তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ষ্টাৰ্টআপ ত্বৰক ‘ৱেভএক্স’-য়ে ভাৰতৰ ‘মিডিয়া-টেক’ উদ্যোগীসকলৰ ভৱিষ্যত গঢ়িবলৈ বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব ‘টি-হাব’ৰ সৈতে জোঁট বান্ধিছে

ষ্টাৰ্টআপ ত্বৰক ‘ৱেভএক্স’-য়ে ভাৰতৰ ‘মিডিয়া-টেক’ উদ্যোগীসকলৰ ভৱিষ্যত গঢ়িবলৈ বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব ‘টি-হাব’ৰ সৈতে জোঁট বান্ধিছে

ভাৰতৰ ‘এভিজিচি-এক্সআৰ’ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰিবলৈ ‘টি-হাব’ক এংকৰ ইনষ্টিটিউশ্যন হিচাপে লৈ দেশজুৰি ১০টা উদ্ভাৱন হাব স্থাপন কৰিব ‘ৱেভএক্স’-য়ে

বুজাবুজি চুক্তিয়ে ভাৰতৰ ‘মিডিয়া-টেক’ পৰিৱেশ তন্ত্ৰত ষ্টাৰ্টআপ, নিৰ্মাতা, আৰু বিনিয়োগকাৰীসকলক সংযোগ কৰি উদ্ভাৱনৰ নতুন লহৰৰ বাবে মঞ্চ তৈয়াৰ কৰিছে

‘মেণ্টৰশ্বিপ’, বিশ্ব-বজাৰত প্ৰৱেশ, আৰু ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ নিৰ্মাতা আৰু উদ্ভাৱকসকলৰ বাবে এটা পৰিমাপযোগ্য পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াৰ লক্ষ্যেৰে অংশীদাৰিত্ব

Posted On: 28 OCT 2025 7:44PM by PIB Guwahati

 

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ষ্টাৰ্টআপ ত্বৰক পদক্ষেপ ৱেভএক্স-য়ে ভাৰতৰ সৃষ্টিশীল, কন্টেন্ট, আৰু মিডিয়া-টেকন’লজী ষ্টাৰ্টআপ পৰিৱেশ-তন্ত্ৰক উন্নীত কৰিবলৈ বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব ‘টি-হাব’ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু, তেলেংগানা চৰকাৰৰ তথ্য প্ৰযুক্তি, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ বিভাগৰ বিশেষ মুখ্য সচিব শ্ৰী সঞ্জয় কুমাৰ আৰু মন্ত্ৰালয়টোৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত ৱেভএক্স আৰু ‘টি-হাব’ৰ মাজত বুজাবুজি চুক্তিখন আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰি বিনিময় কৰে।

এই উপলক্ষে ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে ভাৰতৰ এভিজিচি-এক্সআৰ (এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গে’মিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটী) খণ্ডই দ্ৰুত উথ্থানৰ সাক্ষী হৈ সৃষ্টিশীল অৰ্থনীতিৰ এক প্ৰধান চালক হিচাপে আত্মপ্ৰকাশ কৰা বুলি আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ৱেভএক্স-ক ষ্টাৰ্টআপসমূহৰ লালন-পালন কৰিবলৈ আৰু সংবাদ মাধ্যম, মনোৰঞ্জন, আৰু নিমজ্জিত প্ৰযুক্তিৰ নিৰ্মাতাসকলক শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় ত্বৰক মঞ্চ হিচাপে ধাৰণা কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/Screenshot2025-10-28194903ZQVA.png

তেলেংগানা চৰকাৰৰ ‘আই টি ই এণ্ড চি’ বিভাগৰ বিশেষ মুখ্য সচিব শ্ৰী সঞ্জয় কুমাৰে উল্লেখ কৰে যে ৱেভএক্স আৰু ‘টি-হাব’ৰ মাজৰ অংশীদাৰিত্বই সৃষ্টিশীল উদ্যোগীকৰণৰ বাবে দেশব্যাপী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে ই যুৱ নিৰ্মাতাসকলক ব্যক্তিগত অংশগ্ৰহণকাৰীৰ পৰা সংগঠিত ব্যৱসায়িক গোটলৈ পৰিৱৰ্তিত কৰাত সহায় কৰিব, যাৰ ফলত তেওঁলোকে বিশ্বজুৰি পৰিসৰ লাভ কৰিবলৈ সক্ষম হ’ব।

এই সহযোগিতাই গাঁথনিগত ইনকিউবেশ্যন, মেণ্টৰশ্বিপ, আৰু আন্তঃগাঁথনি আৰু নেটৱৰ্কৰ প্ৰৱেশ প্ৰদান কৰি ভাৰতীয় ষ্টাৰ্টআপসমূহক উপকৃত কৰিব বুলি আশা কৰা হৈছে। এংকৰ ইনষ্টিটিউশ্যন হিচাপে টি-হাবৰ সহায়ত ৱেভএক্স-য়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত সমগ্ৰ ভাৰতত ১০টালৈকে ইনকিউবেশ্যন চেণ্টাৰ স্থাপন কৰিব। এই কেন্দ্ৰসমূহে এভিজিচি এক্সআৰ পৰিৱেশ তন্ত্ৰত ষ্টাৰ্টআপ আৰু নিৰ্মাতাসকলৰ বাবে উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

ৱেভএক্স-ৰ বিষয়ে

ৱেভএক্স হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ WAVES পদক্ষেপৰ অধীনত আৰম্ভ কৰা নিৰ্দিষ্ট ষ্টাৰ্টআপ ত্বৰক প্লেটফৰ্ম, যাৰ লক্ষ্য হৈছে সংবাদ মাধ্যম আৰু বিনোদন খণ্ডত উদ্ভাৱনক প্ৰতিপালন কৰা। ২০২৫ চনৰ মে’ মাহত মুম্বাইত অনুষ্ঠিত ৱেভছ শীৰ্ষ সন্মিলনত ৱেভএক্স-য়ে ১০০ৰো অধিক আশাব্যঞ্জক ষ্টাৰ্টআপক পিচিং আৰু নেটৱৰ্কিঙৰ সুযোগ প্ৰদান কৰিছিল, যাৰ ফলত চৰকাৰী সংস্থা, বিনিয়োগকাৰী, আৰু উদ্যোগৰ নেতাসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ স্থাপন সম্ভৱ হৈছিল। ৱেভএক্স-য়ে লক্ষ্য হেকাথন, ইনকিউবেশ্যন, মেণ্টৰশ্বিপ, আৰু ৰাষ্ট্ৰীয় প্লেটফৰ্মসমূহৰ সৈতে সংহতিৰ জৰিয়তে ধাৰণাসমূহ সমৰ্থন কৰি আছে।

টি-হাবৰ বিষয়ে

টি-হাব হৈছে বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব যিয়ে কিউৰেটেড প্ৰগ্ৰেম, বজাৰত প্ৰৱেশ, পুঁজিৰ সুযোগ, আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ জৰিয়তে ২০০০ৰো অধিক ষ্টাৰ্টআপক সমৰ্থন কৰে। ‘টি-হাব’-য়ে ইনকিউবেটৰসমূহৰ এটা বিশিষ্ট ইনকিউবেটৰ হিচাপেও কাম কৰে, আইডিইএক্স (ইনোভেশ্যনছ ফৰ ডিফেন্স এক্সেলেন্স)ৰ দৰে কাৰ্যসূচীক সমৰ্থন কৰাৰ লগতে এআইচি (অটল ইনকিউবেশ্যন চেণ্টাৰ) আৰু মেথ (মেচিন লাৰ্নিং আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি হাব)ৰ দৰে সত্তাক আতিথ্য আৰু প্ৰতিপালন কৰে।

****

Dharmendra Tewari\Navin Sreejith/KB


(Release ID: 2183557) Visitor Counter : 3