প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ কেৱাদিয়াত ১৬০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
31 OCT 2023 7:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াত ১৬০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে একতা নগৰৰ পৰা আহমেদাবাদলৈ হেৰিটেজ ট্ৰেইন; জীৱন্ত নৰ্মদা আৰতিৰ বাবে প্ৰকল্প; কমলম পাৰ্ক; ষ্টেচু অৱ ইউনিটিৰ ভিতৰত পদপথ; ৩০ খন নতুন ই-বাছ, ২১০ খন ই-চাইকেল আৰু একাধিক গল্ফ কৰ্ট; একতা নগৰত চিটি গেছ বিতৰণ নেটৱৰ্ক আৰু গুজৰাট ৰাজ্যিক সমবায় বেংকৰ 'সহকাৰ ভৱন’। ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াত এটা ট্ৰ’মা চেণ্টাৰ আৰু এটা সৌৰ পেনেলৰ সৈতে উপ-জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
*****
DS/TS/HS
(रिलीज़ आईडी: 2182973)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam