প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এল কে আদৱানী জীৰ জন্মদিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
08 NOV 2024 8:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এল কে আদৱানী জীৰ জন্মদিনত তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী এল কে আদৱানিজীক ভাৰতৰ অন্যতম প্ৰশংসিত ৰাষ্ট্ৰনেতা বুলি অভিহিত কৰে। তেওঁ ভাৰতৰ বিকাশৰ বাবে নিজকে উৎসৰ্গা কৰিছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এল কে আদৱানী জীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰী এল কে আদৱানী জীৰ জন্মদিনত তেখেতলৈ বহুত বহুত শুভকামনা জনাইছো। এই বছৰটো আৰু অধিক বিশেষ হ'ল কিয়নো তেওঁ দেশৰ প্ৰতি আগবঢ়োৱা অসামান্য সেৱাৰ বাবে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হ'ল। ভাৰতৰ সবাতোকৈ প্ৰশংসিত ৰাষ্ট্ৰনেতাসকলৰ ভিতৰত তেওঁ ভাৰতৰ বিকাশৰ বাবে নিজকে উৎসৰ্গা কৰিছে। তেওঁ সদায় তেওঁৰ বুদ্ধিমত্তা আৰু সমৃদ্ধ অন্তৰ্দৃষ্টিৰ বাবে সন্মানিত হৈ আহিছে। মই সৌভাগ্যৱান যে বহু বছৰ ধৰি মই তেওঁৰ নিৰ্দেশনা লাভ কৰিছো। মই তেওঁৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছো।
MJPS/VJ
(रिलीज़ आईडी: 2178303)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam