গৃহ মন্ত্ৰালয়
২০২৫ বৰ্ষৰ বাবে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/চি. এ. পি. এফ./চি. পি. অ’ৰ ১৪৬৬ কৰ্মচাৰীক 'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক' প্ৰদান
'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক'-এ উৎকৃষ্ট কামক স্বীকৃতি দিয়ে, উচ্চ পেছাদাৰী মানৰ প্ৰচাৰ কৰে আৰু বিশেষ অভিযান, তদন্ত, চোৰাংচোৱা আৰু ফৰেনচিক বিজ্ঞানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ববীয়া/বিষয়াসকলৰ মনোবল বৃদ্ধি কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত আৰম্ভ কৰা 'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক'-এ সকলো আৰক্ষী জোৱানৰ মনোবল বৃদ্ধি কৰিব
২০২৪ চনৰ ফেব্ৰুৱাৰীত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে 'কেন্দ্ৰীয় গৃহ মন্ত্ৰী দক্ষত পদক' প্ৰৱৰ্তন কৰিছিল
প্ৰতি বছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে 'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষত পদক' ঘোষণা কৰা হয়
Posted On:
31 OCT 2025 9:13AM by PIB Guwahati
২০২৫ বৰ্ষৰ বাবে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি. এ. পি. এফ.)/কেন্দ্ৰীয় আৰক্ষী সংগঠন (চি. পি. অ'.)ৰ ১৪৬৬ জন কৰ্মচাৰীক 'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক' প্ৰদান কৰা হৈছে।
উৎকৃষ্ট কামক স্বীকৃতি দিবলৈ, উচ্চ পেছাদাৰী মানৰ প্ৰচাৰ কৰিবলৈ আৰু নিম্নলিখিত চাৰিটা ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ববীয়া/বিষয়াৰ মনোবল বৃদ্ধি কৰিবলৈ এই পদক প্ৰদান কৰা হয় ঃ
(i) বিশেষ অভিযান
(ii) তদন্ত
(iii) চোৰাংচোৱা
(iv) ফৰেনচিক বিজ্ঞান
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত আৰম্ভ কৰা 'কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক'-এ সকলো আৰক্ষী জোৱানৰ মনোবল বৃদ্ধি কৰিব।
"কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক" ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধিসূচনাৰ জৰিয়তে প্ৰৱৰ্তন কৰা হৈছিল। আৰক্ষী বাহিনী, নিৰাপত্তা সংস্থা, চোৰাংচোৱা গোট/শাখা, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ বিশেষ শাখা (চি. পি. অ".)/কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি. এ. পি. এফ.) আৰু ফৰেনচিক বিজ্ঞান (কেন্দ্ৰীয়/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ সদস্যসকলক অভিযানৰ উৎকৃষ্টতা, অনুসন্ধানত অসাধাৰণ সেৱা, ব্যতিক্ৰমী প্ৰদৰ্শন, অদম্য আৰু সাহসী চোৰাংচোৱা সেৱা, ফৰেনচিক বিজ্ঞানৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা চৰকাৰী বিজ্ঞানীসকলৰ প্ৰশংসনীয় কামৰ বাবে "কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক" প্ৰদান কৰা হয়।
প্ৰতি বছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে এই পদক ঘোষণা কৰা হয়।
বঁটা বিজয়ীসকলৰ তালিকা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ - https://www.mha.gov.in
Click for list of Awardees
*******
RK / RR / PS / KD
(Release ID: 2184506)
Visitor Counter : 7
Read this release in:
English
,
Telugu
,
Tamil
,
Bengali
,
Bengali-TR
,
Odia
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam