প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আহমেদাবাদৰ ৰামকৃষ্ণ মঠে আয়োজন কৰা এক কাৰ্য্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 09 DEC 2024 3:33PM by PIB Guwahati

শ্ৰদ্ধাৰ স্বামী গৌতমানন্দ জী মহাৰাজ, দেশ-বিদেশৰ ৰামকৃষ্ণ মিছন আৰু মঠৰ সন্মানীয় সন্তসকল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল আৰু এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল, নমস্কাৰ!

গুজৰাটৰ সন্তান হিচাপে আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মই মা সাৰদা, গুৰুদেৱ ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দ জীৰ চৰণত প্ৰণাম জনাইছোঁ। স্বামী প্ৰেমানন্দ মহাৰাজ জীৰ জন্ম বাৰ্ষিকী উপলক্ষে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মই তেওঁকো শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

বন্ধুসকল,

মহান ব্যক্তিত্বৰ শক্তিয়ে বহু শতিকা ধৰি বিশ্বৰ ইতিবাচক সৃষ্টিৰ সম্প্ৰসাৰণ কাৰ্য্য অব্যাহত ৰাখিছে। সেইবাবেই আজি আমি স্বামী প্ৰেমানন্দ মহাৰাজৰ জন্ম বাৰ্ষিকীত এনে এক পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। লেখাম্বাত নৱ-নিৰ্মিত প্ৰাৰ্থনা ভৱন আৰু সাধু আৱাসে ভাৰতৰ সাধু পৰম্পৰাক লালন-পালন কৰিব। ইয়াত সেৱা আৰু শিক্ষাৰ এক যাত্ৰা আৰম্ভ হৈছে, যিয়ে আগন্তুক বহু প্ৰজন্মক উপকৃত কৰিব। শ্ৰীৰামকৃষ্ণ মন্দিৰ, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেল, বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, চিকিৎসালয়, অতিথিশালা আদি আধ্যাত্মিকতাৰ প্ৰসাৰ আৰু মানৱতাৰ সেৱাৰ মাধ্যম হৈ পৰিব। মই এক প্ৰকাৰে গুজৰাটত দ্বিতীয়খন ঘৰ বিচাৰি পাইছোঁ। সন্তৰ সংগ আৰু আধ্যাত্মিক পৰিবেশত মোৰ আত্মাই শান্তি অনুভৱ কৰে। এই উপলক্ষে আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

সনান্দৰ এই অঞ্চলটোৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। ইয়াত মোৰ বহু পুৰণি বন্ধু আৰু আধ্যাত্মিক সংগী আছে। ইয়াত ইমান সময় কটাইছিলোঁ, বহু ঘৰত থাকি, মাতৃ-ভগ্নীসকলে ৰন্ধা খাদ্য গ্ৰহণ কৰিছিলোঁ। তেওঁলোকৰ আনন্দ-দুখৰ সমভাগী হৈছিলোঁ। ইয়াৰ বন্ধুসকলে জানে এই অঞ্চলটো কিমান সংগ্ৰামৰ সন্মুখীন হৈছে। এই অঞ্চলত যি অৰ্থনৈতিক উন্নয়নৰ প্ৰয়োজন আছিল, সেয়া এতিয়াহে বাস্তৱত পৰিণত হৈছে। মনত আছে, আগতে বাছেৰে যাত্ৰা কৰাৰ প্ৰয়োজন হ’লে ৰাতিপুৱা এখন বাছ আৰু গধূলি এখন বাছ আছিল, গতিকে বেছিভাগ লোকেই চাইকেলেৰে যাত্ৰা কৰিছিল। এই অঞ্চলটোক মই ভালদৰে জানোঁ, যেন এয়া মোৰ এটা অংশ। মই বিশ্বাস কৰোঁ যে আমাৰ প্ৰচেষ্টা আৰু নীতিৰ সমান্তৰালকৈ সন্তসকলৰ আশীৰ্বাদেও এনে পৰিৱৰ্তনত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এতিয়া সময় সলনি হোৱাৰ লগে-লগে সমাজৰ প্ৰয়োজনীয়তাও সলনি হৈছে। আশা কৰোঁ এই অঞ্চলটো অৰ্থনৈতিক আৰু আধ্যাত্মিক উভয় উন্নয়নৰ কেন্দ্ৰবিন্দু হৈ উঠে। কাৰণ সুষম জীৱনৰ বাবে বস্তুগত সম্পদ আৰু আধ্যাত্মিকতা উভয়ে সমানেই অপৰিহাৰ্য্য। আমাৰ সন্ত আৰু চিন্তাবিদসকলৰ নিৰ্দেশনাত সনান্দ আৰু গুজৰাট এই দিশত আগবঢ়া প্ৰত্যক্ষ কৰি মই আনন্দিত হৈছোঁ।

বন্ধুসকল,

এজোপা বৃক্ষৰ সম্ভাৱনা সম্পৰ্কে ইয়াৰ বীজৰ পৰাই উমান পোৱা যায়। ৰামকৃষ্ণ মঠ তেনে এজোপা বৃক্ষ, যাৰ বীজত স্বামী বিবেকানন্দৰ দৰে মহান তপস্বীৰ অসীম শক্তি নিহিত আছিল। গতিকে ইয়াৰ নিৰন্তৰ সম্প্ৰসাৰণ আৰু ই মানৱজাতিক প্ৰদান কৰা ছাঁ সীমাহীন। ৰামকৃষ্ণ মঠৰ সাৰমৰ্ম বুজিবলৈ হ’লে স্বামী বিবেকানন্দক বুজিব লাগিব আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি তেওঁৰ শিক্ষাক জীয়াই ৰাখিব লাগিব। এবাৰ তেওঁৰ চিন্তাধাৰাক অনুসৰণেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰা মাত্ৰেকে অনুভৱ হ’ব যে কেনেকৈ এক দিব্য আলোকে আপোনাক পথ-প্ৰদৰ্শন কৰিছে। মই ব্যক্তিগতভাৱে এই অভিজ্ঞতা লাভ কৰিছোঁ। পুৰণি সাধুসকলৰ জ্ঞাত যে ৰামকৃষ্ণ মিছন, ইয়াৰ সাধুসকল আৰু স্বামী বিবেকানন্দৰ চিন্তাধাৰাই মোৰ জীৱনটোক কেনেকৈ পথ-প্ৰদৰ্শন কৰিছে। সেইবাবেই যেতিয়াই সুযোগ পাওঁ, এই পৰিয়ালটোৰ অংশ হ’বলৈ আৰু আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰোঁ। সন্তসকলৰ আশীৰ্বাদত মিছনৰ বহু কামত অৱদান আগবঢ়োৱাৰ সৌভাগ্য হৈছে। ২০০৫-ত বড়োদৰাৰ ডিলাৰাম বাংলো ৰামকৃষ্ণ মিছনৰ হাতত অৰ্পণৰ সৌভাগ্য লাভ কৰিছিলোঁ। স্বামী বিবেকানন্দ জীয়ে ইয়াত কিছু সময় কটাইছিল। ময়ো সৌভাগ্যৱান যে পূজনীয় স্বামী আত্মস্থানন্দ জী নিজেই উপস্থিত আছিল, কিয়নো তেওঁৰ পৰা শিকিবলৈ আৰু মোৰ আধ্যাত্মিক যাত্ৰাত তেওঁৰ পথ-প্ৰদৰ্শন লাভৰ সুযোগ পাইছিলোঁ। বাংলোৰ নথি-পত্ৰ তেওঁৰ হাতত তুলি দিয়াটো মোৰ বাবে সৌভাগ্যৰ কথা আছিল আৰু স্বামী আত্মস্থানন্দ জীৰ মৰম আৰু আশীৰ্বাদ তেওঁৰ শেষ মুহূৰ্তলৈকে মোৰ জীৱনৰ বাবে এক বৃহৎ সম্পদ হৈ আছিল।

বন্ধুসকল,

মই মিছনে আয়োজন কৰা একাধিক কাৰ্য্যসূচী আৰু অনুষ্ঠানৰ অংশ হোৱাৰ সুযোগ লাভ কৰিছোঁ। আজি বিশ্বজুৰি ৰামকৃষ্ণ মিছনৰ ২৮০ ৰো অধিক কেন্দ্ৰ আছে আৰু ভাৰতত ৰামকৃষ্ণ অভিযানৰ সৈতে জড়িত প্ৰায় ১২০০ আশ্ৰম আছে। এই আশ্ৰমসমূহে মানৱ সেৱাৰ কেন্দ্ৰ হিচাপে কাম কৰি আছে। গুজৰাট দীৰ্ঘদিন ধৰি ৰামকৃষ্ণ মিছনৰ কাম-কাজৰ সাক্ষী হৈ আহিছে। যোৱা কেইটামান দশকত যেতিয়াই গুজৰাটলৈ কোনো সংকট আহিছে, তেতিয়াই ৰামকৃষ্ণ মিছন সদায় ৰাজ্যবাসীৰ কাষত আছে, জনসাধাৰণৰ বাবে কাম কৰি আহিছে। অতীতৰ সকলো ঘটনা যদি মনত পেলাওঁ তেন্তে বহু সময় লাগিব। কিন্তু চুৰাটৰ বানপানীৰ সময়, মৰ্বি বান্ধৰ ট্ৰেজেডী, ভূজৰ ভূমিকম্পৰ পিছৰ পৰিণতি, দুৰ্ভিক্ষৰ সময়, অত্যধিক বৰষুণৰ সময়বোৰ আপোনালোকৰ মনত আছে। গুজৰাটত যেতিয়াই কোনো দুৰ্য্যোগ সংঘটিত হৈছিল, তেতিয়াই ৰামকৃষ্ণ মিছনৰ সৈতে জড়িত লোকসকল ভুক্তভোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। ভূমিকম্পত ধ্বংস হোৱা ৮০ খনৰো অধিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণত ৰামকৃষ্ণ মিছনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজিও গুজৰাটৰ জনসাধাৰণে এই সেৱাৰ কথা মনত ৰাখি প্ৰেৰণা লাভ কৰে।

বন্ধুসকল,

গুজৰাটৰ সৈতে স্বামী বিবেকানন্দ জীৰ এক বিশেষ সম্পৰ্ক আছিল। তেওঁৰ জীৱন যাত্ৰাত গুজৰাটে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। স্বামী বিবেকানন্দ জীয়ে গুজৰাটৰ বহু ঠাই ভ্ৰমণ কৰিছিল। ইয়াতেই স্বামী জীয়ে প্ৰথমে চিকাগো বিশ্ব ধৰ্ম সংসদৰ বিষয়ে জানিব পাৰিছিল। ইয়াত তেওঁ কেইবাখনো শাস্ত্ৰ অধ্যয়ন কৰি বেদান্ত প্ৰচাৰৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। ১৮৯১-লৈকে স্বামীজী পোৰবন্দৰৰ ভোজেশ্বৰ ভৱনত কেইবামাহো থাকিছিল। গুজৰাট চৰকাৰে এই ভৱনটো ৰামকৃষ্ণ মিছনৰ হাতত অৰ্পণ কৰি স্মৃতি মন্দিৰ হিচাপে গঢ়ি তুলিছিল। আপোনালোকৰ হয়তো মনত আছে যে ২০১২-ৰ পৰা ২০১৪-লৈ গুজৰাট চৰকাৰে স্বামী বিবেকানন্দৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰিছিল। গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতৰ লগতে বিদেশৰ হাজাৰ-হাজাৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰা সামৰণি অনুষ্ঠানটো পৰম উৎসাহেৰে অনুষ্ঠিত হৈছিল। মই আনন্দিত যে গুজৰাটৰ সৈতে স্বামী জীৰ সংযোগৰ স্মৃতিত এতিয়া গুজৰাট চৰকাৰে স্বামী বিবেকানন্দ পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।

ভ্ৰাতৃ-ভগ্নীসকল,

স্বামী বিবেকানন্দ আছিল আধুনিক বিজ্ঞানৰ এগৰাকী পৰম সমৰ্থক। স্বামী জীয়ে বিশ্বাস কৰিছিল যে বিজ্ঞানৰ গুৰুত্ব কেৱল বস্তু বা ঘটনাৰ বৰ্ণনাতেই নহয়, বৰঞ্চ আমাক প্ৰেৰণা যোগোৱা আৰু আগুৱাই নিয়াতো বিজ্ঞানে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি আধুনিক প্ৰযুক্তিবিদ্যা, বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ বাতাবৰণেৰে ভাৰতৰ ক্ৰমবৰ্ধমান উপস্থিতি আৰু আধুনিক আন্তঃগাঁথনি প্ৰকল্পৰাজি তথা বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰাজিয়ে ভাৰত দেশখনৰ জ্ঞান পৰম্পৰা আৰু প্ৰাচীন শিক্ষাৰ ভিত্তিত দ্ৰুতগতিত আগবঢ়া কাৰ্য্যকে প্ৰতিফলিত কৰিছে। স্বামী বিবেকানন্দৰ মতে যুৱ শক্তি হৈছে ৰাষ্ট্ৰৰ মেৰুদণ্ড। স্বামী জীয়ে এবাৰ কৈছিল, "মোক আত্মবিশ্বাস আৰু শক্তিৰে ভৰা ১০০ জন যুৱক দিয়ক, মই ভাৰতক ৰূপান্তৰিত কৰিম।" এতিয়া আমি এই দায়িত্ব লোৱাৰ সময় আহি পৰিছে। আমি অমৃত কালৰ নতুন যাত্ৰা আৰম্ভ কৰিছোঁ, এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)-ৰ প্ৰতি এক দৃঢ় দায়বদ্ধতাৰে আগবঢ়া হৈছে। আমি এই লক্ষ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰণ কৰিব লাগিব। আজি ভাৰত বিশ্বৰ আটাইতকৈ যুৱ প্ৰধান ৰাষ্ট্ৰ আৰু ইয়াৰ যুৱক-যুৱতীসকলে ইতিমধ্যে বিশ্বৰ মঞ্চত নিজৰ সামৰ্থ্য প্ৰতিপন্ন কৰিছে।

ভাৰতৰ এই যুৱ শক্তিয়েই বিশ্বৰ প্ৰধান কোম্পানীসমূহক আগুৱাই নিছে। ভাৰতৰ এই যুৱ শক্তিয়েই ৰাষ্ট্ৰখনৰ উন্নয়নকো আগুৱাই নিছে। আজি ৰাষ্ট্ৰৰ হাতত সময়, সুযোগ, সপোন, দৃঢ়তা আছে আৰু সফলতাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। গতিকে ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰতিটো ক্ষেত্ৰতে আমি আমাৰ যুৱক-যুৱতীসকলক নেতৃত্বৰ বাবে সাজু কৰিব লাগিব। আজি আমাৰ যুৱক-যুৱতীসকলেও ৰাজনীতিত দেশক নেতৃত্ব প্ৰদান কৰিব লাগিব, ঠিক তেনেদৰে তেওঁলোকে প্ৰযুক্তিবিদ্যা আৰু আন-আন ক্ষেত্ৰতো বৰঙণি আগবঢ়াইছে। ৰাজনীতিক আমি এতিয়া বংশগত বা পৰিয়ালৰ সম্পত্তি বুলি গণ্য কৰা সকলৰ ওপৰত এৰি দিব নোৱাৰোঁ। আমি আগন্তুক বছৰ অৰ্থাৎ ২০২৫-ত নতুন আৰম্ভণিৰ বাবে প্ৰস্তুতি চলাইছোঁ। ২০২৫-ৰ ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে দিল্লীত "যুৱ নেতা সংলাপ" অনুষ্ঠিত হ'ব, ইয়ালৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা ২০০০ নিৰ্বাচিত যুৱক-যুৱতীক আমন্ত্ৰণ জনোৱা হ'ব। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আন লাখ-লাখ যুৱক-যুৱতীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ইয়াত যোগদান কৰিব। আলোচনাত যুৱ দৃষ্টিকোণৰ পৰা ‘বিকশিত ভাৰত’-ত গুৰুত্ব আৰোপ কৰা হ’ব আৰু যুৱক-যুৱতীসকলক ৰাজনীতিত জড়িতকৰণৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা হ’ব। আমাৰ লক্ষ্য হৈছে এক লাখ প্ৰতিভাৱান আৰু সবল যুৱক-যুৱতীক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ অনা আৰু এই যুৱক-যুৱতীসকলেই একবিংশ শতিকাৰ ভাৰতৰ ৰাজনীতি আৰু ভাৰতৰ ভৱিষ্যতৰ নতুন মুখ হৈ পৰিব।

বন্ধুসকল,

এই শুভ অনুষ্ঠানত আমাৰ পৃথিৱীখনক উন্নত কৰি তুলিব পৰা দুটা গুৰুত্বপূৰ্ণ ধাৰণাও মনত ৰখাটো প্ৰয়োজনীয়ঃ আধ্যাত্মিকতা আৰু বহনক্ষম উন্নয়ন। এই দুটা ধাৰণাৰ সমন্বয় সাধনেৰে আমি এটা উন্নত ভৱিষ্যৎ গঢ়ি তুলিব পাৰোঁ। স্বামী বিবেকানন্দই আধ্যাত্মিকতাৰ ব্যৱহাৰিক দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিচাৰিছিল যে আধ্যাত্মিকতাই সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। তেওঁ কেৱল চিন্তাৰ শুদ্ধিকৰণত নহয়, চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। অৰ্থনৈতিক উন্নয়ন, সমাজ কল্যাণ আৰু পৰিবেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আমি বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’ব পাৰোঁ। স্বামী বিবেকানন্দ জীৰ চিন্তাই আমাক এই লক্ষ্যৰ দিশত পথ-প্ৰদৰ্শন কৰিব। আমি জানোঁ যে আধ্যাত্মিকতা আৰু বহনক্ষমতা উভয়তে ভাৰসাম্য গুৰুত্বপূৰ্ণ। এটাই মনত ভাৰসাম্য সৃষ্টি কৰে, আনটোৱে আমাক প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকায়। গতিকে ৰামকৃষ্ণ মিছনৰ দৰে প্ৰতিষ্ঠানে আমাৰ অভিযানক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে বুলি মোৰ বিশ্বাস। “মিছন লাইফ”-ৰ দৰে অভিযান আৰু ‘এক পেড় মা কে নাম’-ৰ দৰে অভিযানৰ ৰামকৃষ্ণ মিছনৰ জৰিয়তে অধিক সম্প্ৰসাৰণ হ’ব।

বন্ধুসকল,

স্বামী বিবেকানন্দই ভাৰতক এখনি শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে চাব বিচাৰিছিল। তেওঁৰ সপোনক বাস্তৱায়িত কৰিবলৈ এতিয়া দেশখন সেই দিশত আগবাঢ়িছে। এই সপোন অতি সোনকালে পূৰণ হওঁক আৰু এখনি শক্তিশালী তথা সক্ষম ভাৰতে পুনৰবাৰ মানৱতাক পথ-প্ৰদৰ্শন কৰক। ইয়াৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকে গুৰুদেৱ ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ শিক্ষাক আকোৱালি ল’ব লাগিব। এনেধৰণৰ পৰিঘটনা আৰু সন্তসকলৰ প্ৰচেষ্টা এই লক্ষ্য সাধনৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। পুনৰবাৰ এই অনুষ্ঠানৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাই সমূহ পূজনীয় সাধুক শ্ৰদ্ধাৰে সোঁৱৰিছো। আজিৰ এই নতুন আৰম্ভণি, নতুন শক্তি স্বামী বিবেকানন্দৰ সপোন পূৰণৰ ভেটি হওঁক। সকলোকে অশেষ ধন্যবাদ জনালোঁ।

***

MJPS/ST/RK/SB
 


(रिलीज़ आईडी: 2179018) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam