সুৰতে দেশভক্তি, একতা আৰু সমৰ্পণৰ আশ্চৰ্যকৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছিল। এই প্ৰদৰ্শনে প্ৰত্যেককে পুনৰ অনুভৱ কৰাইছে যে 'বন্দে মাতৰম' কেৱল এটা গীত নহয়, বৰং ভাৰতৰ আত্মাৰ প্ৰকাশ।"


"দাসত্বৰ সময়ছোৱাত বন্দে মাতৰমে এই সংকল্পৰ ঘোষণা কৰিলে যে ভাৰত স্বাধীন হ'ব, মা ভাৰতীৰ হাতৰ পৰা দাসত্বৰ শিকলি ভাঙিব আৰু তেওঁৰ সন্তানে স্বয়ং নিজৰ ভাগ্য নিৰ্ণয় কৰিব।"


"বন্দে মাতৰমৰ ৰচনাত বংকিম বাবুৰ প্ৰতিটো শব্দ আৰু তেওঁৰ ভাৱনাৰ গভীৰ অৰ্থ আছে। সেইবাবেই ই প্ৰতিটো স্তৰ আৰু প্ৰতিটো কালখণ্ডত প্ৰাসংগিক।"


“আজি আমি ১৪০ কোটি দেশবাসীয়েও বন্দে মাতৰম ধ্বনি দি দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেই সকলো লোকক শ্ৰদ্ধাঞ্জলি জনাইছো।”


“বন্দে মাতৰমৰ প্ৰভাৱত আজি আমি পুনৰবাৰ এনে এখন ভাৰতৰ সপোন বাস্তৱায়িত কৰিছো য’ত আমাৰ নাৰী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগৰণুৱা।”

“আজি যেতিয়াই বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত পদক্ষেপ গ্ৰহণ কৰা আমাৰ দেশখনে নতুন কৃতিত্ব অৰ্জন কৰে, তেতিয়াই প্ৰতিজন গৌৰৱান্বিত ভাৰতীয়ৰ শ্লোগান হৈ পৰে – 'বন্দে মাতৰম'!”

 


MJPS/VJ/AK/DS


(रिलीज़ आईडी: 2187702) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Kannada , Malayalam