প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে

प्रविष्टि तिथि: 02 NOV 2025 10:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰা কাৰ্য্য অতিশয় ঐশ্বৰিক অভিজ্ঞতা আছিল। তেওঁ কয় যে শিখ গুৰুসকলৰ উদাৰ শিক্ষাই সমগ্ৰ মানৱ জাতিক প্ৰেৰণা যোগায়।

শ্ৰী মোদীয়ে লগতে কয় যে এই গুৰুদ্বাৰৰ শ্ৰী গুৰু গোবিন্দ সিং জীৰ সৈতে অতিশয় ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁৰ সাহসিকতা আৰু ন্যায়ৰ প্ৰতি দায়বদ্ধতা অতিশয় প্ৰেৰণাদায়ক।

প্ৰধানমন্ত্ৰীয়ে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত কটোৱা সময়ৰ কেইটামান মুহূৰ্তও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰা কাৰ্য্য অতিশয় ঐশ্বৰিক অভিজ্ঞতা আছিল। শিখ গুৰুসকলৰ উদাৰ শিক্ষাই সমগ্ৰ মানৱ জাতিক প্ৰেৰণা যোগায়। এই গুৰুদ্বাৰৰ শ্ৰী গুৰু গোবিন্দ সিং জীৰ সৈতে অতিশয় ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁৰ সাহসিকতা আৰু ন্যায়ৰ প্ৰতি দায়বদ্ধতা অতিশয় প্ৰেৰণাদায়ক।”

“তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত কটোৱা সময়ৰ কেইটামান মুহূৰ্তও শ্বেয়াৰ কৰিছোঁ।”

******

MJPS/ST/SB


(रिलीज़ आईडी: 2185665) आगंतुक पटल : 32
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Telugu , Kannada , Malayalam