প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আৰক্ষী স্মৃতি দিৱসত আৰক্ষী জোৱানসকলৰ নিৰন্তৰ নিষ্ঠাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

পোষ্ট কৰা হৈছে: 21 OCT 2023 8:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত এইদৰে পোষ্ট কৰেঃ

‘আৰক্ষী স্মৃতি দিৱসত, আমি আমাৰ আৰক্ষী কৰ্মচাৰীসকলৰ নিৰন্তৰ নিষ্ঠাক প্ৰশংসা কৰো। শক্তিশালী সমৰ্থনৰ স্তম্ভ হোৱাৰ লগতে তেওঁলোকে প্ৰত্যাহ্বানৰ মাজেৰে নাগৰিকসকলক পথ প্ৰদৰ্শন কৰাৰ উপৰি সুৰক্ষা নিশ্চিত কৰে। সেৱাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতাই বীৰত্বৰ প্ৰকৃত মনোভাৱ প্ৰতিফলিত কৰে। চূড়ান্ত ত্যাগ কৰা সকলো কৰ্মচাৰীৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি।’

***

DS/DD


(ৰিলিজ আই ডি : 2184140) অতিথি কক্ষ : 15