ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মুম্বাইৰ মাজাগাঁও ডকত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ‘ডীপ ছী ফিছিং ভেচেল’ উদ্বোধন কৰে

মোদী চৰকাৰ সমবায় খণ্ডৰ সম্ভাৱনাৰে ‘আত্মনিৰ্ভৰ ভাৰত’-ৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ লগতে সুনীল অৰ্থনীতিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ
মীন খণ্ডত সমবায় আন্দোলন দৰিদ্ৰ মাছমৰীয়াসকলৰ সমৃদ্ধিৰ চালিকা শক্তি হৈ পৰিব
সমবায় ভিত্তিত আজি আগবঢ়োৱা এই ট্ৰলাৰে অনাগত দিনসমূহত ভাৰতৰ মীন সম্পদৰ সম্ভাৱনাক ব্যৱহাৰৰ ক্ষমতা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলশ্ৰুতিত অৰ্জিত লাভ প্ৰতিজন মাছমৰীয়াই পাব
ভাৰত চৰকাৰ, মীন বিভাগ আৰু ৰাজ্য চৰকাৰে সামূহিকভাৱে আগন্তুক বছৰসমূহত মাছমৰীয়াসকলক সমবায়ৰ জৰিয়তে অধিক ট্ৰলাৰ প্ৰদান কৰিব
কঠোৰ পৰিশ্ৰমী দৰিদ্ৰ লোকে লাভ অৰ্জন কৰিব লাগে— এয়াই হৈছে সমবায়ৰ সফল আৰ্হি
দৰিদ্ৰসকল আৰ্থিকভাৱে সবল হৈ উঠিলেহে প্ৰকৃত অৰ্থত দেশখন সমৃদ্ধিশালী হয়
মোদী চৰকাৰে দুগ্ধ, চেনি কল আৰু বজাৰ কমিটিৰ দৰেই মাছমৰীয়াসকলৰ বাবেও কাম কৰা এটা ব্যৱস্থা গঢ়ি তুলিব, এই ব্যৱস্থাই তেওঁলোকৰ অৰ্থনৈতিক সমৃদ্ধি নিশ্চিত কৰিব
সমবায় মন্ত্ৰালয়ে সমগ্ৰ দেশৰ সামুদ্ৰিক খণ্ডৰ সম্ভাৱনাক ব্যৱহাৰেৰে সমবায় ভিত্তিত মাছমৰীয়া ভাই-ভনীসকলক লাভ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে
মোদী চৰকাৰে সমবায়ৰ জৰিয়তে মাছ সংসাধন আৰু শীতল কেন্দ্ৰৰ লগতে ৰপ্তানি আৰু সংগ্ৰহকাৰী জাহাজৰ ব্যৱস্থা কৰিব

Posted On: 27 OCT 2025 7:00PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মুম্বাইৰ মাজাগাঁও ডকত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ‘ডীপ ছী ফিছিং ভেচেল’ উদ্বোধন কৰে। এই কাৰ্য্যসূচীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাদনবিছ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিণ্ডে আৰু শ্ৰী অজিত পাৱাৰ, কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰুলীধৰ মোহলে অংশগ্ৰহণ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক মীন খণ্ডৰ আধুনিকীকৰণ আৰু উপকূলীয় অঞ্চলত সমবায়-ভিত্তিক উন্নয়নক প্ৰসাৰিতকৰণৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ। তেওঁ কয় যে মোদী চৰকাৰ সমবায় খণ্ডৰ সম্ভাৱনাৰে ‘আত্মনিৰ্ভৰ ভাৰত’-ৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ লগতে সুনীল অৰ্থনীতিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।

