প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৱাদিয়াত 'ষ্টেচু অব্ ইউনিটী'ত প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 31 OCT 2025 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাদিয়াত থকা 'ষ্টেচু অব্ ইউনিটী"ত চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে 'ষ্টেচু অব্ ইউনিটী' হৈছে চৰ্দাৰ পেটেল আৰু ভাৰতৰ একতা আৰু শক্তিৰ বিষয়ে তেওঁৰ দৃষ্টিভংগীৰ প্ৰতি এক স্মৰণীয় শ্ৰদ্ধাঞ্জলি। তেওঁ লগতে কয় যে বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি হিচাপে থিয় হৈ থকাটো ৰাষ্ট্ৰীয় গৌৰৱ আৰু চৰ্দাৰ পেটেলৰ সপোন পূৰণৰ বাবে ৰাষ্ট্ৰৰ সামূহিক সংকল্পৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"কেৱাদিয়াত 'ষ্টেচু অব্ ইউনিটি"ত চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

এছ অ" ইউ হৈছে চৰ্দাৰ পেটেল আৰু ভাৰতৰ একতা আৰু শক্তিৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীলৈ এক স্মৰণীয় শ্ৰদ্ধাঞ্জলি। বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি হিচাপে থিয় হৈ থকাটো ৰাষ্ট্ৰীয় গৌৰৱ আৰু চৰ্দাৰ পেটেলৰ সপোন পূৰণ কৰাৰ সামূহিক সংকল্পৰ প্ৰতীক।"

***

MJPS/ST/KD


(रिलीज़ आईडी: 2184783) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam