প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে

প্ৰধানমন্ত্ৰীয়ে ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন, আধাৰশিলা স্থাপন কৰে

ছত্তীশগড় দ্ৰুতগতিত উন্নয়নৰ পথত ধাৱমান হৈছেঃ প্ৰধানমন্ত্ৰী

আমি জনজাতীয় সমাজসমূহৰ অৱদানক সদায় গৌৰৱেৰে উদযাপন কৰা কাৰ্য্য নিশ্চিতকৰণৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী

আমাৰ ছত্তীশগড় আৰু আমাৰ ৰাষ্ট্ৰখন মাওবাদী সন্ত্ৰাসবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’বলৈ বেছি দিন নাইঃ প্ৰধানমন্ত্ৰী

Posted On: 01 NOV 2025 5:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন ৰায়পুৰত ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্তি উপলক্ষে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচী সম্বোধন কৰে। তেওঁ ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক আৰু ৰূপান্তৰশীল প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে। প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়বাসীক সম্ভাষণ জনাই কয় যে আজি ৰাজ্য হিচাপে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে তেওঁ সমূহ ছত্তীশগড়বাসীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে ৰাজ্যবাসীৰ সৈতে ছত্তীশগড়ৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এজন দলীয় কাৰ্য্যকৰ্তা হিচাপে তেওঁ ৰাজ্য গঠনৰ আগৰ সময়ছোৱাৰ সাক্ষী হৈছিল আৰু বিগত ২৫ বছৰ ধৰি ইয়াৰ যাত্ৰাৰো সাক্ষী হৈ আহিছে। গতিকে এই গৌৰৱময় মুহূৰ্তৰ অংশ হোৱাটো তেওঁৰ বাবে এক গভীৰভাৱে আৱেগিক অভিজ্ঞতা।

“পঁচিশ বছৰ পূৰ্বে অটল বিহাৰী বাজপায়ীৰ চৰকাৰে আপোনাসৱৰ সপোনৰ ছত্তীশগড় আপোনালোকৰ হাতত অৰ্পণ কৰিছিল, লগতে ৰাজ্যখনে উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰিব বুলি সংকল্প গ্ৰহণ কৰিছিল”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে বিগত ২৫ বছৰৰ যাত্ৰালৈ উভতি চালে তেওঁৰ মনটো গৌৰৱেৰে ভৰি পৰে। তেওঁ কয় যে ছত্তীশগড়ৰ জনসাধাৰণে সামূহিকভাৱে একাধিক মাইলৰ খুঁটি স্থাপন কৰিছে। “পঁচিশ বছৰৰ পূৰ্বে যি বীজ সিঁচা হৈছিল, সেই বীজ এতিয়া প্ৰস্ফূতিত হৈছে, উন্নয়নৰ ৰূপত এক বিশাল ৰূপ ধাৰণ কৰিছে। ছত্তীশগড় প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে আজি ৰাজ্যখনে গণতন্ত্ৰৰ নতুন মন্দিৰো লাভ কৰিছে— এটা নতুন বিধানসভা ভৱনৰ ৰূপত এই মন্দিৰ লাভ কৰা হৈছে। সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে তেওঁ জনজাতি সংগ্ৰহালয় উদ্বোধনৰ সুযোগ লাভ কৰে। একেখনি মঞ্চৰ পৰাই প্ৰায় ১৪,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন আৰু শুভাৰম্ভ কৰা হৈছে। এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০০০-ৰ পৰা এটা সম্পূৰ্ণ প্ৰজন্ম সলনি হৈছে। আজি এটা নতুন প্ৰজন্মৰ যুৱক-যুৱতী আহিছে, যিসকলে আগৰ দিনবোৰ দেখা নাই যেতিয়া উলাই-সোমাই ফুৰাটো এক প্ৰত্যাহ্বান আছিল আৰু বহু গাঁৱলৈ পথ সংযোগেই নাাছিল। তেওঁ কয় যে আজি ছত্তীশগড়ৰ গাঁওসমূহলৈ পথৰ নেটৱৰ্ক ৪০ হাজাৰ কিমিলৈ সম্প্ৰসাৰিত হৈছে। বিগত ১১ বছৰত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে আৰু নতুন এক্সপ্ৰেছৱে’ ছত্তীশগড়ৰ অগ্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পূৰ্বে ৰায়পুৰৰ পৰা বিলাসপুৰলৈ যাত্ৰা কৰিবলৈ কেইবা ঘন্টা সময় লাগিছিল, কিন্তু এতিয়া সেই সময় আধালৈ হ্ৰাস পাইছে। তেওঁ চাৰিলেনযুক্ত নতুন ঘাইপথৰ আধাৰশিলাও স্থাপন কৰে, ইয়াৰ ফলশ্ৰুতিত ছত্তীশগড় আৰু ঝাৰখণ্ডৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব।

ছত্তীশগড়ত ৰেল আৰু বিমান সংযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বন্দে ভাৰতৰ দৰে তীব্ৰবেগী ৰেলে এতিয়া ৰাজ্যখনত চলাচল কৰে। ৰায়পুৰ, বিলাসপুৰ, জগদলপুৰৰ দৰে চহৰসমূহক এতিয়া পোনপটীয়া বিমান সেৱাৰ জৰিয়তে সংযোগ কৰা হৈছে। তেওঁ কয় যে এসময়ত মূলতঃ কেঁচামালৰ ৰপ্তানিৰ বাবে পৰিচিত ছত্তীশগড়ে এতিয়া ঔদ্যোগিক ৰাজ্য হিচাপে নতুন ভূমিকাৰে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিগত ২৫ বছৰত ছত্তীশগড়ৰ সাফল্যৰ বাবে প্ৰতিজন মুখ্যমন্ত্ৰী আৰু প্ৰতিখন চৰকাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সময়ত ৰাজ্যখনৰ নেতৃত্ব প্ৰদান কৰা ডঃ ৰমন সিঙো এই কৃতিত্বৰ অংশীদাৰ। ডাঃ ৰমন সিঙে এতিয়া বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন আৰু শ্ৰী বিষ্ণু দেৱ সাইৰ নেতৃত্বত চৰকাৰে ছত্তীশগড়ৰ উন্নয়নক দ্ৰুতগতিত আগুৱাই নিয়া কাৰ্য্যত তেওঁ সন্তোষ প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ দৰিদ্ৰতাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে আৰু দৰিদ্ৰ লোকসকলৰ উদ্বেগ তথা অসহায় অৱস্থাক বুজি পাইছে। তেওঁ কয় যে ৰাষ্ট্ৰই তেওঁক সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাৰ লগে-লগে তেওঁ অভাৱগ্ৰস্তসকলৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে দৰিদ্ৰ লোকৰ স্বাস্থ্যসেৱা, আয়, শিক্ষা, জলসিঞ্চনৰ ওপৰত ব্যাপকভাৱে গুৰুত্ব আৰোপ কৰিছে।

এটা উদাহৰণ দি তেওঁ কয় যে ২৫ বছৰ পূৰ্বে ছত্তীশগড়ত মাত্ৰ এখন চিকিৎসা মহাবিদ্যালয় আছিল। কিন্তু আজি ৰাজ্যখনত ১৪ খন চিকিৎসা মহাবিদ্যালয় আৰু ৰায়পুৰত এখন এইমছ আছে। তেওঁ কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ বাবে দেশজোৰা অভিযান ছত্তীশগড়ত আৰম্ভ হৈছিল। বৰ্তমান ৰাজ্যখনত ৫,৫০০-ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ আছে।

“আমাৰ চৰকাৰে প্ৰতিজন দৰিদ্ৰ নাগৰিকৰে মৰ্য্যাদাসম্পন্ন জীৱন-যাপন কাৰ্য্য নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আৰু কয় যে বস্তি আৰু অস্থায়ী আশ্ৰয় শিবিৰৰ জীৱনে হতাশাক অধিক গভীৰ কৰি তোলে তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পক দুৰ্বল কৰে। সেয়ে আমাৰ চৰকাৰে প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ স্থায়ী বাসস্থানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছে। তেওঁ কয় যে বিগত ১১ বছৰত চাৰি কোটি দৰিদ্ৰ পৰিয়ালে পকী ঘৰ লাভ কৰিছে আৰু এতিয়া চৰকাৰে তিনি কোটি নতুন গৃহ নিৰ্মাণৰ সংকল্পৰে কাম কৰি আছে। কেৱল আজিৰ দিনটোতে ছত্তীশগড়ৰ ৩.৫ লাখৰো অধিক পৰিয়ালে নতুন গৃহত প্ৰৱেশ কৰিছে আৰু প্ৰায় তিনি লাখ পৰিয়ালে ১,২০০ কোটি টকা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ছত্তীশগড়ত তেওঁলোকৰ চৰকাৰে দৰিদ্ৰ লোকসকলক বাসগৃহ প্ৰদানৰ বাবে যি গুৰুত্বসহকাৰে কাম কৰি আছে, সেই কথা প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে কেৱল বিগত এটা বছৰতে অভাৱগ্ৰস্ত লোকৰ বাবে সাত লাখ পকী ঘৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে এয়া কেৱল পৰিসংখ্যা নহয়— বৰঞ্চ প্ৰতিটো ঘৰেই এটা পৰিয়ালৰ সপোন আৰু অসীম আনন্দক প্ৰতিনিধিত্ব কৰে। তেওঁ সকলো হিতাধিকাৰী পৰিয়াললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

চৰকাৰে ছত্তীশগড়ৰ জনসাধাৰণৰ জীৱনযাত্ৰাক সহজ কৰি তুলিবলৈ আৰু তেওঁলোকৰ কষ্ট লাঘৱ কৰাৰ বাবে অহৰহভাৱে কাম কৰি আছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্ৰতিখন গাঁৱত এতিয়া বিদ্যুৎ উপলব্ধ হৈছে, আনকি এসময়ত শক্তিৰ অভাৱ হোৱা অঞ্চলসমূহতো এতিয়া ইন্টাৰনেটৰ সুবিধা আছে। শ্ৰী মোদীয়ে কয় যে এটা সময় আছিল যেতিয়া সাধাৰণ পৰিয়ালৰ বাবে এলপিজিৰ সংযোগ এটা অলীক সপোন আছিল। কিন্তু আজি সমগ্ৰ ছত্তীশগড়ৰ দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী, জনজাতীয় সমাজলৈ গেছ সংযোগৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে এতিয়া চৰকাৰে চিলিণ্ডাৰৰ উপৰিও পাইপলাইনৰ জৰিয়তে সুলভ মূল্যৰ গেছ যোগান ধৰাৰ বাবে কাম কৰি আছে। আজি নাগপুৰ-ঝাৰছুগুডা গেছ পাইপলাইন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা বুলি ঘোষণাৰে এই প্ৰকল্পৰ বাবে ছত্তীশগড়বাসীক অভিনন্দন জ্ঞাপন কৰে।

ছত্তীশগড় দেশৰ অন্যতম বৃহৎ জনজাতীয় লোকৰ বসতিপ্ৰধান ৰাজ্য বুলি উল্লেখেৰে তেওঁ তেওঁলোকে ভাৰতৰ ঐতিহ্য আৰু উন্নয়নত গৌৰৱময় ইতিহাস ৰচনাৰে অপৰিসীম অৱদান আগবঢ়াইছে বুলি কয়। তেওঁ কয় যে সমগ্ৰ ৰাষ্ট্ৰ আৰু বিশ্বই যাতে জনজাতীয় সমাজসমূহৰ অৱদানক স্বীকৃতি জনাই আৰু উদযাপন কৰে, সেয়া নিশ্চিতকৰণৰ অৰ্থে চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আছে। সমগ্ৰ দেশতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ বাবে উৎসৰ্গিত সংগ্ৰহালয় স্থাপনৰ জৰিয়তেই হওঁক বা ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীক জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰাই হওঁক, চৰকাৰে জনজাতীয় সমাজৰ উত্তৰাধিকাৰক সন্মান আৰু মহিমামণ্ডিতকৰণৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

আজি শ্বহীদ বীৰ নাৰায়ণ সিং জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় উদ্বোধন কৰি এই দিশত আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সংগ্ৰহালয়টোত স্বাধীনতাৰ পূৰ্বৰ ১৫০ বছৰৰো অধিক সময়ৰ জনজাতীয় ইতিহাসক প্ৰদৰ্শন কৰা হৈছে। ইয়াত জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত কেনেদৰে অৰিহণা যোগাইছিল সেই বিষয়ে বিতংভাৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তেওঁ আস্থা প্ৰকাশেৰে কয় যে সংগ্ৰহালয়টোৱে আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।