CR5_1277.JPG

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আজি ট্ৰলাৰ দুখনৰ উদ্বোধন কাৰ্য্যই অনাগত দিনসমূহত ভাৰতৰ মীন সম্পদৰ সম্ভাৱনাক ব্যৱহাৰৰ ক্ষমতা বৃদ্ধিয়েই নহয়, বৰঞ্চ সমবায়ৰ জৰিয়তে মীন উদ্যোগৰ লাভ আমাৰ কঠোৰ পৰিশ্ৰমী দৰিদ্ৰ মাছমৰীয়াসকলে পোৱাটো নিশ্চিত কৰিব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে বৰ্তমান মাছ ধৰাৰ বাবে ট্ৰলাৰত কাম কৰা ব্যক্তিসকলক দৰমহাৰ ভিত্তিত নিয়োগ কৰা হয়, কিন্তু এতিয়া সমবায়-ভিত্তিক মাছ ধৰাৰ পৰিপ্ৰেক্ষিতত ট্ৰলাৰৰ পৰা পোৱা সমগ্ৰ লাভ জড়িত প্ৰতিজন মাছমৰীয়াই পাব। শ্ৰী শ্বাহে কয় যে প্ৰথম অৱস্থাত ১৪ খন এনে ট্ৰলাৰ যোগান ধৰা হ’ব যদিও কেন্দ্ৰীয় চৰকাৰ, সমবায় মন্ত্ৰালয় আৰু মীন বিভাগে আগন্তুক সময়ত সমবায়-ভিত্তিত মাছমৰীয়াসকলক এনেধৰণৰ অধিক ট্ৰলাৰ প্ৰদানৰ পৰিকল্পনা কৰিছে। তেওঁ উল্লেখ কৰে যে এই ট্ৰলাৰসমূহ গভীৰ সাগৰত ২৫ দিনলৈকে থাকিব পাৰে আৰু ২০ টন পৰ্য্যন্ত মাছ কঢ়িয়াব পাৰে। ইয়াৰ উপৰিও কাৰ্য্যকলাপৰ সমন্বয় সাধন আৰু সাগৰৰ পৰা পাৰলৈ মাছ সৰবৰাহৰ বাবে বৃহৎ জাহাজ থাকিব। তেওঁ লগতে কয় যে ট্ৰলাৰসমূহত থকা আৰু খোৱাৰ সুবিধাজনক ব্যৱস্থা আছে।

CR5_1301.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে প্ৰায় ১১,০০০ কিমি দৈৰ্ঘ্যৰ উপকূলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে আগন্তুক দিনত এক বৃহৎ আঁচনিৰ পৰিকল্পনা কৰা হৈছে। তেওঁ কয় যে সমবায়ৰ ধাৰণাটো হ’ল, সেয়া দুগ্ধ উৎপাদনেই হওঁক, কৃষি বজাৰেই হওঁক, মীনপালনেই হওঁক, লাভ কঠোৰ পৰিশ্ৰমী ব্যক্তিসকলে অৰ্জন কৰিব। দৰিদ্ৰসকল আৰ্থিকভাৱে সবল হৈ উঠিলেহে প্ৰকৃত অৰ্থত দেশখন সমৃদ্ধিশালী হয়। শ্ৰী শ্বাহে কয় যে দেশৰ সমৃদ্ধি কেৱল জিডিপিৰ দৃষ্টিকোণেৰে চোৱাসকলে ইমান বিশাল এখন ৰাষ্ট্ৰৰ সামাজিক গাঁথনি বুজি নাপায়। ১৩০ কোটিৰো অধিক জনসংখ্যা থকা দেশখনত কেৱল জিডিপি বৃদ্ধিয়ে ইয়াক সম্পূৰ্ণৰূপে উন্নত কৰি তুলিব নোৱাৰে; বৰঞ্চ মানৱ-কেন্দ্ৰিক দৃষ্টিভংগীকো অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিজন ব্যক্তি আৰু প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালীকৰণৰ লক্ষ্য অবিহনে ৰাষ্ট্ৰখন সঁচা অৰ্থত সমৃদ্ধিশালী হ’ব নোৱাৰে।

শ্ৰী অমিত শ্বাহে কয় যে মীন পালনৰ ক্ষেত্ৰত সমবায় আমাৰ সকলো ভাই-ভনীৰ জীৱনৰ আধাৰ হৈ পৰিছে আৰু আমি এই দিশত আগবাঢ়িছোঁ। তেওঁ উল্লেখ কৰে যে ভৱিষ্যতে সংসাধন, ৰপ্তানিৰ অৰ্থে বৃহৎ সংগ্ৰহকাৰী জাহাজৰ পৰিকল্পনা কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰে সমবায়ৰ জৰিয়তে মাছ সংসাধন আৰু শীতল কেন্দ্ৰৰ লগতে ৰপ্তানি আৰু সংগ্ৰহকাৰী জাহাজৰ ব্যৱস্থা কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মীন পালনৰ বাবে একাধিক কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছে। ইয়াৰ ইতিবাচক ফলো লাভ কৰা গৈছে। ২০১৪-১৫ ত ভাৰতৰ মুঠ মীন উৎপাদন ১০২ লাখ টন আছিল, যি পৰিমাণ এতিয়া ১৯৫ লাখ টনলৈ বৃদ্ধি পাইছে। ঘৰুৱা উৎপাদন আছিল ৬৭ লাখ টন, যি পৰিমাণ এতিয়া ১৪৭ লাখ টনলৈ বৃদ্ধি পাইছে। সামুদ্ৰিক উৎপাদন ৩৫ লাখ টনৰ পৰা ৪৮ লাখ টনলৈ বৃদ্ধি পাইছে। ফ্ৰেছ ৱাটাৰ মীন পালন ১১৯ শতাংশ বৃদ্ধিৰে ৬৭ লাখ টনৰ পৰা ১৪৭ লাখ টনলৈ বৃদ্ধিৰ সমান্তৰালকৈ সামুদ্ৰিক উৎপাদন ৩৫ লাখ টনৰ পৰা ৪৮ লাখ টনলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে আমাৰ প্ৰায় ১১,০০০ কিমি দৈৰ্ঘ্যৰ উপকূলেৰে সামুদ্ৰিক উৎপাদন বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে। সমবায় মন্ত্ৰালয়ে এই সম্ভাৱনাক ব্যৱহাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু সমবায়-ভিত্তিক পদ্ধতিৰ জৰিয়তে লাভ আমাৰ মাছমৰীয়া ভাই-ভনীসকলে পোৱাটো নিশ্চিত কৰিছে।

CR5_1337 (1).JPG

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে এখন দেশ সঁচা অৰ্থত তেতিয়াহে সমৃদ্ধিশালী হয়, যেতিয়া প্ৰতিটো পৰিয়ালে নিজৰ সন্তানক উন্নত শিক্ষা প্ৰদান কৰিব পাৰে, তেওঁলোকৰ বাবে সুষম খাদ্যৰ ব্যৱস্থা কৰিব পাৰে, বৃদ্ধ আৰু শিশুৰ স্বাস্থ্যৰ যত্ন ল’ব পাৰে তথা আত্ম-নিৰ্ভৰ হ’ব পাৰে— তেতিয়াহে ৰাষ্ট্ৰখনক সমৃদ্ধিশালী বুলি গণ্য কৰিব পৰা যাব। মানৱ-কেন্দ্ৰিক দৃষ্টিভংগীৰে জিডিপি লাভ কৰিবলৈ সমবায়তকৈ উত্তম মাধ্যম নাই। তেওঁ কয় যে মহাৰাষ্ট্ৰৰ চেনি কলসমূহে ৰাজ্যখনৰ গাঁওসমূহ সমৃদ্ধকৰণৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আগবঢ়াইছে। চেনি কলৰ সমগ্ৰ লাভ পোনপটীয়াকৈ কৃষক ৰাইজৰ বেংক একাউন্টলৈ যায়। একেদৰে গুজৰাটতো আজি লাখ-লাখ মহিলাই আমূলৰ জৰিয়তে ৮০ হাজাৰ কোটি টকাৰ ব্যৱসায় অব্যাহত ৰাখিছে। এই ৮০ হাজাৰ কোটি টকাৰ সমগ্ৰ লাভ পশুপালনত নিয়োজিত মহিলাসকলে অৰ্জন কৰিছে আৰু এতিয়া আনকি স্নাতক তথা উচ্চ শিক্ষিত মহিলাসকলেও পেছাগতভাৱে পশুপালনৰ ব্যৱসায়ত মনোনিৱেশ কৰিছে। এয়াই আছিল আমাৰ পূৰ্বপুৰুষসকলৰ দৃষ্টিভংগী আৰু এয়াই হৈছে ভাৰতৰ মূল দৰ্শন।

***

RK/AK/RR/PS/SB
 


(Release ID: 2183185) Visitor Counter : 4