প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

পিএমএনআৰএফ-ৰ পৰা সাহায্য ঘোষণা

Posted On: 14 OCT 2025 10:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু-আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;

"ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। এই কঠিন সময়ত প্ৰাণহানি হোৱা লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। মই আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।

পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী"

@narendramodi

***

MJPS/VJ/SB
 


(Release ID: 2179337) Visitor Counter : 4