তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ বৃহৎ সাংগীতিক যাত্ৰা উভতি আহিছে: ২ৰ পৰা ২৯ নৱেম্বৰ ২০২৫লৈ ২৪খন চহৰত প্ৰতিধ্বনিত হ’ব ৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন

১৯৫৪ চনৰ পৰা ভাৰতৰ সংগীতৰ উজ্জ্বলতাৰ চহকী উত্তৰাধিকাৰক আগুৱাই নিয়া এক সৰ্বভাৰতীয় উদযাপনে হিন্দুস্তানী, কৰ্ণাটক আৰু লোক পৰম্পৰাৰ বিশিষ্ট শিল্পীসকলক একত্ৰিত কৰে

প্ৰদৰ্শনসমূহ ২৬ ডিচেম্বৰ ২০২৫ৰ চনৰ ২৩ জানুৱাৰী ২০২৬লৈকে এআইআৰ, ডিডি ভাৰতী, ৱেভছ অ’টিটি আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে দেশজুৰি অনুৰণিত হ’ব

Posted On: 30 OCT 2025 6:56PM by PIB Guwahati

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত দেশজুৰি ২৪টা কেন্দ্ৰত ২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ ২০২৫ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া ইয়াৰ সন্মানীয় বাৰ্ষিক সংগীত উৎসৱ আকাশবাণী সংগীত সন্মিলন ২০২৫ৰ ৬৭ সংখ্যক সংস্কৰণৰ কথা ঘোষণা কৰি আনন্দিত হৈছো।

১৯৫৪ চনত আৰম্ভ হোৱাৰ পৰাই আকাশবাণী সংগীত সন্মিলনে ভাৰতৰ অন্যতম চিৰস্থায়ী আৰু সন্মানীয় সাংস্কৃতিক পৰম্পৰা হিচাপে থিয় দিছে। হিন্দুস্তানী, কৰ্ণাটক, আৰু লাইট আৰু লোক সংগীতৰ উন্নততম ধাৰাসমূহ সমগ্ৰ দেশৰ দৰ্শকৰ মাজলৈ অনাৰ বাবে কল্পনা কৰা এই সন্মিলনে ভাৰতৰ চহকী সংগীত ঐতিহ্য সংৰক্ষণ, প্ৰচাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰতি বছৰে শিল্পী আৰু শ্ৰোতাসকলে আগ্ৰহেৰে অপেক্ষা কৰা এক পৰম্পৰা। সন্মিলনখন বিশিষ্ট আৰু উদীয়মান সংগীতজ্ঞ উভয়ৰে বাবে এক আকাংক্ষিত মঞ্চ হৈ আছে, তেওঁলোকক ৰাষ্ট্ৰীয় স্বীকৃতি আৰু শ্ৰদ্ধা প্ৰদান কৰিছে।

সন্মিলনৰ সবিশেষ প্ৰদান কৰি প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ বাবে কিছু সময়ৰ বাবে বিৰতিৰ পিছত এইবাৰ এই মহান উৎসৱ পুনৰ নতুন উদ্যমেৰে ঘূৰি আহিছে। ২০২৫ চনৰ সংস্কৰণত প্ৰতিটো স্থানত দুটাকৈ কনচাৰ্ট অনুষ্ঠিত হ’ব এটা ভাৰতীয় শাস্ত্ৰীয় সংগীত (কণ্ঠ/বাদ্যযন্ত্ৰ) আৰু আনটো লাইট/লোক সংগীতৰ প্ৰতি উৎসৰ্গিত। উল্লেখযোগ্য যে পানাজী আৰু শ্বিলঙে ভাৰতৰ আঞ্চলিক সংগীত বৈচিত্ৰ্যক প্ৰতিফলিত কৰি পশ্চিমীয়া শাস্ত্ৰীয় উপস্থাপন একচেটিয়াভাৱে আয়োজন কৰিব।

২০২৫ চনৰ ২ নৱেম্বৰত দিল্লী, মুম্বাই, আৰু চেন্নাইত আমন্ত্ৰিত দৰ্শকৰ আগত মুকলি দিৱসৰ কনচাৰ্ট অনুষ্ঠিত হ’ব। পৰৱৰ্তী কনচাৰ্টসমূহ ৮ নৱেম্বৰত উদয়পুৰ, তিৰুৱনন্তপুৰম, আৰু কটকত অনুষ্ঠিত হ’ব, ২৯ নৱেম্বৰলৈকে ধৰৱাদ, হায়দৰাবাদ, আৰু জলন্ধাৰত চলিব।

সকলো কনচাৰ্ট কোনো প্ৰৱেশ মাচুল নোহোৱাকৈ জনসাধাৰণৰ বাবে মুকলি। প্ৰথমে অহা প্ৰথমে লাভ কৰাৰ ভিত্তিত নিজ নিজ আকাশবাণী ষ্টেচনৰ পৰা নিমন্ত্ৰণী পত্ৰ সংগ্ৰহ কৰিব পাৰিব।

সন্মিলনৰ হাইলাইট

  • কালজয়ী পৰম্পৰাৰ ৬৭ সংখ্যক বছৰ – ১৯৫৪ চনৰ পৰা সংগীতৰ উৎকৃষ্টতাৰ উত্তৰাধিকাৰ ৰক্ষা
  • দ্বৈত কনচাৰ্ট ফৰ্মেট – প্ৰতিটো কেন্দ্ৰতে ধ্ৰুপদী আৰু লাইট/লোক পৰিবেশন
  • বিশিষ্ট শিল্পীসকলৰ অংশগ্ৰহণ
  • কনচাৰ্টৰ পিছত ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ২৩ জানুৱাৰীলৈ আকাশবাণী নেটৱৰ্কত প্ৰতিদিনে নিশা ১০:০০ বজাৰ পৰা ১১:০০ বজালৈ অনুষ্ঠান সম্প্ৰচাৰ কৰা হ’ব।

ইয়াৰ উপৰিও এইসমূহ উপলব্ধ হ’ব:

  • ৰাগম চেনেল (ডিটিএইচ)
  • ডিডি ভাৰতী
  • ৰাগম ইউটিউব চেনেল
  • ৱেভছ অ'টিটি প্লেটফৰ্ম
  • নিউজঅনএআইআৰ এপ

আকাশবাণী সংগীত সন্মিলন – ২০২৫

বিশিষ্ট্য শিল্পী – তাৰিখ-ভিত্তিক সূচী

২ নৱেম্বৰ ২০২৫

  • দিল্লীঃ পণ্ডিত ৰাকেশ চৌৰসিয়া (বাঁহী), শ্ৰী নন্দেশ উমাপ (লোক)
  • মুম্বাইঃ পণ্ডিত ভেংকটেশ কুমাৰ (কণ্ঠ), শ্ৰী হামিদ আমিনভাই ছায়াদ আৰু পাৰ্টি (ভাৰুদ)
  • চেন্নাইঃ পুষ্পৱনম শ্ৰী কুপ্পুস্বামী (লোক), উদয়ালুৰ শ্ৰী কে কল্যানাৰমণ (ভক্তিমূলক)

৮ নৱেম্বৰ ২০২৫

  • উদয়পুৰঃ মঃ আমান খান (কণ্ঠ), ড° বিজয়েন্দ্ৰ গৌতম (লাইট মিউজিক)
  • তিৰুৱনন্তপুৰম: কুদামালুৰ মুৰালীধৰা মৰাৰ (পঞ্চবাধ্যম), বিদুষী ড° এন জে নন্দিনী (কৰ্ণাটিক কণ্ঠ), অজিত জি কৃষ্ণন আৰু এছ আৰ শ্ৰীকুট্টি (লাইট)
  • কটক: প্ৰদীপ্ত চেখৰ মহপাত্ৰ (বাঁহী), ড° নাজিয়া ছাইদ আৰু সন্তোশী প্ৰসাদ মিশ্ৰ (লাইট কণ্ঠ)

৯ নৱেম্বৰ ২০২৫

  • পুনেঃ বিদুষী জ্যোতি হেগড়ে (ৰুদ্ৰ বীনা), বিজয়কুমাৰ গাইকৱাদ এণ্ড গ্ৰুপ (লোক)
  • পানাজীঃ দেৱশংকৰ ৰায় আৰু জ্যোতি শংকৰ ৰায় (পশ্চিম ধ্ৰুপদী), প্ৰাচী জাথাৰ, শ্ৰীমতী ড° শকুন্তলা ভৰ্ণে (লাইট)

১৫–১৬ নৱেম্বৰ ২০২৫

  • কলকাতাঃ পণ্ডিত আছিম চৌধুৰী (চিতাৰ), সবিনা মুমতাজ ইছলাম (খয়াল), অগ্নিভা বন্দোপাধ্যায়, শ্ৰীৰাধা বন্ধোপাধ্যায় (লাইট), সোমা দাস মণ্ডল, কাৰ্তিক দাস (লোক)

১৫ -১৬ নৱেম্বৰ ২০২৫

  • তিৰুচিৰাপল্লীঃ শ্ৰীমতী ড° বিশাখা হৰি (কৰ্ণাটক কণ্ঠ), শ্ৰী এন শিৱাজী ৰাও আৰু পাৰ্টি (কাৰাগতম)
  • ভোপালঃ পণ্ডিত সন্তোষ নাহৰ (ভায়লিন), ড° দীপালি ৱাট্টাল (গজল)
  • বাৰাণসী: শ্ৰী শুভংকৰ দে (খয়াল), শ্ৰী মান্না লাল যাদৱ এণ্ড গ্ৰুপ (লোক)
  • লক্ষ্ণৌঃ পি ধৰ্মনাথ মিশ্ৰ (থুমৰি/দাদ্ৰা), ড° মেনকা মিশ্ৰ (লাইট)
  • বিজয়ৱাদা: বিদুষীকোল্লুৰুবন্দন (কৰ্ণাটিক কণ্ঠ), মডুমুদিসুধাকৰ (লাইট)

২১ নৱেম্বৰ ২০২৫

  • জয়পুৰঃ পণ্ডিত বিশ্বমোহন ভাট (গীটাৰ), পণ্ডিত সীতা ৰাম সিং (লাইট)

২২ নৱেম্বৰ ২০২৫

  • বেংগালুৰুঃ বেংগালুৰু ব্রাদার্ছ (কর্নাটিক ডুৱেট), লক্ষ্মীনাগৰাজ (লাইট)
  • গুৱাহাটীঃ শ্ৰী মনোজ বৰুৱা (ভায়লিন), শ্ৰীমতী জবা চক্ৰৱৰ্তী দাস (লোক)

২৩ নৱেম্বৰ ২০২৫

  • মহীশূৰঃ ড° সাহানা এছ ভি (বীণা), শ্ৰী এইচ এল শিৱশংকৰস্বামী (মৃদংগ তৰংগা)
  • আহমেদাবাদঃ পণ্ট. মহেন্দ্ৰ টোকে (কণ্ঠ), পণ্ট. নকুল মিশ্ৰ (তাবলা), ৰফিক খান (ভায়লিন), কল্যাণী কৌথলকাৰ, হাছমুখ পাটাদিয়া (লাইট)

২৭ নৱেম্বৰ ২০২৫

  • শ্বিলংঃ না ৰিম্পেই (বেণ্ড), শ্ৰীমতী ড. গ্ৱেনেথ মাউলং, ৰং (বেণ্ড), খোৰ্ছা কোৰ্ডোৰ মাৰবানিয়াং, চিলবি পাছা আৰু পাৰ্টি, লুভ্ৰ ভি মাৰাক আৰু পাৰ্টি (লোক)
  • পাটনাঃ স্মিত তেৱাৰী (সৰোদ), মনোৰঞ্জন ওঝা (লোক)

২৯ নৱেম্বৰ ২০২৫

  • ধৰৱাদঃ পণ্ডিত ভীমন্না জাধৱ (সুন্দৰী), ভেংকটেশ আলকোদ, আৰাধনা হেগড়ে (লাইট), মহন্তেশ হুগাৰ (লোক)
  • হায়দৰাবাদঃ বিদ্ৱান শ্ৰী ডিভি মোহনা কৃষ্ণ (কৰ্ণাটিক কণ্ঠ), শ্ৰীমতী ড° অৰুণা চুববাৰাও, শ্ৰীপতি কুমাৰ স্বামী (লোক)
  • জলন্ধৰঃ ভাই গুৰমীত সিং শান্ত (ছাবাদ কীৰ্তন), শ্ৰীমতী গ্লৰী বাৱা (লোকগীত)

 

******

Dharmendra Tewari/ Navin Sreejith/AA


(Release ID: 2184359) Visitor Counter : 7
Read this release in: English , Urdu , Malayalam