প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে কৰা মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 09 DEC 2023 6:13PM by PIB Guwahati

নমস্কাৰ!

 

মোদীৰ ‘গেৰাণ্টীৰ বাহন’ক লৈ যি উৎসাহ প্ৰতিখন সৰু-বৰ গাঁৱত দেখা গৈছে, সেয়া ভাৰতৰ চুকে-কোণে দেখা গৈছে, সেয়া উত্তৰ, দক্ষিণ, পূব, পশ্চিম ইত্যাদি ইত্যাদি সকলোতে দেখা গৈছে।  মই জানিব পাৰিছো যে, যেতিয়া এই বাহনখন তেওঁলোকৰ পথেৰে পাৰ হৈ নাযায়, তেতিয়া মানুহে নিজেই  আহে, গাঁৱৰ ৰাস্তাৰ মাজত থিয় হৈ বাহনখন ৰখাই সকলো তথ্য লৈ যায়। গতিকে, এয়া  নিজৰ মাজতে অবিশ্বাস্য কথা হৈ পৰিছে। এতিয়া কিছুমান হিতাধিকাৰীৰ সৈতে মই  মত বিনিময় কৰিছো। মোক কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ত ১.৫ লাখতকৈ অধিক হিতাধিকাৰীয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ সুযোগ পাইছে আৰু এই অভিজ্ঞতাসমূহ লিপিবদ্ধও কৰা হৈছে। যোৱা ১০-১৫ দিনত মাজে মাজে উপলব্ধি কৰিছো গাঁৱৰ মানুহৰ অনুভৱ; আঁচনিসমূহ উপনীত হৈছে নে নাই; সেইবোৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছে নে নাই। তেওঁলোকে সকলো সবিশেষ জানে।

 

আপোনালোকৰ ভিডিঅ'বোৰ চালে মোৰ গাঁৱৰ ৰাইজে তেওঁলোকৰ হাতত উপলব্ধ চৰকাৰী আঁচনি সমূহৰ সদ্ব্যৱহাৰ কেনেদৰে কৰে সেয়া দেখি বৰ আনন্দ অনুভৱ কৰো। এতিয়া যদি কোনোবাই পকা ঘৰ পায় তেন্তে সেয়া তেওঁৰ জীৱনৰ এক নতুন আৰম্ভণি। কোনোবাই যদি টেপৰ পানী পায় তেন্তে অৱশেষত তেওঁৰ ঘৰত পানী পোৱাত তেওঁ সুখী অনুভৱ কৰে। কাৰণ ইয়াৰ আগলৈকে  পানীৰ অভাৱত তেওঁলোকে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছিল। কোনোবাই যদি শৌচাগাৰ পালে এই ‘ইজ্জত ঘৰ’ৰ বাবেই তেওঁ সুখী অনুভৱ কৰে । কাৰণ আগৰ দিনত শৌচাগাৰ কেৱল বিশিষ্ট মানুহৰ ঘৰতহে আছিল যদিও এতিয়া তেওঁৰ ঘৰতো শৌচাগাৰ আছে। গতিকে  এয়া  তেওঁৰ বাবে সামাজিক প্ৰতিপত্তিৰ বিষয় হৈ পৰিছে।

কিছুমানে বিনামূলীয়া চিকিৎসা লাভ কৰিছে; কিছুমানে বিনামূলীয়া ৰেচন পাইছে; কিছুমানে গেছ সংযোগ পাইছে; কিছুমানে বিদ্যুতৰ সংযোগ পাইছে; কিছুমানে বেংক একাউণ্ট খুলিছে; কিছুমানে পাই আছে পি এম কিষাণ সন্মান নিধি; কিছুমানে পাই আছে পি এম ফচল বীমা। কোনোবাই পি এম স্বনিধি যোজনাৰ সুবিধা পাইছে, কোনোবাই পি এম স্বামীত্ব যোজনাৰ অধীনত সম্পত্তিৰ কাৰ্ড পাইছে। অৰ্থাৎ এই সকলোবোৰ আঁচনি ভাৰতৰ চুকে-কোণে উপনীত হৈছে। দেশৰ বিভিন্ন গাঁৱৰ কোটি কোটি পৰিয়াল নিশ্চিতভাৱে কিবা নহয় কিবা   চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে। যেতিয়া কোনোবাই এই সুবিধাসমূহ পায় তেতিয়া তেওঁৰ আত্মবিশ্বাস বাঢ়ি যায় আৰু প্ৰতিটো সৰু সৰু লাভৰ লগে লগে তেওঁ জীৱনত জীয়াই থাকিবলৈ এক নতুন শক্তিৰ সৃষ্টি হয়। আৰু ইয়াৰ বাবে তেওঁলোকে বাৰে বাৰে কোনো চৰকাৰী কাৰ্যালয়লৈ যাব নালাগিছিল। সুবিধা লাভৰ বাবে ভিক্ষা কৰাৰ প্ৰয়োজন নাছিল। সেই মানসিক অৱস্থা এতিয়া নোহোৱা হৈ গ’ল। চৰকাৰে হিতাধিকাৰীসকলক চিনাক্ত কৰি সেইমতে  তেওঁলোকৰ মাজলৈ সুবিধা সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইবাবেই আজি মানুহে কয় যে মোদীৰ নিশ্চয়তা মানেই পূৰ্ণতাৰ নিশ্চয়তা।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

