প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলৰ সৈতে ১ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মত বিনিময় আৰু সম্বোধন কৰিব

Posted On: 31 OCT 2023 5:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১ নৱেম্বৰ তাৰিখে সন্ধিয়া প্ৰায় ৪.৩০ বজাত নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলৰ সৈতে মত বিনিময় আৰু সম্বোধন কৰিব।

এই কাৰ্যসূচী হৈছে প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত খেলুৱৈসকলক তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনোৱা আৰু ভৱিষ্যতৰ প্ৰতিযোগিতাৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰাৰ এক প্ৰচেষ্টা। এছিয়ান পেৰা গেমছ ২০২২ত মুঠ পদকৰ সংখ্যা পূৰ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ (২০১৮ চনত) তুলনাত ৫৪ শতাংশ বৃদ্ধি পাইছে; আৰু লাভ কৰা ২৯টা স্বৰ্ণ পদক ২০১৮ চনত লাভ কৰাৰ তুলনাত প্ৰায় দুগুণ।

 

এই কাৰ্যসূচীত খেলুৱৈ, তেওঁলোকৰ প্ৰশিক্ষক, ভাৰতীয় পেৰালিম্পিক কমিটি আৰু ভাৰতীয় অলিম্পিক এছ’চিয়েচনৰ বিষয়াসকল, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ প্ৰতিনিধিসকল আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচীত খেলুৱৈ, তেওঁলোকৰ প্ৰশিক্ষক, ভাৰতীয় পেৰালিম্পিক কমিটি আৰু ভাৰতীয় অলিম্পিক বিষয়াসকল, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ প্ৰতিনিধিসকল আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

***

DS/LP/HS

 


(Release ID: 2182999) Visitor Counter : 5