গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰলৈ এছডিআৰএফ-ৰ কেন্দ্ৰীয় অংশৰ ২য় কিস্তি হিচাপে ১৯৫০.৮০ কোটি টকাৰ অগ্ৰিম মুকলিত অনুমোদন জনায়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ কাষত থিয় হৈ প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে
২০২৫-২৬ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ-ৰ অধীনত ২৭ খন ৰাজ্যলৈ ১৩,৬০৩.২০ কোটি টকা আৰু এনডিআৰএফ-ৰ অধীনত ১৫ খন ৰাজ্যলৈ ২,১৮৯.২৮ কোটি টকা মুকলি কৰি দিছে
এইবাৰৰ বাৰিষাৰ সময়ছোৱাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৩০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এনডিআৰএফ-ৰ সৰ্বাধিক ১৯৯ টা টীম মোতায়েন কৰা হৈছিল
Posted On:
19 OCT 2025 4:34PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৫-২৬ বৰ্ষৰ বাবে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰলৈ এছডিআৰএফ-ৰ কেন্দ্ৰীয় অংশৰ ২য় কিস্তি হিচাপে ১,৯৫০.৮০ কোটি টকাৰ অগ্ৰিম মুকলিত অনুমোদন জনাইছে। চলিত বৰ্ষৰ দক্ষিণ-পশ্চিম বাৰিষাৰ সময়ছোৱাত প্ৰবল বৃষ্টিপাত আৰু বানপানীৰ পৰিণতিত ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিক সাহায্য আগবঢ়োৱাত সহায়ৰ বাবে মুঠ ১,৯৫০.৮০ কোটি টকাৰ ভিতৰত কৰ্ণাটকলৈ ৩৮৪.৪০ কোটি আৰু মহাৰাষ্ট্ৰলৈ ১,৫৬৬.৪০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত কেন্দ্ৰীয় চৰকাৰ বান, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ পৰিণতিত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহলৈ সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ বদ্ধপৰিকৰ।
এইবাৰ কেন্দ্ৰই ইতিমধ্যে এছডিআৰএফ-ৰ অধীনত ২৭ খন ৰাজ্যলৈ ১৩,৬০৩.২০ কোটি টকা আৰু এনডিআৰএফ-ৰ অধীনত ১৫ খন ৰাজ্যলৈ ২,১৮৯.২৮ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ উপৰিও ৰাজ্যিক দুৰ্য্যাগ প্ৰশমন পুঁজিৰ (SDMF) পৰা ২১ খন ৰাজ্যলৈ ৪,৫৭১.৩০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন পুঁজিৰ (NDMF) পৰা ০৯ খন ৰাজ্যলৈ ৩৭২.০৯ কোটি টকা মুকলি কৰি দিছে।
কেন্দ্ৰীয় চৰকাৰে বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহত প্ৰয়োজনীয় এনডিআৰএফ টীম, সেনাৰ টীম আৰু বায়ুসেনাৰ সহায় নিয়োগকে প্ৰমুখ্য কৰি সকলো লজিষ্টিক সহায় আগবঢ়াই আহিছে। এইবাৰৰ বাৰিষাৰ সময়ছোৱাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৩০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এনডিআৰএফ-ৰ সৰ্বাধিক ১৯৯ টা টীম মোতায়েন কৰা হৈছিল।
*****
RK / AK / RR / PS/SB
(Release ID: 2180916)
Visitor Counter : 3