যিসকলে এতিয়ালৈকে চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাই এনে লোকৰ কাষ চাপিবলৈ বিকশিত ভাৰত সংকল্প যাত্ৰা এক মহান মাধ্যমত পৰিণত হৈছে। আৰম্ভ হোৱাৰ এমাহো পাৰ হোৱা নাই। মাত্ৰ দুই-তিনি সপ্তাহ হ’ল যদিও এই যাত্ৰা ৪০ হাজাৰৰো অধিক গাঁও পঞ্চায়ত আৰু বহু চহৰত উপনীত হৈছে। ই এক ডাঙৰ কথা,  কাৰণ ইমান কম সময়ৰ ভিতৰতে ১.২৫ কোটিৰো অধিক লোকে মোদীৰ নিশ্চয়তাৰ বাহনখনৰ ওচৰলৈ হাত আগবঢ়াইছে, ইয়াক আদৰণি জনাইছে, আৰু ইয়াক বুজিবলৈ তথা  ইয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে, লগতে ইয়াক সফল কৰি তোলাৰ বাবে কাম কৰিছে।

 

নিশ্চয়তাৰ এই বাহনখনৰ মানুহে শলাগ লৈছে আৰু আদৰণি জনাইছে। লগতে মোক কোৱা হৈছে যে বহু ঠাইত বিভিন্ন ধৰণৰ কাম-কাজ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ হৈ গৈছে। অৰ্থাৎ মই দেখিছোঁ যে এনে অভিযান যিটোৰ কোনো বিশিষ্ট নেতা নাই, কেৱল ভাৰতবৰ্ষক আগুৱাই নিয়াৰ, গাঁওখনক আগুৱাই নিয়াৰ, পৰিয়ালটোক আগুৱাই নিয়াৰ বাবে, চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি আগবাঢ়ি যোৱাৰ সংকল্পৰ ভিত্তিতহে এয়া  আগবাঢ়িছে। মই যি তথ্য পাইছো তাৰ পৰা এই নিশ্চয়তাৰ বাহন অহাৰ আগতেই গাঁওবাসীয়ে বিভিন্ন কামত নিয়োজিত হৈ আহিছে। উদাহৰণস্বৰূপে, কিছুমান গাঁৱত এসপ্তাহমান ব্যাপক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান চলাইছিল, কাৰণ মোদীৰ নিশ্চয়তাৰ বাহন আহিবলৈ ওলাইছে। গতিকে, সমগ্ৰ গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানত জড়িত হৈ পৰিল।

কোনো কোনো গাঁৱত পুৱা এঘণ্টা ধৰি প্ৰভাত ফেৰী কৰি আছিল, এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ সজাগতা সৃষ্টি কৰিছিল। কোনো কোনো ঠাইত বিদ্যালয়ত প্ৰাৰ্থনা সভাৰ সময়ত সচেতন শিক্ষকসকলে উন্নত ভাৰত কেনে  আৰু ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ নকৰালৈকে কেনেকৈ আগবাঢ়িব লাগিব সেই বিষয়ে কথা পাতিছে। এই শিশুসকলৰ বয়স যেতিয়া ২৫-৩০ বছৰ হ’ব তেতিয়া তেওঁলোকৰ ভৱিষ্যত কি হ’ব? এই সকলোবোৰ বিষয়কলৈ আজিকালি বিদ্যালয়ত চৰ্চা চলিছে। তাৰমানে সচেতন শিক্ষকসকলেও মানুহক অধিক শিক্ষিত কৰি আছে। স্কুলীয়া ল’ৰা-ছোৱালীয়ে বহু গাঁৱত ধুনীয়া ধুনীয়া ৰংগলী তৈয়াৰ কৰি নিশ্চয়তাৰ বাহনখনক আদৰি লৈছে। কোনো কোনোৱে ৰঙেৰে ৰংগলী  তৈয়াৰ কৰা নাছিল যদিও গাঁৱৰ ফুল, পাত, গছ-গছনি আৰু শুকান পাত ব্যৱহাৰ কৰি ৰংগলী  সৃষ্টি কৰিছিল। ৰংগলী বনোৱা হৈছে, মানুহে ধুনীয়া শ্লোগান লিখিছে, কিছুমান বিদ্যালয়ত শ্লোগান লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে কিছুমান গাঁৱত নিশ্চয়তাৰ  বাহনখন প্ৰতিটো ঘৰৰ দুৱাৰমুখত উপস্থিত হোৱাৰ এদিন আগতেই সন্ধিয়া ঘৰৰ বাহিৰত চাকি জ্বলাইছিল , যাতে সমগ্ৰ গাঁওখনত এক সুন্দৰ  পৰিৱেশৰ সৃষ্টি হয়। গতিকে এনে ধৰণৰ উৎসাহ ৰাইজৰ মাজত দেখিছো আৰু শুনিছো  যে যেতিয়া বাহন আহিবলৈ ওলায় কিছুমান মানুহ গাঁৱৰ বাহিৰলৈ যায় । তেওঁলোকে আৰতিৰ প্লেট, ফুল আদি পূজাৰ সামগ্ৰী আনি গাঁৱৰ প্ৰৱেশদ্বাৰ অৰ্থাৎ গাঁৱৰ বাহিৰত থকা  নাকা নামৰ গছজোপাৰ ওচৰলৈ  যায়। তালৈ গৈ বাহনখনক আদৰি নি  শ্লোগান দিয়ে আৰু বাহন খনক গাঁৱৰ  ভিতৰলৈ লৈ যায়। সমগ্ৰ গাঁওখনত উদযাপনৰ পৰিৱেশ সৃষ্টি হয় ।

 

'বিকশিত  ভাৰত সংকল্প যাত্ৰা'ক আদৰিবলৈ আমাৰ পঞ্চায়তসমূহে প্ৰতিখন গাঁৱতে  সুন্দৰ আদৰণি সমিতি গঠন কৰিছে বুলি জানিও আনন্দিত হৈছোঁ। গাঁৱৰ সকলো বয়োজ্যেষ্ঠ, সমাজৰ সকলো শ্ৰেণীৰ লোকক আদৰণি সমিতিসমূহত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আদৰণি সমিতিয়ে ৰাইজে ইয়াক আদৰণি জনোৱাৰ ব্যৱস্থা কৰি দায়িত্ব চম্ভালিছে। এতিয়া মই পৰামৰ্শ দিবলৈ চেষ্টা কৰিছো যে গাঁওবোৰক এই বাহনখনৰ আগমনৰ বিষয়ে এদিন বা দুদিন আগতীয়াকৈ জনাব লাগে - তাৰিখ আৰু সময় আদি জনাব লাগে। যদি গাঁৱৰ মানুহ ইমান উৎসাহিত হয় আৰু তেওঁলোকে আগতীয়াকৈ এই বিষয়ে জানে তেন্তে তেওঁলোকে ভাল প্ৰস্তুতি চলাব পাৰে। এই বাহনখন  য’লৈকে নাযায়,  তেনে ওচৰৰ দুই চাৰি পাঁচ কিলোমিটাৰৰ ভিতৰত থকা  সৰু সৰু চহৰ আৰু গাঁও গাঁওবোৰতো ইয়াৰ বিষয়ে ক’ব পাৰি আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বৃদ্ধসকলকো এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে।  লক্ষ্য কৰিছো তাত চেলফি পইণ্ট সৃষ্টি কৰা হৈছে। মানুহে বহু চেলফি তুলিছে আৰু আনকি গাঁৱৰ মহিলাসকলেও মোবাইল ফোন ব্যৱহাৰ কৰি চেলফি তুলি এই চেলফি আপলোড কৰি আছে। মই দেখিছোঁ যে মানুহবোৰ বৰ সুখী হৈছে।  মই সন্তুষ্ট কাৰণ এই যাত্ৰা দেশৰ চুকে-কোণে গৈ পোৱাৰ লগে লগে মানুহৰ উৎসাহো অধিক বাঢ়িছে।

ওড়িশাৰ বিভিন্ন স্থানত মানুহে পৰম্পৰাগত জনজাতীয় নৃত্য প্ৰদৰ্শন কৰিছে। এনে সুন্দৰ  নৃত্য পৰিবেশন কৰা হৈছে! এইদৰেই তেওঁলোকক আদৰণি জনোৱা হৈছে। পশ্চিম খাছি পাহাৰৰ কিছু লোকে মোলৈ সেই ঠাইৰ  ফটো আৰু ভিডিঅ' পঠাইছে। পশ্চিম খাছি পাহাৰৰ ৰামব্ৰাইত অনুষ্ঠানৰ সময়ত স্থানীয় ৰাইজে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। আন্দামান আৰু লাক্ষাদ্বীপ দূৰৈত অৱস্থিত। এনে ঠাইৰ কথা কোনেও নকয়। কিন্তু তাত থকা মানুহে এনে  অনুষ্ঠান আয়োজন কৰি আছে আৰু সেইবোৰ অতি সুন্দৰভাবে কৰা হৈছে। বৰফেৰে আৱৰি থকা কাৰ্গিলতো যেন আদৰণি কাৰ্যসূচীৰ কোনো অভাৱ ঘটা নাই। মোক কোৱা হৈছিল যে শেহতীয়া এখন অতি সৰু গাঁৱৰ এটা অনুষ্ঠানত প্ৰায় ৪০০০-৪৫০০ জন লোকৰ সমাগম হৈছিল । এনে অগণন উদাহৰণ প্ৰতিদিনে দেখা পোৱা গৈছে। ইয়াৰ সৈতে জড়িত কেইবাটাও ভিডিঅ’ চাইছো  আৰু সমগ্ৰ ছ’চিয়েল মিডিয়া সেইবোৰেৰে ভৰি পৰিছে।

 

মই ক’ম যে হয়তো মই  চলি থকা প্ৰতিটো কাম আৰু প্ৰতিটো প্ৰস্তুতিৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত  নহ’বও পাৰো। মানুহে বিভিন্ন ধৰণে ভিন্নতা আনিছে, ইয়াত বহুতো নতুন ৰং আৰু নতুন উৎসাহ যোগ কৰিছে। মই ভাবো যে  এইবোৰ কামৰ তালিকা এখন বনাব লাগে , যাতে এই তালিকাখন ৰাইজৰ বাবে উপযোগী হৈ পৰে , যাতে গাড়ীখন যেতিয়াই তেওঁলোকৰ ওচৰ পায়গৈ তেতিয়াই বাহনখনৰ আদৰণিৰ বাবে প্ৰস্তুতি চলাব পাৰে। ৰাইজৰ এই সকলোবোৰ পৰামৰ্শ আৰু অভিজ্ঞতা তেওঁলোকৰ বাবে উপযোগী হোৱা উচিত। গতিকে, একেখিনিৰ তালিকা এখন বনাই তেওঁলোকক পঠিয়াই দিলে গাঁৱে-ভূঞে উৎসাহ বৃদ্ধিত উপযোগী হ’ব। ইয়াৰ দ্বাৰা সেয়েহে যিবোৰ অঞ্চলত এই নিশ্চয়তাৰ বাহনখন উপনীত হ’ব, সেইবোৰ অঞ্চলৰ জনসাধাৰণৰ সহায়ক হ’ব৷ তেওঁলোকে হয়তো কিবা এটা কৰিব বিচাৰিব , কিন্তু কি কৰিব নাজানে; গতিকে তেওঁলোকেও সেই তালিকাৰ পৰা কিছু ধাৰণা পাব।

 

বন্ধুসকল,

চৰকাৰে অহৰহ চেষ্টা কৰি আছে যাতে মোদীৰ নিশ্চয়তাৰ বাহন ।যেতিয়া  আহিব তেতিয়া গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে সেই বাহনখন পাবই লাগিব। এজনে এঘণ্টাৰ বাবে কাম এৰিব লাগে। সকলোকে ইয়াৰ ওচৰলৈ লৈ যোৱা উচিত, শিশুকে ধৰি, আৰু বৃদ্ধসকলকো,  কাৰণ আমি দেশখনক আগুৱাই নিব লাগিব। যেতিয়া এনে হ’ব তেতিয়াহে আমি প্ৰতিগৰাকী  হিতাধিকাৰীৰ ওচৰলৈ যাব পাৰিম, তেতিয়াহে ১০০ শতাংশ প্ৰাপ্তিৰ সংকল্প পূৰণ হ’ব। আমাৰ এই প্ৰচেষ্টাৰ প্ৰভাৱো প্ৰতিখন গাঁৱতে দেখা গৈছে। মোদীৰ নিশ্চয়তা বেণ্ডৱেগনত উঠাৰ পিছত প্ৰায় ১ লাখ নতুন হিতাধিকাৰীয়ে উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া গেছ সংযোগৰ সুবিধাৰ বাবে   আবেদন কৰিছে। মই এইমাত্ৰ যিখন গাঁৱৰ কথা কৈছিলোঁ, সেইখন গাঁৱৰ দৰে কিছুমান গাঁও আছে; বিহাৰৰ পৰা অহা প্ৰিয়ংকা জীয়ে কৈ আছিল, ভাল লাগিল যে মোৰ গাঁৱৰ সকলোৰে ওচৰ পালেগৈ, কিন্তু কিছুমান গাঁৱত মাত্ৰ এজন বা দুজন মানুহ বাকী আছে। গতিকে এই বাহনখন যেতিয়া তেওঁলোকৰ ওচৰ পায় তেওঁলোকক  বিচাৰি উলিয়াই তেওঁলোককো সুবিধাসমূহ দিয়ে। এই ভ্ৰমণৰ সময়ত ৩৫ লাখৰো অধিক আয়ুষ্মান কাৰ্ডো থিতাতে দিয়া হৈছে। আৰু আয়ুষ্মান কাৰ্ডৰ অৰ্থ হ’ল, এক প্ৰকাৰে ই যিকোনো ৰুগীয়া ব্যক্তিৰ বাবে উন্নত জীৱন যাপনৰ এক বৃহৎ সুযোগৰ নিশ্চয়তা । নিশ্চয়তাৰ বাহনখনৰ সুবিধা লাভ কৰাৰ পিছত লাখ লাখ লোকে স্বাস্থ্য পৰীক্ষা কৰি আছে। মই অত্যন্ত সুখী যে ইয়াৰ লগতে সকলো ৰাজ্যতে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। গতিকে, গাঁৱলৈ ডাক্তৰ আহি আছে, তালৈ মেচিন লৈ যোৱা হৈছে, যাতে সকলোৱে স্বাস্থ পৰীক্ষা কৰিব পাৰে। স্বাস্থ্য পৰীক্ষা কৰিলে যিকোনো বেমাৰৰ বিষয়ে জানিব পৰা যায়। মই ভাবো এয়া  এক ডাঙৰ সেৱাৰ কাম; ই সন্তুষ্টি দিয়ে। পূৰ্বে স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ বুলি কোৱা আয়ুষ্মান আৰোগ্য মন্দিৰলৈ এতিয়া বৃহৎ সংখ্যক লোক গৈ আছে। এতিয়া মানুহে আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি কয়  আৰু তাত বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হৈছে।

 

বন্ধুসকল,

 

কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক, আৱেগিক সম্পৰ্ক আছে আৰু মই যেতিয়া কওঁ, আপোনালোক মোৰ পৰিয়ালৰ সদস্য, মোৰ পৰিয়ালৰ লোকৰ ওচৰলৈ হাত আগবঢ়াবলৈ আপোনালোকৰ সেৱক হোৱাৰ  এয়া এক বিনম্ৰ প্ৰচেষ্টা। এই বাহনখন আপোনালোকৰ গাওঁলৈ আহিছোঁ। কিয়? যাতে আপোনালোকৰ  সুখ-দুখত মই আপোনালোকৰ  সংগী হ'ব পাৰো; আপোনালোকৰ আশা আৰু আকাংক্ষা বুজিবলৈ় আৰু সেই আকাংক্ষা পূৰণৰ বাবে সমগ্ৰ চৰকাৰৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰো। আমাৰ চৰকাৰ 'মাই-বাপ' (এনানায়কত্ববাদ)ৰ চৰকাৰ নহয়, বৰঞ্চ আমাৰ চৰকাৰ মাতৃ-পিতৃৰ সেৱক চৰকাৰ। শিশুৱে যেনেকৈ মাক-দেউতাকৰ সেৱা কৰে, এইজন মোদীয়েও আপোনালোকক একেদৰেই সেৱা কৰে।  মোৰ বাবে দুখীয়া, বঞ্চিত, সেই সকলো অৱহেলিত মানুহ, যাৰ বাবে আগতে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰ বন্ধ হৈ আছিল, তেওঁলোক এতিয়া মোৰ প্ৰাধান্য। কেৱল মোদীয়ে তেওঁলোকক প্ৰথম হিচাবে  বিবেচনা কৰাই নহয়, মোদীয়ে তেওঁলোকক পূজাও কৰে। মোৰ বাবে দেশৰ প্ৰতিজন দুখীয়া মানুহ ভিআইপি। দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু কন্যা মোৰ বাবে ভিআইপি। দেশৰ প্ৰতিজন কৃষক মোৰ বাবে ভিআইপি। দেশৰ প্ৰতিজন যুৱক মোৰ বাবে ভিআইপি।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

শেহতীয়াকৈ দেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ এতিয়াও বহু চৰ্চা হৈ আছে। এই নিৰ্বাচনী ফলাফলসমূহে স্পষ্ট কৰি দিছে যে মোদীৰ নিশ্চয়তা বৈধ। মোদীৰ নিশ্চয়তাক ইমান বিশ্বাস কৰা সকলো ভোটাৰৰ প্ৰতি মই কৃতজ্ঞ।

 

কিন্তু বন্ধুসকল,

প্ৰশ্ন হয় আমাৰ বিৰুদ্ধে থিয় দিয়াসকলক দেশে কিয় বিশ্বাস নকৰে? আচলতে কিছুমান ৰাজনৈতিক দলে মিছা  ঘোষণা কৰি একো লাভ নহ'ব বুলি সহজ কথাটোকে বুজিব পৰা নাই। ছ’চিয়েল মিডিয়াত নহয়, ৰাইজৰ মাজত গৈ উপস্থিত থাকিহে নিৰ্বাচনত জয়ী হয়। নিৰ্বাচনত জয়ী হোৱাৰ আগতে ৰাইজৰ হৃদয় জয় কৰাটো প্ৰয়োজনীয়। জনবিবেকক তুচ্ছজ্ঞান কৰাটো সঠিক নহয়। কিছুমান বিৰোধী দলে যদি ৰাজনৈতিক স্বাৰ্থপৰতাৰ পৰিৱৰ্তে সেৱাৰ মনোভাৱক সৰ্বোচ্চ বুলি গণ্য কৰি সেৱাৰ মনোভাৱক নিজৰ কাম বুলি পালন  কৰিলেহেঁতেন , তেন্তে দেশৰ এক বৃহৎ জনসংখ্যাই দৰিদ্ৰতা, সমস্যা আৰু দুখ-কষ্টৰ মাজত জীয়াই নাথাকিলেহেঁতেন। দশক দশক ধৰি চৰকাৰ চলাই থকাসকলে যদি সততাৰে কাম কৰিলেহেঁতেন, আজি মোদীয়ে যি নিশ্চয়তা দিছে সেয়া ৫০ বছৰ আগতেই পূৰণ হ’লহেঁতেন৷