চৰকাৰে একেলগে জনজাতীয় ঐতিহ্য সংৰক্ষণ আৰু জনজাতীয় লোকৰ উন্নয়ন তথা কল্যাণৰ বাবে কাম কৰি আছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দেশৰ হাজাৰ-হাজাৰ জনজাতীয় গাঁৱলৈ উন্নয়নৰ নতুন পোহৰ কঢ়িয়াই অনা ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে এয়া ৮০,০০০ কোটি টকাৰ এটি পদক্ষেপ— যি স্বাধীন ভাৰতৰ জনজাতীয় অঞ্চলৰ উন্নয়নৰ অৰ্থে এক অভূতপূৰ্ব প্ৰচেষ্টা। তেওঁ আৰু কয় যে প্ৰথমবাৰৰ বাবে অতিশয় অনগ্ৰসৰ জনজাতীয় গোটৰ উন্নয়নৰ বাবে এখনি ৰাষ্ট্ৰীয় আঁচনি ৰূপায়ণ কৰা হৈছে। পিএম-জনমান আঁচনিৰ অধীনত এই সমাজসমূহৰ হাজাৰ-হাজাৰ বাসস্থানত উন্নয়নমূলক কাম চলি আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জনজাতীয় সমাজসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বনজ সামগ্ৰী সংগ্ৰহ কৰি আহিছে। তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনেই বন ধন কেন্দ্ৰৰ জৰিয়তে অধিক উপাৰ্জনৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে টেণ্ডুপাত ক্ৰয়ৰ উন্নত ব্যৱস্থাৰ ফলত ছত্তীশগড়ৰ ইয়াৰ সংগ্ৰাহকসকলৰ আয় যথেষ্ট বৃদ্ধি পাইছে।

ছত্তীশগড় এতিয়া নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদৰ শিকলিৰ পৰা মুক্ত হৈছে বুলি সন্তুষ্টি প্ৰকাশ কৰি শ্ৰী মোদীয়ে নক্সালবাদৰ বাবে ৫০–৫৫ বছৰ ধৰি জনসাধাৰণে সহ্য কৰা যন্ত্ৰণাদায়ক অভিজ্ঞতাক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে সংবিধান ৰক্ষাৰ ভাও ধৰা আৰু সামাজিক ন্যায়ৰ নামত ঘঁৰিয়ালৰ চকুপানী টুকি থকাসকলক সমালোচনা কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে জনসাধাৰণৰ বিৰুদ্ধে দশক-দশক ধৰি অন্যায় কৰিছিল বুলি কয়। তেওঁ মন্তব্য কৰে যে মাওবাদী সন্ত্ৰাসবাদৰ বাবে ছত্তীশগড়ৰ জনজাতীয় অঞ্চলসমূহ দীৰ্ঘদিন ধৰি পথৰ পৰা বঞ্চিত হৈ আছিল। শিশুসকলৰ বিদ্যালয়ৰ সুবিধা নাছিল, ৰোগীসকলক চিকিৎসালয়ৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু দশক-দশক ধৰি দেশখন শাসন কৰাসকলে জীৱনৰ আৰাম উপভোগ কৰি জনসাধাৰণক নিজৰ ভাগ্যৰ ওচৰত এৰি দিছিল।

কিন্তু তেওঁ জনজাতীয় ভাই-ভনীসকলক হিংসাৰ চক্ৰত ধ্বংস হ’বলৈ দিব নোৱাৰে তথা সন্তানৰ বাবে অগণন মাতৃয়ে কান্দি থকা দেখিও সহ্য কৰিব নোৱাৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ২০১৪-ত যেতিয়া ৰাষ্ট্ৰই তেওঁক সেৱা আগবঢ়োৱাৰ সুযোগ দিছিল, তেতিয়া তেওঁৰ চৰকাৰে ভাৰতক মাওবাদী সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিল। এই সংকল্পৰ ফলাফল এতিয়া সমগ্ৰ দেশৰ বাবে দৃশ্যমান বুলি দৃঢ়তাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এঘাৰ বছৰৰ আগতে ১২৫ খনৰো অধিক জিলা মাওবাদী সন্ত্ৰাসৰ দ্বাৰা প্ৰভাৱিত হৈছিল; কিন্তু আজি মাত্ৰ তিনিখন জিলাহে বাকী আছে য’ত মাওবাদী কাৰ্য্যকলাপৰ প্ৰভাৱ আছে। “আমাৰ ছত্তীশগড় আৰু আমাৰ ৰাষ্ট্ৰখন মাওবাদী সন্ত্ৰাসবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’বলৈ বেছি দিন নাই”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে এসময়ত হিংসাৰ পথ গ্ৰহণ কৰা ছত্তীশগড়ৰ বহু যুৱক-যুৱতীয়ে এতিয়া দ্ৰুতগতিত আত্মসমৰ্পণ কৰিছে। তেওঁ উল্লেখ কৰে যে মাত্ৰ কেইদিনমান পূৰ্বে কাংকাৰৰ বিশৰো অধিক নক্সালবাদী মূলসুঁতিলৈ ঘূৰি আহিছিল আৰু ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত বাষ্টাৰত ২০০-ৰো অধিক নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছিল। তেওঁ লগতে কয় যে যোৱা কেইমাহমানত সমগ্ৰ দেশতে মাওবাদী সন্ত্ৰাসবাদৰ সৈতে জড়িত একাধিক ব্যক্তিয়ে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছে। এই ব্যক্তিসকলে এতিয়া ভাৰতৰ সংবিধানক সন্মান জনাইছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে মাওবাদী সন্ত্ৰাসবাদ নিৰ্মূলৰ ফলত অসম্ভৱ সম্ভৱ হৈ উঠিছে। তেওঁ মন্তব্য কৰে যে এসময়ত বোমা আৰু বন্দুকৰ ভয়ত আৱদ্ধ হৈ থকা অঞ্চলসমূহ এতিয়া ৰূপান্তৰিত হৈছে। বিজাপুৰৰ চিলকাপল্লী গাঁৱত সাত দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিদ্যুৎ যোগান ধৰা হৈছে। আবুঝমাদৰ ৰেকাৱায়া গাঁৱত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে। তেওঁ কয় যে এসময়ত সন্ত্ৰাসৰ দুৰ্গ হিচাপে গণ্য কৰা পুৱৰতী গাঁওখন এতিয়া উন্নয়নৰ জোৱাৰৰ সাক্ষী হৈ পৰিছে। ৰঙা পতাকাৰ ঠাইত ৰাষ্ট্ৰীয় পতাকাই স্থান লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে বাষ্টাৰৰ দৰে অঞ্চল এতিয়া উদযাপনৰ দ্বাৰা ভৰি পৰিছে, বাষ্টাৰ পাণ্ডুম আৰু বাষ্টাৰ অলিম্পিকৰ দৰে অনুষ্ঠান আয়োজন কৰা হৈছে।

নক্সালবাদৰ প্ৰত্যাহ্বানৰ মাজতো বিগত ২৫ বছৰত ছত্তীশগড় কিমান দূৰ আগবাঢ়িছে আৰু এই প্ৰত্যাহ্বান সম্পূৰ্ণৰূপে অতিক্ৰম কৰিলে গতি কিমান দ্ৰুত হ’ব, সেই কথা কল্পনা কৰিবলৈ সকলোকে আহ্বান জনাই শ্ৰী মোদীয়ে কয় যে আগন্তুক বছৰ কেইটা ছত্তীশগড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। এখন উন্নত ভাৰত গঢ়াৰ বাবে ছত্তীশগড় উন্নত হোৱাটো অতি প্ৰয়োজনীয়। ৰাজ্যৰ যুৱক-যুৱতীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁলোকৰ সময় আৰু তেওঁলোক উপনীত হ’ব নোৱাৰা কোনো লক্ষ্য নাই। তেওঁ তেওঁলোকক আশ্বাস প্ৰদানেৰে কয় যে তেওঁলোকৰ প্ৰতিটো খোজতে আৰু প্ৰতিটো সংকল্পতে চৰকাৰে তেওঁলোকৰ সৈতে থিয় দিছে। প্ৰধানমন্ত্ৰীয়ে সামৰণিত দৃঢ়তাৰে কয় যে আমি একেলগে ছত্তীশগড় আৰু ৰাষ্ট্ৰখনক আগুৱাই নিম। তেওঁ ছত্তীশগড়ৰ প্ৰতিজন ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকা, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ সাই, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জুৱেল ওৰাম, শ্ৰী দুৰ্গা দাস উইকে, শ্ৰী টোকন চাহুকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য হিচাপে ছত্তীশগড় গঠনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে ছত্তীশগড় ৰজত মহোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । তেওঁ ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক আৰু পৰিৱৰ্তনশীল প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, উদ্যোগ, স্বাস্থ্যসেৱা আৰু শক্তিৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে।

গ্ৰামীণ জীৱিকা বৰ্ধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ ৯ খন জিলাৰ ১২ টা নতুন ষ্টাৰ্ট-আপ গাঁও উদ্যমিতা কাৰ্য্যক্ৰম (SVEP) ব্লক উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৩.৫১ লাখ সম্পূৰ্ণ ঘৰৰ গৃহপ্ৰৱেশত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)-ৰ অধীনত ৩ লাখ হিতাধিকাৰীলৈ ১,২০০ কোটি টকাৰ কিস্তি মুকলি কৰে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহস্থীসমূহৰ বাবে মৰ্য্যাদাপূৰ্ণ আৱাস আৰু নিৰাপত্তা নিশ্চিত হৈছে।

যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাই ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-এ প্ৰায় ৩,১৫০ কোটি টকা ব্যয় সাপেক্ষে ভাৰতমালা পৰিযোজনাৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পাঠলগাঁও–কুংকুৰিৰ পৰা ছত্তীশগড়–ঝাৰখণ্ড সীমান্তলৈকে চাৰিলেনযুক্ত গ্ৰীনফিল্ড ঘাইপথৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এই কৌশলগত কৰিডৰে সমগ্ৰ কোৰবা, ৰায়গড়, যশপুৰ, ৰাঁচী আৰু জামছেদপুৰৰ মূল কয়লা খনি, ঔদ্যোগিক অঞ্চল আৰু তীখা উদ্যোগসমূহক সংযোগ কৰিব, যিয়ে আঞ্চলিক বাণিজ্যিক সংযোগক সুদৃঢ় আৰু মধ্য ভাৰতক পূব অঞ্চলৰ সৈতে একত্ৰিত কৰা এক প্ৰধান অৰ্থনৈতিক পথ হিচাপে কাম কৰিব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ আৰু নাৰায়ণপুৰ জিলাৰ একাধিক খণ্ডত বিস্তৃত ৰাষ্ট্ৰীয় ঘাইপথ-১৩০ডি (নাৰায়ণপুৰ–কস্তুৰমেটা–কুতুল–নীলাংগুৰ–মহাৰাষ্ট্ৰ সীমান্ত) নিৰ্মাণ আৰু উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও ১৩০চি ৰাষ্ট্ৰীয় ঘাইপথ (মদাংমুডা–দেওভোগ–ওড়িশা সীমান্ত)ক পকী কান্ধেৰে দুইলেনযুক্ত ঘাইপথলৈ উন্নীতকৰণৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহে জনজাতীয় আৰু অভ্যন্তৰীণ অঞ্চলত পথ সংযোগৰ যথেষ্ট বৰ্ধন ঘটাব তথা স্বাস্থ্যসেৱা, শিক্ষা আৰু বজাৰৰ সুবিধা উন্নত কৰিব। একেদৰে দুৰ্গম অঞ্চলসমূহত আৰ্থ-সামাজিক উন্নয়নক ত্বৰান্বিত কৰিব।

শক্তি খণ্ডত প্ৰধানমন্ত্ৰীয়ে আন্তঃআঞ্চলিক ইআৰ–ডব্লিউআৰ আন্তঃসংযোগ প্ৰকল্পৰ শুভাৰম্ভ কৰে, যিয়ে পূব আৰু পশ্চিম গ্ৰীডৰ মাজত আন্তঃআঞ্চলিক শক্তি স্থানান্তৰ ক্ষমতা ১৬০০ মেগাৱাট বৃদ্ধি কৰিব, গ্ৰীডৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব আৰু সমগ্ৰ অঞ্চলটোত সুস্থিৰ বিদ্যুৎ যোগান নিশ্চিত কৰিব।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰা, যোগানৰ নিৰ্ভৰযোগ্যতা উন্নত কৰা আৰু সংবহন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ৩,৭৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক শক্তি খণ্ডৰ প্ৰকল্প উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

নৱীকৃত বিতৰণ খণ্ড আঁচনিৰ (RDSS) অধীনত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৮৬০ কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰে। ইয়াৰ ভিতৰত আছে নতুন বিদ্যুৎ পৰিবাহী লাইন নিৰ্মাণ, ফিডাৰ বাইফাৰ্কেচন, ট্ৰেন্সফৰ্মাৰ স্থাপন, কণ্ডাক্টৰ ৰূপান্তৰ আদি। প্ৰধানমন্ত্ৰীয়ে ৰায়পুৰ, বিলাসপুৰ, দুৰ্গ, বেমেতাৰা, গৰিয়াবন্দ আৰু বাষ্টাৰ আদি জিলাত প্ৰায় ৪৮০ কোটি টকা ব্যয়েৰে নিৰ্মিত ৯ টা নতুন বিদ্যুৎ উপকেন্দ্ৰও উদ্বোধন কৰে। এই কেন্দ্ৰসমূহে সুস্থিৰ ভল্টেজ নিশ্চিত কৰি, বিজুলী বিচ্ছিন্নতা হ্ৰাস কৰি, আনকি দূৰৱৰ্তী আৰু জনজাতীয় অঞ্চলতো নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰদান কৰি ১৫ লাখৰো অধিক লোকক উপকৃত কৰিব। ইয়াৰ উপৰিও ৰাজ্যখনত বিদ্যুতৰ পৰিসৰ আৰু মান অধিক বৃদ্ধিৰ বাবে কেইবাখনো জিলাত নতুন আৰডিএছএছ-ৰ কামৰ লগতে কাংকেৰ আৰু বালোদাবাজাৰ–ভাটাপাৰাত সুবিধাকে ধৰি ১,৪১৫ কোটি টকাৰো অধিক মূল্যৰ নতুন উপকেন্দ্ৰ আৰু সংবহন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত প্ৰধানমন্ত্ৰীয়ে ৰায়পুৰত এইচপিচিএল-ৰ অত্যাধুনিক পেট্ৰলিয়াম তেল ডিপো উদ্বোধন কৰে। পেট্ৰল, ডিজেল আৰু ইথানলৰ বাবে ৫৪,০০০ কিলোলিটাৰ (KL) সংৰক্ষণ ক্ষমতাৰে ৪৬০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এয়া স্থাপন কৰা হৈছে। এই সুবিধাই সমগ্ৰ ছত্তীশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহত নিৰৱচ্ছিন্নভাৱে যোগান নিশ্চিত কৰি এক প্ৰধান ইন্ধন কেন্দ্ৰ হিচাপে কাম কৰিব। ১০,০০০ কেএল ইথানল সংৰক্ষণেৰে ডিপোটোৱে ইথানল মিশ্ৰণ কাৰ্য্যসূচীকো সমৰ্থন কৰে, ইয়াৰ ফলশ্ৰুতিত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু স্বচ্ছ শক্তি বৃদ্ধিৰ প্ৰসাৰ ঘটিব।

প্ৰায় ১,৯৫০ কোটি টকা ব্যয়ৰে নিৰ্মিত ৪৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাগপুৰ–ঝাৰছুগুডা প্ৰাকৃতিক গেছ পাইপলাইনো উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰ শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ অংশ ১৫% লৈ বৃদ্ধি কৰাৰ লগতে “এক ৰাষ্ট্ৰ, এক গেছ গ্ৰীড”ৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ দিশত এই প্ৰকল্পটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পাইপলাইনে ছত্তীশগড়ৰ ১১ খন জিলাক নেচনেল গেছ গ্ৰীডৰ সৈতে সংযোগ কৰি ঔদ্যোগিক উন্নয়নত সহায় কৰিব আৰু অঞ্চলটোলৈ স্বচ্ছ আৰু সুলভ মূল্যৰ ইন্ধন যোগান ধৰিব।

ঔদ্যোগিক বিকাশ আৰু নিয়োগক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দুটা স্মাৰ্ট ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰে — এটা জাঞ্জগিৰ–চাম্পা জিলাৰ চিলাদেহী–গতোৱা–বিৰাত আৰু আনটো ৰাজনন্দগাঁও জিলাৰ বিজলেতলাত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নতুন ৰায়পুৰ অটল নগৰৰ ছেক্টৰ–২২ত এখন ফাৰ্মাচিউটিকেল পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। এই উদ্যানখনে ঔষধ আৰু স্বাস্থ্যসেৱা উৎপাদনৰ বাবে এক নিৰ্দিষ্ট অঞ্চল হিচাপে কাম কৰিব।

স্বাস্থ্যসেৱা খণ্ডক উন্নীত কৰি প্ৰধানমন্ত্ৰীয়ে পাঁচখন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে চিকিৎসা শিক্ষাক সম্প্ৰসাৰিত কৰিব, স্বাস্থ্যসেৱা সুবিধাৰ বৰ্ধন ঘটাব।

***

MJPS/SR/SB


(Release ID: 2185654) Visitor Counter : 4