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

বিকশিত ভাৰত সংকল্প যাত্ৰা চলি আছে। এই অভিযানত আমাৰ মহিলাসকলেও বৃহৎ সংখ্যাত  যোগদান কৰিছে; আমাৰ মাতৃ আৰু ভগ্নীসকলে অংশগ্ৰহণ কৰিছে। মোদীৰ নিশ্চয়তাৰ বাহনখনৰ সৈতে ফটো ক্লিক কৰাৰ বাবেও তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আছে। জানেনে  দৰিদ্ৰৰ বাবে ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। কোনোবাই কল্পনা কৰিব পাৰেনে যে আমাৰ দেশত ইমান কম সময়ৰ ভিতৰতে দৰিদ্ৰ লোকক ৪ কোটি ঘৰৰ ব্যৱস্থা কৰা হৈছে আৰু মোৰ আটাইতকৈ বেছি আনন্দ এয়াই যে এই ঘৰবোৰৰ হিতাধিকাৰীৰ ৭০ শতাংশই মহিলা। অৰ্থাৎ যদি এখন গাঁৱত ১০ টা ঘৰ নিৰ্মাণ কৰা হয়, তেন্তে তাৰ ভিতৰত ৭ টা ঘৰ সেই মাতৃৰ নামত পঞ্জীয়ন কৰা পকা  ঘৰ, যিসকলৰ আগতে তেওঁলোকৰ নামত কোনো সম্পত্তি নাছিল। আজি মুদ্ৰা ঋণৰ প্ৰতি ১০ গৰাকী হিতাধিকাৰীৰ ভিতৰত ৭ গৰাকীয়েই মহিলা। কিছুমানে দোকান খুলিছে; কিছুমানে টেইলাৰিং আৰু এম্ব্ৰয়ডাৰীৰ কাম আৰম্ভ কৰিছে; কিছুমানে চেলুন, পাৰ্লাৰ আৰু এনেধৰণৰ  বহু ব্যৱসায় আৰম্ভ কৰিছে। আজি দেশৰ ১০ কোটি ভগ্নী প্ৰতিখন গাঁৱতে আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে। এই গোটসমূহে ভগ্নীসকলক অতিৰিক্ত উপাৰ্জনৰ উপায় প্ৰদান কৰি দেশৰ উন্নয়নত অংশগ্ৰহণ কৰাৰ প্ৰত্যক্ষ সুযোগ প্ৰদান কৰিছে।

 

মহিলাসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। মই এনে এটা সংকল্প লৈছো যিটো হয়তো কোনো ভাতৃয়ে গোটেই জীৱন অগণন ৰক্ষাবন্ধন পালন কৰিও ল’ব নোৱাৰে। মোদীয়ে সংকল্প লৈছে- গাঁৱে-ভূঞে চলি থকা আত্মসহায়ক গোটবোৰৰ পৰা মোৰ ভগ্নী  দুকোটি ভগ্নীক  ‘লাখপতি দিদি’ বনাব বিচাৰো , যাতে তেওঁ গৌৰৱেৰে থিয় হৈ ক’ব পাৰে, ‘মই এগৰাকী লাখপতি দিদি৷ মোৰ উপাৰ্জন এক লাখ টকাতকৈও বেছি’। মাত্ৰ কেইদিনমান আগতে চৰকাৰে এখন  আঁচনি প্ৰস্তুত  কৰিছে - 'নমো ড্ৰোন দিদি' বা  'নমো দিদি' । মই এতিয়া নতশিৰ হৈ এই ভগ্নীসকলক নমস্কাৰ কৰিছো। তেওঁলোকৰ শক্তিক মই সন্মান কৰো।

এই অভিযানৰ জৰিয়তে প্ৰথম অৱস্থাত আমি ১৫ হাজাৰ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰশিক্ষণ দিম, তেওঁলোকক ‘নমো ড্ৰোন দিদি’লৈ ৰূপান্তৰিত কৰিম আৰু তাৰ পিছত তেওঁলোকক ড্ৰোন দিয়া হ’ব। গাঁৱত কীটনাশক ছটিওৱা, সাৰ ছটিওৱা বা শস্যৰ নিৰীক্ষণ অথবা পানী যোগানৰ তদাৰক কৰা আদি কামবোৰ ড্ৰোনৰ সহায়ত কৰিব পাৰিব। ঠিক ট্ৰেক্টৰৰ সহায়ত কৰা খেতিৰ কামৰ দৰেই। গাঁৱত বসবাস কৰা আমাৰ ভগ্নী-কন্যাসকলকো ড্ৰোন উৰণৰ প্ৰশিক্ষণ দিয়া হ'ব। এই প্ৰশিক্ষণৰ অন্তত ভগ্নী-কন্যাই লাভ কৰিব ‘নমো ড্ৰোন দিদি’ৰ পৰিচয়, যাক সাধাৰণ ভাষাত ‘নমো দিদি’ বুলিও কোৱা হয়। 'নমো দিদি' ভাল কথা , কাৰণ প্ৰতিখন গাঁৱতে মানুহে ভনীসকলক চেলুট দিবলৈ আৰম্ভ কৰিব। এই ‘নমো দিদি’য়ে দেশৰ কৃষি ব্যৱস্থাক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰাই নহয়, এই মহিলাসকলে উপাৰ্জনৰ অতিৰিক্ত উপায়ো লাভ কৰিব। ফলত কৃষি খণ্ডত এক ব্যাপক পৰিৱৰ্তন আহিব। আমাৰ খেতি বিজ্ঞানসন্মত, আধুনিক, প্ৰযুক্তিগত হ’ব আৰু যেতিয়া মাতৃ-ভগ্নীয়ে সেয়া কৰিব, তেতিয়া সকলোৱে তাক মানি ল'ব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

নাৰী শক্তিয়েই  হওক, যুৱ শক্তিয়েই হওক, কৃষকেই হওক বা আমাৰ দুখীয়া ভাই-ভনীয়েই  হওক, বিকশিত  ভাৰতৰ সংকল্প যাত্ৰাৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আচৰিত ধৰণৰ । এই যাত্ৰাত প্ৰতিখন গাঁৱতে ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কাম কৰা আমাৰ এক লাখৰো অধিক যুৱ খেলুৱৈক বঁটা প্ৰদান  তথা সন্মান জনোৱা বুলি জানি মই আনন্দিত অনুভৱ কৰিছো। ইয়াৰ দ্বাৰা যুৱ খেলুৱৈসকলক ক্ৰীড়াৰ জগতখনত আগবাঢ়ি যাবলৈ এক বৃহৎ উৎসাহ যোগাব। আপোনালোকে  নিশ্চয় দেখিছে যে মানুহে নমো এপ ডাউনলোড কৰিছে। একেদৰে যুৱক-যুৱতীসকলো প্ৰতিখন গাঁৱতে ‘মেৰা ভাৰত স্বেচ্ছাসেৱক’ হৈ পৰিছে। আমাৰ পুত্ৰ-কন্যাই যি উৎসাহেৰে ‘মোৰ ভাৰত স্বেচ্ছাসেৱক’ৰ ৰূপত এই অভিযানত যোগদান কৰিছে আৰু পঞ্জীয়ন কৰিছে, তেওঁলোকৰ শক্তি ভৱিষ্যতে গাঁওখনৰ তথা দেশৰ ৰূপান্তৰৰ বাবে অতি উপযোগী হ’ব। ই ভাৰতৰ সংকল্পক মজবুত কৰিছে। এই সকলো স্বেচ্ছাসেৱকক মই দুটা কাম দিম। 'মাই ভাৰত'ত পঞ্জীয়ন কৰা সকলে মোবাইলত নমো এপটো ডাউনলোড কৰক। ইয়াত এটা নতুন কথা সংযোজন কৰা হৈছে আৰু সেয়া হৈছে ‘বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত’ হোৱাৰ সুযোগ। নিজকে ‘বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত’ হিচাপে পঞ্জীয়ন কৰক। 'বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব লওক আৰু তাত যি উল্লেখ আছে তাকেই কৰক। এই কামত প্ৰতিদিনে ১০ জন নতুন মানুহ যোগ কৰি ইয়াক এটা আন্দোলনলৈ ৰূপান্তৰিত কৰক। মহাত্মা গান্ধীৰ যুগত সত্যাগ্ৰহত যোগদান কৰা সেইসকল মানুহৰ দৰে আমিও। অৱশ্যে আমি স্বেচ্ছাসেৱকৰ এটা দল গঠন কৰিব লাগিব যি ‘বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত’ হ’ব আৰু উন্নত ভাৰত গঢ়াৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিব।

 

দ্বিতীয়তে, ভাৰতৰ বিকাশ হ’লেও মোৰ নৱপ্ৰজন্ম এতিয়াও দুৰ্বল হৈয়েই আছে। গোটেই দিনটো টিভিৰ সন্মুখত বহি, গোটেই দিনটো মোবাইল ফোন চাই থাকে আৰু হাত-ভৰিও লৰচৰ নকৰে। গতিকে, যেতিয়া দেশখন সমৃদ্ধিৰ দিশে আগবাঢ়িব,তেতিয়াও যদি  মোৰ যুৱশক্তি  শক্তিশালী নহয়, তেতিয়া দেশে কেনেকৈ আগবাঢ়িব? ই কেনেকৈ উপকৃত হ’ব? সেয়েহে আপোনালোকৰ বাবে মোৰ আন এটা অনুৰোধ আছে। নমো এপত ‘বিকশিত ভাৰত এম্বেছাদৰ’ৰ কামৰ দৰেই আমিও গাঁৱে-ভূঞে ফিট ইণ্ডিয়া আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰা উচিত।  মই মোৰ দেশৰ যুৱক-যুৱতী, পুত্ৰ-কন্যা উভয়কে ক’ব বিচাৰো যে তেওঁলোক শাৰীৰিকভাৱে শক্তিশালী হ’ব লাগে, দুৰ্বল হ’ব নালাগে। যেনে, দুই-চাৰি কিলোমিটাৰ অতিক্ৰম কৰিবলৈ বাছ বা টেক্সি বিচাৰি থকা উচিত নহয়। খোজ কাঢ়িব পৰা হ’ব লাগে। কাৰণ, আমাক সাহসী সকলক লাগে!

'মোৰ যুৱ ভাৰত'ৰ স্বেচ্ছাসেৱকসকলে ইয়াক আগুৱাই নিব লাগে আৰু মই আপোনালোকক ফিট ইণ্ডিয়াৰ ক্ষেত্ৰত চাৰিটা কথা ক'ব বিচাৰিছো। এই চাৰিটা কথাক সদায় অগ্ৰাধিকাৰ দিয়ক। এইবোৰ নিশ্চয় অনুসৰণ কৰক। প্ৰথমে নিশ্চিত হওক যে আপুনি যিমান পাৰে পানী খাব। এজনে দিনটোৰ ভিতৰত কেইবাবাৰো  পানী খাব লাগে। শৰীৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ফিট ইণ্ডিয়াৰ বাবে মোৰ যুৱক-যুৱতীলৈ মোৰ এই আহ্বান। দ্বিতীয়তে হ’ল পুষ্টি; আমাৰ বাজৰাবোৰে অপৰিসীম পুষ্টি আৰু শক্তি প্ৰদান কৰে। বাজৰা খোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰথম – পানী, দ্বিতীয় – পুষ্টি, তৃতীয় – মল্লযুঁজ। মল্লযুঁজ বুলি ক’লে মই বুজাব বিচাৰিছো কিছু ব্যায়াম, ৱৰ্ক-আউট, দৌৰা; যিকোনো খেল খেলা, গছত ওলোমা ইত্যাদি ইত্যাদি। আৰু চতুৰ্থ- পৰ্যাপ্ত টোপনি। পৰ্যাপ্ত টোপনি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। এই চাৰিটা কাম ফিট ইণ্ডিয়াৰ বাবে প্ৰতিখন গাঁৱতে কৰিব পৰা যায়। ইয়াৰ বাবে গাঁৱত কোনো নতুন ব্যৱস্থাৰ প্ৰয়োজন নাই। চাওক, এটা সুস্থ শৰীৰৰ বাবে আমাৰ চাৰিওফালে বহুত আছে। ইয়াৰ সুবিধা আমি ল’ব লাগিব। যদি আমি এই চাৰিটা কথাত গুৰুত্ব দিওঁ ,তেন্তে আমাৰ যুৱক-যুৱতীসকল সুস্থ হৈ উঠিব আৰু যেতিয়া আমাৰ যুৱক-যুৱতীসকল সুস্থ হৈ উঠিব আৰু ভাৰত বিকশিত হ’ব ,তেতিয়া এই যুৱক-যুৱতীসকলে ইয়াৰ সৰ্বাধিক সুবিধা লোৱাৰ সুযোগ পাব। গতিকে ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো এয়া  গুৰুত্বপূৰ্ণ।

 

উন্নত ভাৰতৰ বাবে ধনেই একমাত্ৰ বস্তু নহয়। বিভিন্ন  ধৰণৰ কাম কৰিব লাগিব। আজি মই এটা কামৰ কথা উল্লেখ কৰিছো আৰু সেয়া হ’ল ‘ফিট ইণ্ডিয়া’। মোৰ যুৱশক্তি, ল’ৰা-ছোৱালীবোৰ সুস্থ হৈ থকা উচিত। আমি কোনো যুদ্ধলৈ গৈ যুঁজিব নালাগে, কিন্তু যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সম্পূৰ্ণ শক্তি থাকিব লাগে। আৰু  দুই-চাৰি ঘণ্টা কাম কৰিবলগীয়া হ’লেও কিছু ভালদৰে শেষ কৰিবলৈ সম্পূৰ্ণ শক্তি থাকিব লাগিব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

এই ‘সংকল্প যাত্ৰা’ৰ সময়ত আমি যি সংকল্প লৈছো সেয়া কেৱল কেইটামান বাক্য নহয়। বৰং এইবোৰ আমাৰ জীৱনৰ মন্ত্ৰ হ’ব লাগে। চৰকাৰী কৰ্মচাৰীয়েই হওক, বিষয়াই হওক, জনপ্ৰতিনিধিয়েই হওক, সাধাৰণ নাগৰিকেই হওক, আমি সকলোৱে সম্পূৰ্ণ সমৰ্পনৰ মনোভাবেৰে একত্ৰিত হ’ব লাগিব। সকলোৱে চেষ্টা কৰিব লাগিব, তেতিয়াহে ভাৰতৰ বিকাশ সম্ভৱ হৈ পৰিব। আমি এখন উন্নত ভাৰতৰ সপোন পূৰণ কৰিব লাগিব; আমি একেলগে কাম কৰিব লাগিব। সঁচাকৈয়ে সুখী অনুভৱ কৰিছো, কাৰণ আজি সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ সদস্যৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ সুযোগ পাইছো। এই অনুষ্ঠানটো ইমানেই আচৰিত, ইমানেই আচৰিত যে যাত্ৰাৰ সময়ত সময় পালে কেইদিনমানৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিবলৈ মন গৈছে।  ইয়াৰ পিছত য’ত যাত্ৰা হ’ব সেই গাঁৱৰ মানুহৰ লগতো কথা পাতিবলৈ  ভাল পাম। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ!

 

***

DS/ VJ / IG / AK/DM


(रिलीज़ आईडी: 2182279) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam